Logo
image

ভেক্‌চিনৰ পাশ্বৰ্ক্ৰিয়া প্ৰস্তুতকাৰীক জৰিমনা

আমাৰ অসম,২৫ এপ্ৰিলঃ মহামাৰী ক’ভিডৰ বাবে যুঁজ দিয়াৰ ক্ষেত্ৰত  প্ৰধান অস্ত্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল চিকিৎসা বিজ্ঞানৰ অভিনৱ উদ্ভাৱন ক’ভিশ্বিল্ড ভেক্‌চিন৷ পুনেৰ ছিৰাম ইনষ্টিটিউটে প্ৰস্তুত কৰা ক’ভিশ্বিল্ড ভেক্‌চিন দেশৰ কোটি কোটি জনতাক ল’বলৈ বাধ্য কৰিছিল কেন্দ্ৰৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰে৷ আনকি ভেক্‌চিন নোলোৱা ব্যক্তিক ৰাজহুৱা স্থানত ওলোৱাতো নিষেধাজ্ঞা আৰোপ কৰিছিল অসমৰ তদানীন্তন স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ বহুতে ভেক্‌চিনৰ  গ্ৰহণযোগ্যতাক লৈ সন্দেহ প্ৰকাশ কৰিছিল যদিও চৰকাৰৰ কঠোৰ স্থিতিৰ বাবেই অনিচ্ছা স্বত্বেও ভেক্‌চিন ল’বলৈ বাধ্য হেছিল৷ অতি উদ্বেগজনক বিষয়টো হৈছে ভাৰতত বিশেষভাৱে ব্যৱহৃত ক’ভিশ্বিল্ড আৰু ক’ভাক্সিনৰ ভেক্‌চিনৰ ২-৩ পালিকৈ লোৱাৰ পাছত এতিয়া বিভিন্নজনৰ পাশ্বৰ্ক্ৰিয়াৰ গুৰুতৰ অভিযোগ উঠিছে৷ আনকি ভেক্‌চিনৰ পাশ্বৰ্ক্ৰিয়াৰ বাবেই হঠাতে হৃদক্ৰিয়া বন্ধ হৈ সুস্থ সবল লোকৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱা বুলিও চৰ্চা লাভ কৰিছে৷ এনে সময়তে ক’ভিশ্বিল্ড ভেক্‌চিনৰ পাশ্বৰ্ক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত ক’ভিশ্বিল্ড ভেকচিন প্ৰস্তুত কৰা পুনেৰ ছিৰাম ইনষ্টিটিউটৰ মুখ্য কাৰ্যবাহী বিষয়া আদৰ পুনাৱাল্লালৈ ১০ হাজাৰ কোটি টকাৰ ক্ষতিপূৰণ আদায়ৰ বাবে মহাৰাষ্ট্ৰৰ নাগপুৰৰ এখন আদালতে জাননী জাৰি কৰিছে৷ দৈনিক দেশোন্নতি নামৰ সংবাদ পত্ৰখনৰ জ্যেষ্ঠ সম্পাদক তথা সমাজকৰ্মী প্ৰকাশ গোপাল ৰাও পোহৰে আদালতৰ জৰিয়তে ছিৰাম ইনষ্টিটিউটৰ সঞ্চালক পুনাৱাল্লালৈ ক্ষতিপূৰণৰ এই জাননী জাৰি কৰিছে৷ অৱশ্যে আদালতৰ উক্ত জাননী লাভ কৰাৰ পাছতো আদৰ পুনাৱাল্লাই বৰ্তমানলৈ কোনো সঁহাৰি জনোৱা নাই বুলি জানিব পৰা গৈছে৷ উল্লেখ্য, স্বেচ্ছাসেৱী সংগঠন পৰ্যবেক্ষণ ভাৰত আন্দোলন চমুকৈ [অ’ আই এম] অন্যতম সদস্য হৈছে গোচৰীয়া প্ৰকাশ গোপাল ৰাও