Logo
image

২৭ এপ্ৰিলত ইডিৰ মুখামুখি হ’ব অংকিতা

আমাৰ অসম,২৫ এপ্ৰিলঃ  নিৰ্যাতনৰ বিতৰ্কৰ মাজতে এইবাৰ সাৰদা কেলেংকাৰি গোচৰত জেৰাৰ বাবে এনফ’ৰ্চমেণ্ট ডাইৰেক্টৰেটৰ তলবৰ সন্মুখীন হৈছে বহিষ্কৃত কংগ্ৰেছ নেত্ৰী অংকিতা দত্ত৷ ২৭ এপ্ৰিলত কেন্দ্ৰীয় অৰ্থনৈতিক অপৰাধ অনুসন্ধানকাৰী সংস্থাটোৰ দিল্লীস্থ মুখ্য কাৰ্যালয়ত হাজিৰ হ’ব লাগিব অংকিতা দত্তই৷ সাৰদা চীট ফাণ্ড কেলেংকাৰি গোচৰত ই ডিৰ লগতে চি বি আইৰ কেইবাবাৰো জেৰাৰ সন্মুখীন হৈছে গুৱাহাটীৰ অনুভূতি প্ৰিণ্টাৰ্ছ এণ্ড পাব্লিকেশ্বনৰ সঞ্চালক অংকিতা দত্ত৷ অংকিতাৰ প্ৰয়াত পিতৃ অঞ্জন দত্তৰ মালিকানাধীন প্ৰতিষ্ঠানটোৰ সৈতে সাৰদা কোম্পানীৰ ধনৰ বিনিয়োগ হৈছিল৷ সাৰদা কোম্পানীৰ দুখনকৈ সংবাদ পত্ৰ ছপা হৈছিল কংগ্ৰেছ নেতা অঞ্জন দত্তৰ প্ৰেছত৷ কিন্তু অঞ্জন দত্তৰ মৃত্যু হোৱাৰ পাছত প্ৰেছটোৰ সঞ্চালকৰ দায়িত্ব লৈছিল অংকিতা দত্তই৷ অৱশ্যে পিতৃৰ দিনতে সংঘটিত কেলেংকাৰিৰ বাবে ইতিপূৰ্বে কলকতাত দুবাৰকৈ কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ জেৰাৰ সন্মুখীন হৈছে অংকিতা দত্ত৷ অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি অংকিতা দত্তই শেহতীয়াকৈ যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিৱাসৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰিছিল৷ সেই সূত্ৰে অভিযুক্ত শ্ৰীনিৱাসক বিচাৰি অসম আৰক্ষীয়ে কৰ্ণাটকতো অভিযান চলাইছে৷ কিন্তু এই তদন্তৰ মাজতে অংকিতা দত্তক সাৰদা কেলেংকাৰি গোচৰত ২৭ এপ্ৰিলত দিল্লীৰ মুখ্য কাৰ্যালয়ত হাজিৰ হোৱাৰ বাবে ই ডিয়ে চমন জাৰি কৰা বিষয়টোৱে বিশেষ তাৎপৰ্যবহন কৰিছে৷ অৱশ্যে পিতৃৰ দিনত সংঘটিত কেলেংকাৰিৰ গোচৰটোৰ পৰা ৰেহাই বিচাৰি এইবাৰ  ই ডিক আপীল কৰিব বুলিও জানিবলৈ দিছে অংকিতা দত্তই৷ ইফালে অংকিতা দত্তই কংগ্ৰেছ নেতা শ্ৰীনিৱাসৰ বিৰুদ্ধে অনা অভিযোগৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় মহিলা আয়োগে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক তদন্তৰ নিৰ্দেশ দিয়াত অসম আৰক্ষীয়ে সুকীয়াকৈ চিআইডিৰ জৰিয়তে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰিছে৷ অংকিতাৰ এজাহাৰৰ ভিত্তিত দিছপুৰ আৰক্ষীৰ তদন্তৰ সমান্তৰালভাৱে মহিলা আয়োগৰ নিৰ্দেশত চি আই ডিয়েও তদন্ত অব্যাহত ৰাখিছে৷ চি আই ডিয়ে ২০ এপ্ৰিলত অংকিতাৰ ভাষ্য গ্ৰহণ কৰাৰ সমান্তৰালভাৱে উক্ত দিনাই চিআইডিয়ে শ্ৰীনিৱাসলৈও তদন্তকাৰী বিষয়াৰ ওচৰত হাজিৰ হোৱাৰ বাবে জাননী প্ৰেৰণ কৰে৷ সেই অনুসৰি সোমবাৰে দিনৰ ১১ বজাৰ ভিতৰত শ্ৰীনিৱাস চি আই ডিৰ সদৰত হাজিৰ হ’ব লাগিছিল যদিও কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতাজনক হাজিৰ হোৱা দেখা নগ’ল৷ যাৰ পৰিপ্ৰেক্ষিতত চি আই ডিয়ে নিৰ্দেশনা অৱমাননা কৰাৰ বাবে ফৌজদাৰী বিধি ৪১ এ [৩] আৰু [৪] ৰ অধীনত গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিব বুলিও সকীয়াই দিছে৷