Logo
image

তিনিচুকীয়া জিলা ধুমুহাবিধবস্ত, স্কুল বন্ধ

আমাৰ অসম,২৫ এপ্ৰিলঃ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ধুমুহাৰ তাণ্ডৱ৷ বিগত ৪৮ ঘণ্টাত তিনিচুকীয়াকে প্ৰমুখ্য কৰি ১২খন জিলাত ধুমুহাই বিস্ফোৰক পৰিস্থিতিৰ সৃষ্টি কৰে৷ তিনিচুকীয়াৰ উপৰি হাইলাকান্দি, হোজাই, গোৱালপাৰা, ডিব্ৰুগড়, ডিমা হাচাও, কাছাৰ, ধুবুৰী, বঙাইগাঁও, নগাঁও, গোলাঘাট আৰু চৰাইদেউ জিলাৰ ২৮টা ৰাজহ চক্ৰৰ অন্তৰ্গত ২৩০খন গাঁও ধুমুহাত ক্ষতিগ্ৰস্ত হৈছে৷ ঘৰ-বাৰী হেৰুৱাইছে ৪২,৪৯৫জন লোকে৷ এই সময়ছোৱাত  ধুমুহাত তিনিচুকীয়া জিলাত দুজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে নগাঁৱত এজন লোকৰ মৃত্যু হৈছে৷ শনিবাৰে নিশা অহা বিধবংসী ধুমুহা তথা শিলাবৃষ্টিৰ পাছত দেওবাৰে সন্ধিয়া পুনৰ এজাক প্ৰচণ্ড ধুমুহাই কোবাই যোৱা তিনিচুকীয়া জিলালৈ এতিয়াও স্বাভাৱিক পৰিস্থিতি ঘূৰি অহা নাই৷ উল্লেখ্য, শনি আৰু দেওবাৰৰ ধুমুহা তথা শিলাবৃষ্টিত তিনিচুকীয়া চহৰৰ লগতে তিনিচুকীয়া আৰু ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত বহু গাঁও ব্যাপক ক্ষয়-ক্ষতিৰ সন্মুখীন হৈছে৷ বাটে-পথে উভালি পৰিছে অসংখ্য সৰু-বৰ গছ৷ বিধবস্ত হৈছে বিস্তীৰ্ণ খেতিপথাৰ৷ জিলা প্ৰশাসনে ধুমুহাত ক্ষতিগ্ৰস্ত এলেকাসমূহৰ পৰা উভালি পৰা গছ আঁতৰাই বাট-পথ মুকলি কৰাৰ লগতে বিভিন্ন এলেকাত বিদ্য়ুতৰ খুঁটাসমূহ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ ফলত বিছিন্ন হৈ পৰা  বিজুলীসংযোগ পুনৰুদ্ধাৰ বাবে তীব্ৰ অভিযান অব্যাহত ৰাখিছে যদিও এতিয়াও বহু অঞ্চল শনিবাৰে নিশাৰ পৰা বিদ্য়ুৎ বিচ্ছিন্ন হৈ আছে৷ তিনিচুকীয়াৰ উপায়ুক্ত স্বপ্নীল পালে তৎকালীনভাৱে ধুমুহা তথা শিলাবৃষ্টিত হোৱা ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলৰ বাবে তাৎক্ষণিকভাৱে যাৱতীয় সাহায্যৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগক দিয়া নিৰ্দেশ অনুসৰি পুনৰুদ্ধাৰৰ অভিযান অব্যাহত আছে৷ ইতিমধ্যে তিনিচুকীয়া জিলা প্ৰশাসনে জনসাধাৰণৰ সুবিধাৰ্থে দুটা হেল্পলাইন নম্বৰ মুকলি কৰিছে৷ জনসাধাৰণে ৯৩৬৫১১৮৫০৩ আৰু ৯৩৯৪৫৮৫৬২২ নম্বৰৰ জৰিয়তে ধুমুহা তথা শিলাবৃষ্টিত হোৱা ক্ষয়-ক্ষতিৰ বিষয়ে প্ৰশাসনক অৱগত কৰিব পাৰিব৷ ইতিমধ্যে প্ৰশাসনে ক্ষতিগ্ৰস্ত পৰিয়ালৰ মাজত টাৰ্পলিন আদি বিতৰণ কৰিছে৷ আনহাতে, ধুমুহা তথা শিলাবৃষ্টিৰ ফলত সৃষ্টি হোৱা ক্ষয়-ক্ষতিৰ প্ৰতি লক্ষ্য ৰাখি উপায়ুক্ত স্বপ্নীল পালে এক নিৰ্দেশনাযোগে টিনপাত, টাৰ্পলিন, বাঁহ আদিৰ লগতে ঘৰৰ চালৰ মেৰামতি তথা অস্থায়ী আশ্ৰয়স্থল নিৰ্মাণৰ বাবে প্ৰয়োজনীয় অন্যান্য সামগ্ৰীৰ মূল্যবৃদ্ধি নকৰিবলৈ আহ্বান জনাইছে৷ এই নিৰ্দেশনাৰ উলংঘা কৰিলে দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰকাশ৷ উল্লেখ্য, শনিবাৰ নিশাৰ প্ৰবল ধুমুহাত দুৰ্ভাগ্যজনকভাৱে মৃত্যুমুখত পৰা ৰাইডাং চাহ বাগিচাৰ বিজয় মানকী আৰু বৰডুবি চাহ বাগিচাৰ দেৱ কুমাৰ ঠাকুৰৰ নিকতাত্মীয়ক ৪ লাখকৈ মৰোণোত্তৰকালীন সাহায্য হিচাপে প্ৰদান কৰা হৈছে৷ ইফালে ধুমুহাত বিধবস্ত তিনিচুকীয়াত আজি উপায়ুক্তই এক নিৰ্দেশযোগে ছাত্ৰ-ছাত্ৰীসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষানুষ্ঠানসমূহ বন্ধ ঘোষণা কৰে৷

