Logo
image

কাৰ কথা কোনে শুনে? বিহুতলীত সুৰাপায়ীৰ উদ্ভণ্ডালিত অতিষ্ঠ ৰাইজ

আমাৰ অসম,২৬ এপ্ৰিলঃ ‘মদ খাই আহি ৰঙালী বিহুক অপমান নকৰিব৷ মদ খাই গান শুনিবলৈ নাহিব৷ বিহুত অভদ্ৰামি নকৰিব৷ বেয়া বেয়া ভাষাৰে শিল্পীক অপমান নকৰিব৷ এটা ভদ্ৰ পৰিৱেশত অভদ্ৰ মানুহৰ সন্মুখত মই গান নাগাওঁ৷ অভদ্ৰামিৰ এটা সীমা থাকে৷ উদ্যোক্তাসকলে বহু কষ্টৰে এখন বিহু পাতে আৰু এজন-দুজন ব্যক্তিয়ে মদ খাই অঞ্চলটোৰ বদনাম কৰে৷’– সুৰাপায়ী দৰ্শকৰ উদ্ভণ্ডালিত অতিষ্ঠ হৈ ৰঙালী বিহুৰ মঞ্চতে এইদৰে খঙৰ বহিঃপ্ৰকাশ ঘটালে জনপ্ৰিয় গায়িকা প্ৰিয়ংকা ভৰালীয়ে৷ বাগ্‌সাৰ জালাহত সোমবাৰে নিশা বিহুৰ সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰি থকাৰ  মাজতে মদাহী দৰ্শকৰ অশ্লীল মন্তব্যত অতিষ্ঠ হৈ পৰি আধাতে গীত পৰিৱেশন বন্ধ কৰি দিয়ে প্ৰিয়ংকা ভৰালীয়ে৷ দৰ্শকৰ অশালীন আচৰণক লৈ ক্ষুব্ধ কণ্ঠশিল্পীগৰাকীয়ে মঞ্চৰ পৰাই মাইক্ৰ’ফোন লৈ সুৰাপায়ী দৰ্শকজনক এজাউৰি দিয়ে৷ জালাহ আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ প্ৰিয়ংকা ভৰালীয়ে সুৰাপায়ী দৰ্শকৰ অভদ্ৰ ব্যৱহাৰৰ বাবে গীত পৰিৱেশন নকৰাৰ সিদ্ধান্ত লৈছিল যদিও অৱশেষত ৰাইজৰ অনুৰোধত পুনৰ অনুষ্ঠান পৰিৱেশন কৰে৷ বিহু মঞ্চত মদাহীয়ে উদ্ভণ্ডালি কৰা এইটোৱে প্ৰথম ঘটনা নহয়, ইয়াৰ এদিন পূৰ্বে অৰ্থাৎ দেওবাৰে নিশাও পশ্চিম নলবাৰীৰ সাহপুৰ ৰাজঘাটত ৰঙালী বিহু সন্মিলনস্থলীতে কণ্ঠশিল্পী হিয়া মেধিকো শ্লীলতাহানিৰ মুকলি ভাবুকি দিয়ে সুৰাসক্ত যুৱকে৷ ৰাজঘাট ৰঙালী বিহু সন্মিলনত গীত পৰিৱেশন কৰি থকা মাজতে স্থানীয় সুৰাসক্ত জয়ন্ত বৰ্মন ওৰফে বগা নামৰ যুৱকজনে উদণ্ড সতীৰ্থৰ সহযোগত হিয়া মেধিৰ ফটোগ্ৰাফাৰজেন ফটো তুলিবলৈ অমান্তি হোৱাক কেন্দ্ৰ কৰি মঞ্চত বহু শিল্পীৰ কাপোৰ খুলি দিয়াৰ ৰেকৰ্ড আছে বুলিও ৰাজহুৱাকৈ ভাবুকি দিয়ে৷ আনকি সুৰাসক্ত যুৱকজনে ফটোগ্ৰাফাৰজনক মাৰপিট কৰাৰ লগতে তিনিগৰাকী শিল্পীকো শাৰীকিকভাৱে অপদস্থ কৰে৷ এই ঘটনাক লৈ হিয়া মেধিয়ে চামতা থানাত এজাহাৰো দাখিল কৰিবলগীয়াত পৰে৷ লক্ষণীয়ভাৱে ৰাজ্যৰ প্ৰতিখন বিহু মঞ্চতে সুৰাপায়ীৰ উদ্ভণ্ডালি পৰিলক্ষিত হৈছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিহু কমিটীসমূহক ডেৰ লাখ টকাকৈ সাহায্য বিতৰণ কৰি বিহু মঞ্চৰ ৫০০ মিটাৰ ভিতৰত সুৰা আৰু সুৰাপায়ীক নিষিদ্ধ ঘোষণা কৰিছিল৷ আনকি বিহু উদ্যোক্তাসকলকো মদ খাই মঞ্চত ঢলং পলং কৰি নাথাকিবলৈ সকীয়াই দিছিল মুখ্যমন্ত্ৰীয়ে৷  বিহু কমিটীসমূহে মুখ্যমন্ত্ৰীৰ পৰা চৰকাৰী অনুদান ঠিকেই গ্ৰহণ কৰিলে যদিও সুৰাপায়ীক নাকী লগোৱাৰ পৰা বিৰত নাথাকিল৷ আনকি বিহুৰ অধিকাংশ উদ্যোক্তাকো মদ খাই মঞ্চত ঢলং পলং কৰি থকাও দেখা গ’ল৷ যাৰ পৰিণতিত সুৰাপায়ী উদণ্ড যুৱকৰ উদ্ভণ্ডালিত খোদ শিল্পীকে ক্ষুব্ধ কৰা নহয়, সাধাৰণ দৰ্শকেও অতিষ্ঠ হৈ আধাতে ঘৰমুৱা হ’বলৈ বাধ্য হয়৷ উল্লেখ্য, মুখ্যমন্ত্ৰীয়ে বিহু অনুষ্ঠানত সুৰা নিষিদ্ধ কৰাৰ সন্দৰ্ভত কৈছিল এইদৰে– ‘বিহু পেণ্ডেলত মদ খোৱা প্ৰৱণতা নোহোৱা কৰিব লাগে৷ লাগিলে ঘৰতে মদ খাওক ক’বলগীয়া একো নাই৷ কিন্তু, মদ খাই ঢলং-পলং কৰি মঞ্চত উঠাটো বেয়া দেখি৷ মদ খোৱাত মই বাধা নিদিওঁ৷ সেই বুলি বিহুৰ পইচাৰে মদ খোৱাটোও মই নিবিচাৰো৷ বিহুস্থলীৰ পৰা ২০০-৫০০ মিটাৰ ভিতৰত মদ খোৱাৰ পৰা দূৰত থাকিব লাগে৷ বিশেষকৈ উদ্যোক্তাসকলে মদ খোৱাৰ পৰা বিৰত থাকক৷’  তাৎপৰ্যপূৰ্ণভাৱে মুখ্যমন্ত্ৰীয়ে বিহুস্থলীত সুৰাপায়ীৰ নিষিদ্ধ কৰিবলৈ আহ্বান জনাইছিল যদিও বাস্তৱত প্ৰতিখন বিহু অনুষ্ঠানতে সুৰাসক্তৰ উদ্ভণ্ডালি সাধাৰণ দৃশ্যত পৰিণত হৈছে৷

