Logo
image

ডিমাপুৰলৈ যাবলৈও প্ৰয়োজন হ’ব ইনাৰ লাইন পাৰ্মিটৰ

আমাৰ অসম,২৫ এপ্ৰিলঃ  এতিয়াৰে পৰা ডিমাপুৰলৈ যাবলৈ প্ৰয়োজন হ’ব আন্তঃৰাজ্যিক পাৰপত্ৰ অৰ্থাৎ ইনাৰ লাইন পাৰ্মিট৷ পূৰ্বতে নাগালেণ্ডৰ বাণিজ্যিক চহৰ ডিমাপুৰক বাদ দি ৰাজ্যখনৰ আন অঞ্চলত বাহিৰৰ অ-নগা ব্যক্তিৰ বাবে ইনাৰ লাইন পাৰ্মিট বাধ্যতামূলক আছিল যদিও এতিয়া ইনাৰ লাইন পাৰ্মিট ডিমাপুৰলৈ প্ৰযোজ্য হ’ব৷ অৰ্থাৎ নাগালেণ্ড চৰকাৰে ইনাৰ লাইন পাৰ্মিটৰ পৰিসৰ ডিমাপুৰলৈ সম্প্ৰসাৰণ কৰিছে৷ বিগত ১৯ এপ্ৰিলত ডিমাপুৰ জিলা প্ৰশাসনে ডিমাপুৰত  ইনাৰ লাইন পাৰ্মিট বাধ্যতামূলক কৰি ১৯৭৯ চনৰ ২১ নৱেম্বৰৰ পাছত অহা সকলো অ-নগা নাগৰিকৰ বাবেই ইনাৰ লাইন পাৰ্মিট প্ৰযোজ্য হ’ব বুলি নিৰ্দেশনা জাৰি কৰিছে৷ একেটা নিৰ্দেশনাত ডিমাপুৰত স্থায়ী বা অস্থায়ীভাৱে থকা বা অহা যোৱা কৰা অ-নগা লোকসকলে ৩০ দিনৰ ভিতৰত ইনাৰ লাইন পাৰ্মিট সংগ্ৰহ কৰিব লাগিব বুলিও ডিমাপুৰ জিলা উপায়ুক্ত শচীন জয়ছোৱালে স্পষ্ট কৰি দিছে৷ আনকি অ-নগালোকৰ আই এল পি পৰীক্ষা কৰাৰ বাবে জিলা প্ৰশাসনে টাস্ক ফ’ৰ্চ গঠন কৰিছে৷ লক্ষণীয়ভাৱে ডিমাপুৰত আই এল পি বাধ্যতামূলক কৰা৷ নাগালেণ্ড চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিছে নাগৰিক অধিকাৰ সুৰক্ষা কমিটী নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে৷ সংগঠনটোৰ দাবী-ডিমাপুৰ নাগালেণ্ডৰ বাণিজ্যিক কেন্দ্ৰ৷ ডিমাপুৰত বাঙালী, বিহাৰী, মাৰোৱাৰী, পঞ্জাৱী আদি বিভিন্ন ভাষা-ভাষী হিন্দু-মুছলমান বিভিন্ন ধৰ্মীয় লোকে বাস কৰে৷ প্ৰায় ডেৰ লাখ অজনজাতীয় লোকে বাস কৰি আছে ডিমাপুৰত৷ সেয়েহে ৰাজহুৱা স্বাৰ্থতে প্ৰশাসনে ইনাৰ লাইন পাৰ্মিট বাধ্যতামূলক কৰা নিৰ্দেশনা প্ৰত্যাহাৰ কৰিবলৈ সংগঠনটোৱে আহ্বান জনাইছে৷