জোনাইত ধুমুহাত তচনচ শিক্ষানুষ্ঠান

‘আমাৰ অসম’ৰ প্ৰতিবেদক, জোনাইঃ কালি সন্ধিয়া অহা প্ৰচণ্ড ধুমুহা আৰু প্ৰবল বৰষুণৰ ফলত পুনৰ বিস্তৰ ক্ষতিগ্ৰস্ত হ’ল জোনাই ৰাজহ চক্ৰৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ ৰ নং বিষ্ণুপুৰ, ১ নং মলান, ২ নং মলান, ৩ নং মলান, লংকা, ২ নং উলুৱনী, টাকাবাৰী, মধ্যপুৰ, ১ নং বদলপুৰ, ২ নং বদলপুৰ, ৩ নং বদলপুৰ, পাখ্ৰীগুৰী, বগৰীগুৰী, ১ নং কৰ্ণপুৰ, ২ নং কৰ্ণপুৰ, শিয়ালমাৰী, বিক্ৰমপুৰ, দমকলঘাট, মেচাকি চাপৰি, কদমগুৰী, গয়লা গাওঁ, মেচাকি চাপৰি মোহনামুখ আদি গাঁৱৰ লগতে ডেকাপাম অঞ্চলৰ উদয়পুৰ, নাহৰণি চিমেন চাপৰিৰ বিভিন্ন অঞ্চলটো কালি সন্ধিয়া অহা প্ৰচণ্ড ধুমুহা আৰু ধাৰাষাৰ বৃষ্টিপাতৰ ফলত অসংখ্য পৰিয়ালৰ ঘৰত তামোল, ফলমূলৰ গছ-গছনি উভালি পৰাৰ লগতে বিদ্য়ুতৰ তাঁৰ খুঁটা হালি পৰে৷ যাৰ ফলত চৌবিশ ঘণ্টা ধৰি চিমেন চাপৰি, ডেকাপাম আদি অঞ্চলত বিদ্য়ুৎ সেৱা ব্যাহত হৈ আছে৷ ইফালে দেওবাৰে সন্ধিয়া হঠাৎ অহা প্ৰচণ্ড ধুমুহাত জোনাইৰ ২নং মিলনপুৰৰ কুলাজান ব’ৰ্ডাৰ মধ্য ইংৰাজী বিদ্যালয়খন ধুমুহাই ভাঙি তচ-নচ কৰাৰ উপৰিও বিদ্যালয়খনৰ বহু প্ৰয়োজনীয় নথি-পত্ৰও নষ্ট কৰে এই ধুমুহাই৷ অতি পিছপৰা অঞ্চলখনত থকা একমাত্ৰ শিক্ষানুষ্ঠানখন হঠাৎ হোৱা ধুমুহাত ভাঙি তচ-নচ হোৱাত কণ কণ শিশু-শিক্ষাৰ্থীসকলৰ পাঠদান এতিয়া বন্ধ হৈ পৰা পৰিলক্ষিত হৈছে৷ গতিকে জোনাই মহকুমা প্ৰশাসনৰ লগতে বিভাগীয় কতৃৰ্পক্ষই অতিশীঘ্ৰে পৰিদৰ্শন কৰি বিদ্যালয়খন পুনৰ মেৰামতি কৰি শীঘ্ৰে পুনৰ পাঠদান আৰম্ভ কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে৷

