Logo
image

১৬ ঘণ্টাৰ ভিতৰত দ্বিতীয়টো ভূমিকম্পঃ অসমসহ উত্তৰ পূবত পুনৰ ভূমিকম্পৰ জোকাৰণি

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমকে ধৰি উত্তৰ পূবৰ কেবাখনো ৰাজ্যত যেন বিগত কেইটামান দিনত মৃদু ভূমিকম্পৰ উজান উঠিছে৷ কিয়নো মাত্ৰ ১৬ ঘণ্টাৰ বিৰতিৰ পাছত পুনৰ সোমবাৰে পুৱা এটা মৃদু প্ৰাবল্যৰ ভূমিকম্পই  অসম, মেঘালয়কে ধৰি উত্তৰ পূবৰ কেইবাখনো ৰাজ্যৰ এক বিস্তীৰ্ণ অঞ্চল জোকাৰি যায়। 

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই  সদৰি কৰা অনুসৰি  ভাৰতীয় মান সময় মতে পুৱা ৭ বাজি ৪৭ মিনিট ১৪ চেকেণ্ডত প্ৰায় ১৫ চেকেণ্ড মান সময়ৰ বাবে অনুভূত হোৱা  ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্রাৱল্যৰ পৰিমাণ আছিল ৩.৫ কম্পনাংক। তেনেদৰে ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল অসমৰ কামৰূপ জিলাৰ গাতে লগা মেঘালয়ৰ পশ্চিম খাচী পাহাৰ পাহাৰ জিলাৰ উত্তৰ পূব দিশত ৫  কিলোমিটাৰ গভীৰতাত। অৱশ্যে ভূমিকম্পটো মৃদু প্ৰাবল্যৰ হোৱা বাবে ক্ষয়-ক্ষতিৰ বাতৰি অহা নাই। 

ইয়াৰ মাত্ৰ ১৬ ঘণ্টা পূৰ্বে দেওবাৰে বিয়লি  ৩.৫ কম্পনাংকৰ মৃদু প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গৈছিল। সেই ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল অসমৰ গোৱালপাৰা জিলাৰ গাতে লগা দক্ষিণ গাৰো পাহাৰ জিলা। আনকি ১৭ এপ্ৰিলতো এটা ভূমিকম্পই জোকাৰি গৈছিল অসম আৰু মেঘালয়ৰ এক বিস্তীৰ্ণ অঞ্চল।  উল্লেখযোগ্য যে বিগত সময়চোৱাত অসমৰ উপৰি উত্তৰ পূৰ্বাঞ্চলৰ কেবাখনো ৰাজ্য আৰু গাতে লগা ম্যানমাৰ সীমান্ততো কেবাটাও মৃদু আৰু মধ্যমীয়া  প্ৰাব্যলৰ ভূমিকম্পই জোকাৰি  গৈছে। যাৰ বাবে বহু ভূতত্ত্ব বিজ্ঞানীয়ে আগন্তুক দিনত উত্তৰ পূবত পুনৰ বৃহৎ ভূমিকম্প অহাৰ আশংকা থকাৰ সম্ভাৱনা আছে বুলি সদৰি কৰিছে।