Logo
image

বন্দনাৰ মানসিক স্বাস্থ্য পৰীক্ষা কৰি গ’ল শ্ৰদ্ধা হত্যাৰ তদন্তকাৰীয়ে

আমাৰ অসম,২৫ এপ্ৰিলঃ  বন্দনা কলিতাৰ নৃশংসতাৰ কাহিনী আপুনি হয়তো পাহৰা নাই৷ ১২ বছৰ পূৰ্বে প্ৰেমৰ সূত্ৰে বিবাহপাশত আৱদ্ধ হোৱা নাৰেংগীৰ বন্দনা কলিতা নামৰ যুৱতীগৰাকীয়ে দুই বন্ধুৰ সহযোগত সম্পূৰ্ণ পৰিকল্পিতভাৱে স্বামী অমৰজ্যোতি দে’ আৰু শাহু শংকৰী দে’ক হত্যা কৰি পাছত টুকুৰা-টুকুৰকৈ কাটি প্লাষ্টিকেৰে মেৰিয়াই বস্তাত ভৰাই শ্বিলঙত পেলাই দিছিল৷ কিন্তু হত্যাকাণ্ডৰ প্ৰায় ৩ মাহৰ পাছত গুৱাহাটী  আৰক্ষীয়ে নৃশংস ঘটনাটোৰ ৰহস্য ফাদিল কৰিবলৈ সক্ষম হয়৷ হত্যাৰ ৰহস্য উন্মোচন হোৱাৰ পাছত আৰক্ষীৰ লগতে সচতেন নাগৰিকৰ মনতো আপোন দুজনকৈ ব্যক্তিক নিজ হাতে হত্যা কৰি স্বাভাৱিক জীৱন কটোৱা আনকি পাপ মোচনৰ বাবে দৌল-দেৱালয় ভ্ৰমণ কৰি ফুৰা বন্দনা কলিতা মানসিকভাৱে সুস্থ নাছিল নেকি বুলিও সন্দেহৰ সৃষ্টি হৈছিল৷ কেনেদৰে এগৰাকী বোৱাৰীয়ে স্বামী আৰু শাহুৱেকক হত্যা কৰি দুদিনৰ পাছত মৃতদেহ গাড়ীত তুলি পাহাৰৰ পৰা পেলাই দি তথ্য-প্ৰমাণ নষ্ট কৰিব পাৰে তাক লৈ দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল৷ বন্দনা কলিতা কাণ্ডৰ কিছুদিন পূৰ্বে দিল্লীতো শ্ৰদ্ধা ৱাকাৰ নামৰ যুৱতীগৰাকীক প্ৰেমিকে হত্যা কৰি ফ্ৰীজত ভৰাই থোৱা শিহৰণকাৰী ঘটনাও পোহৰলৈ আহিছিল৷ কম সময়ৰ ভিতৰতে দেশ কঁপোৱা এনে কেইবাটাও নৃশংস হত্যাকাণ্ডৰ ঘটনা সংঘটিত হোৱাত সচেতন মহলকো চিন্তিত কৰি তুলিছিল৷ এনে পৰিস্থিতিত বন্দনা কলিতাৰ মানসিক স্থিতি পৰীক্ষা কৰাৰ বাবে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈছিল দিল্লীৰ শ্ৰদ্ধা কাণ্ডৰ তদন্তকাৰী বিষয়াৰ এটা দল৷ এই দলটোত কেন্দ্ৰীয় ফৰেনছিকৰ বিশেষজ্ঞৰ লগতে দিল্লী-গুজৰাটৰ বিশেষজ্ঞও আছিল৷ দিনচেৰেক পূৰ্বে দেশৰ এই ফৰেনছিক বিশেষজ্ঞৰ দলটোৱে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হৈ ঘাটক বন্দনা কলিতাৰ মানসিক অৱস্থিতি পৰীক্ষা কৰে৷ বিশেষকৈ গুৱাহাটী আৰক্ষীয়ে জেৰা কৰাৰ সময়ত বন্দনা কলিতাই প্ৰায়ে ভাষ্য সলনি কৰিছিল৷ আনকি সংলগ্নবিহীন কথাৰে আৰক্ষীৰ তদন্তকো বিপথে পৰিচালিত কৰিছিল বন্দনাই৷ আনকি জে’লৰ ভিতৰতো নিজৰ দৈনন্দিন কাম-কাজৰ বাহিৰে অধিকসময় অকলশৰীয়াকৈ থাকি ভাল পায় বন্দনাই৷ জে’লৰ আন বন্দীসকলৰ লগতো কম কথা-বতৰা পাতে বন্দনা কলিতাই৷ এনে স্বভাৱৰ বাবেই বন্দনা কলিতা মানসিকভাৱে অসুস্থ হোৱাৰ সন্দেহ কৰিছিল আৰক্ষীয়ে৷ কিন্তু দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডৰ তদন্তৰে জড়িত কেন্দ্ৰীয় ফৰেনছিকৰ বিশেষজ্ঞৰ দলটোৱে বন্দনা কলিতাৰ মানসিক স্বাস্থ্য পৰীক্ষা কৰে৷ শেহতীয়াকৈ কেন্দ্ৰীয় ফৰেনছিকৰ দলটোৱে দিয়া প্ৰতিবেদন অনুসৰি বন্দনা কলিতা মানসিকভাৱে সম্পূৰ্ণ সুস্থ বুলি কোৱা হৈছে৷ আনকি বিশেষজ্ঞৰ দলটোৱে দেশৰ এনে নৃশংস হত্যাকাণ্ডৰ হত্যাকাৰীৰ মানসিক সন্তুলন তথা মানসিকতা আৰু প্ৰতিকাৰৰ পৰামৰ্শও প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰক৷