পোহৰ৷ দীৰ্ঘদিনৰে পৰা স্বেচ্ছাসেৱী সংগঠন অ’ এম আই ফালৰ পৰা ক’ভিশ্বিল্ড ভেক্‌চিনৰ  পাশ্বৰ্ক্ৰিয়াক লৈ সজাগতা চলাই আহিছে৷ সংস্থাটোৱে ক’ভিশ্বিল্ডৰ পাশ্বৰ্ক্ৰিয়াৰ ফলত মৃত্যু হোৱা ৰোগীৰ প্ৰায় তিনি শতাধিক চিকিৎসা প্ৰতিবেদনৰ ভিত্তিতে ছিৰাম ইনষ্টিটিউটৰ চি ই অ’ আদৰ পুনাৱাল্লাৰ বিৰুদ্ধে ১০ হাজাৰ কোটি টকা ক্ষতিপূৰণৰ গোচৰ ৰুজু কৰিছে৷ প্ৰতিবেদনত ছিৰাম ইনষ্টিটিউটৰ চি ই অ’ আদৰ পুনাৱাল্লাই ক’ভিশ্বিল্ড ভেক্‌চিনৰ ভয়াৱহ পাশ্বৰ্ক্ৰিয়াৰ দিশটো জনসাধাৰণৰ পৰা লুকুৱাই ৰখাৰ গুৰুতৰ অভিযোগ কৰিছে৷ অভিযোগ অনুসৰি বিশেষকৈ কম বয়সীয়া যুৱক-যুৱতীসকলে ক’ভিশ্বিল্ড ভেক্‌চিনৰ ফলত গুৰুতৰ ৰোগৰ সন্মুখীন হৈছে৷ বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত হৃদৰোগৰ হাৰ বৃদ্ধি পাইছে৷ ইয়াৰোপৰি পক্ষাঘাত, আঠুৰ বিষ, গাঁঠিৰ বিষ, দৃষ্টিশক্তি হ্ৰাস পোৱা, ডায়েবেটিছ, বৃক্কজনিত ৰোগ, কৰ্কট, ছৰ্ম ৰোগৰ লগতে মানসিক অসুস্থতাত ভোগা বুলিও ভয়ংকৰ অভিযোগ কৰা হৈছে৷ লগতে ভেকচিন লোৱাৰ ফলত মানৱ শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পোৱা বুলিও গৱেষণালব্ধ তথ্য দাখিল কৰিছে৷ তদুপৰি ২১খনকৈ ইউৰোপীয়ান ৰাষ্ট্ৰই ক’ভিশ্বিল্ড ভেক্‌চিন পাশ্বৰ্ক্ৰিয়াৰ বাবেই নিষিদ্ধ ঘোষণা কৰাৰ তথ্যও উল্লেখ কৰিছে৷ আদৰ পুনাৱাল্লা আৰু তেওঁৰ সহযোগী বিল গেট্‌ছে ভাৰত চৰকাৰৰ সৈতে মিলি দেশত ক’ভিশ্বিল্ড ব্যৱহাৰৰ বাবে এৰি দিয়াৰ কথাও উল্লেখ কৰিছে৷ লক্ষণীয়ভাৱে ৰাজহুৱা স্বাৰ্থ জড়িত এই গোচৰটোত দেশৰ অধিবক্তা সংগঠনেও গোচৰীয়া পক্ষক সহযোগিতা আগবঢ়াইছে৷ ইফালে ক’ভিশ্বিল্ড ভেকচিনৰ পাশ্বক্ৰিয়াৰ বাবে ডাঃ এছ লুনাৱাট নামৰ প্ৰখ্যাত চিকিৎসকজনৰ মৃত্যুৰ অভিযোগ তুলিও ইতিপূৰ্বে বোম্বাই উচ্ছ ন্যায়ালয়ত আদৰ পুনাৱাল্লা আৰ বিল গেট্‌ছৰ বিৰুদ্ধে ১ হাজাৰ কোটি টকাৰ ক্ষতিপূৰণৰ আন এটা গোচৰো ৰুজু হৈছে৷ তদুপৰি দেশৰ প্ৰায় ৩ হাজাৰ লোকে প্ৰত্যক্ষভাৱে ক’ভিশ্বিল্ড পাশ্বৰ্ক্ৰিয়াৰ বাবে ৪ লাখ কোটি টকাৰ ক্ষতিপূৰণ বিচাৰি ছিৰাম ইনষ্টিটিউটলৈ আইনী জাননী প্ৰেৰণ কৰিছে৷