Logo
image

কেদাৰনাথত তুষাৰপাতৰ ফলত বিঘ্নিত চাৰিধাম যাত্ৰা

আমাৰ অসম, ২৫ এপ্ৰিলঃ  কেদাৰনাথ যাত্ৰাৰ শুভাৰম্ভ নৌহওতেই ঘটিল বিঘিনি৷ প্ৰৱল তুষাৰপাতৰ ফলত পৱিত্ৰ তীৰ্থস্থানটোৰ চাৰি ধামকে ধৰি সমগ্ৰ যাত্ৰাপথ বৰফৰ আচ্ছাদনে ঢাকি ধৰিছে৷ ফলত বন্ধ কৰি দিয়া হৈছে কেদাৰনাথ যাত্ৰাৰ পঞ্জীয়ন৷ উল্লেখ্য যে কাইলৈ অৰ্থাৎ ২৫ এপ্ৰিলত কেদাৰনাথ মন্দিৰৰ প্ৰৱেশদ্বাৰ খোলাৰ কথা আছিল৷ কিন্তু হঠাৎ গাড়োৱালৰ হিমালয়ত প্ৰৱল তুষাৰপাত ঘটিবলৈ ধৰাত স্থানীয় প্ৰশাসনে কেদাৰনাথলৈ যোৱা সকলোবোৰ পথ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লয়৷ ফলত বন্ধ হয় হৃষীকেশ, হৰিদ্বাৰ আৰু কেদাৰনাথ যাত্ৰাৰ বাবে আৰম্ভ কৰা পঞ্জীয়ন প্ৰক্ৰিয়া৷ গাড়োৱাল ডিভিজনৰ অতিৰিক্ত আয়ুক্ত তথা চাৰিধাম যাত্ৰাৰ মুখ্য প্ৰশাসনিক কাৰ্যবাহী বিষয়া নৰেন্দ্ৰ সিং কাৱিৰিৱালে সংবাদ মাধ্যমক জনোৱা মতে বৰ্তমানৰ পৰিস্থিতিত তীৰ্থযাত্ৰীসকলৰ বাবে কেদাৰনাথ যাত্ৰা মুঠেই নিৰাপদ নহয়৷ যাৰ বাবে অহা ৩০ এপ্ৰিল পৰ্যন্ত তীৰ্থযাত্ৰীসকলৰ পঞ্জীয়ন বন্ধ ৰখা হৈছে৷