লখিমপুৰত ধুমুহাই ভাঙিলে বহু হিতাধিকাৰীৰ ঘৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰঃ দেওবাৰে লখিমপুৰত অহা এজাক প্ৰচণ্ড ধুমুহা বতাহে বহু গৃহ তচ-নচ কৰি পেলোৱাৰ লগতে বিদ্যুৎসংযোগো বিছিন্ন কৰে৷ বিধবংসী ধুমুহা বতাহৰ ফলত বহু গছ-গছনি উভালি পৰি বিস্তৰ ক্ষতিসাধন কৰে৷ পৰিতাপৰ কথা যে এনে ধুমুহা বতাহে জিলাখনৰ একাংশ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহৰ বিস্তৰ ক্ষতিসাধন কৰে৷ জিলাখনৰ চাবতি, বগলীজান, কমলাবাৰীয়া, লখিমপুৰ, পানীগাঁও, উত্তৰ তেলাহী, আজাদ, ঘূনাসুতি আদি গাঁও পঞ্চায়তৰ বহু আধৰুৱা প্ৰধানমন্ত্ৰী আৱাসগৃহ তচ-নচ কৰি পেলোৱাত দৰিদ্ৰ হিতাধিকাৰীসকলৰ মাজত হাহাকাৰ লাগে৷ পৰিতাপৰ কথা যে এনে পঞ্চায়তসমূহৰ হাজাৰ হাজাৰ হিতাধিকাৰীয়ে পি এম এ ৱাইৰ গৃহ লাভ কৰাৰ পাছত তেওঁলোকে প্ৰথম কিস্তিৰ ধন লাভ কৰি গৃহসমূহৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰিছিল৷ কিন্তু একাংশ পঞ্চায়ত কৰ্মী-প্ৰতিনিধিয়ে এই হিতাধিকাৰীসকলৰ দ্বিতীয় কিস্তিৰ ধন মুকলি কৰি নিদিয়াত বহুগৃহ আধৰুৱা হৈ ৰয়৷ ফলত কালি হঠাতে অহা ধুমুহা বতাহে এই আধৰুৱা গৃহসমূহৰ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে নতুন ঘৰ আৰম্ভ কৰাত আৰু পুৰণি ভগ্ন গৃহত থকাৰ সময়তে যোৱা নিশা অহা প্ৰচণ্ড ধুমুহা বতাহে এই ভগ্নপ্ৰায় জৰাজীৰ্ণ গৃহসমূহ তচ-নচ কৰি পেলায়৷ একাংশ হিতাধিকাৰীয়ে অভিযোগ কৰে যে পঞ্চায়ত প্ৰতিনিধিক তেওঁলোকে উৎকোচ দিব নোৱৰাৰ বাবেই পঞ্চায়তসমূহে ইচ্ছাকৃতভাৱে দ্বিতীয় কিস্তিৰ ধন মুকলি কৰি দিয়াত বিলম্ব কৰি আহিছে৷ যাৰ বাবে নিৰ্মীয়মান প্ৰধানমন্ত্ৰী আৱাসগৃহৰ কাষতে কোনোমতে বাস কৰি অহা হিতাধিকাৰীসকল হাহাকাৰ পৰিস্থিতিৰ সন্মুখীন হয়৷ তেওঁলোকৰ বহুতৰে জৰাজীৰ্ণ গৃহৰ টিনপাত উৰুৱাই নিয়াত বহু পৰিয়ালে উজাগৰী নিশা কটাবলগীয়া হৈ পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰে৷