মঞ্চতে খং উঠিল প্ৰিয়ংকা ভৰালীৰ

‘আমাৰ অসম’ৰ বজালীৰ প্ৰতিবেদকঃ গায়িকা প্ৰিয়ংকা ভৰালীয়ে সোমবাৰে নিশা হঠাতে খঙত টিঙিৰ-তুলা হৈ তুলা-ধূনা দিলে এজন দৰ্শকক৷ মঞ্চত ধাৰাবাহিকভাৱে সংগীত পৰিৱেশন কৰি থকা অৱস্থাত মঞ্চৰ সন্মুখত থকা এজন দৰ্শকে অশালীন ইঙ্গিত নাইবা অশালীন মন্তব্য প্ৰদান কৰি থকা অৱস্থাত গায়িকাগৰাকীৰ চকুত পৰাৰ পাছত নিজকে অস্বস্তি অনুভৱ কৰে আৰু সংগীতা অনুষ্ঠান পৰিৱেশন বন্ধ কৰি সেই বিশেষ দৰ্শকজনৰ প্ৰতি তীব্ৰ বাক্যবান নিক্ষেপ কৰে৷ শিল্পীগৰাকীয়ে অভিযোগ কৰি কয় আপুনি এনেকুৱা অভদ্ৰামি নকৰিব৷ ভদ্ৰতা বজাই ৰাখক৷ আপুনি সুস্থ অৱস্থাত নাই৷ মদ খাই বিহুৰ গান শুনিব নাহিব৷ এনেকুৱা লেতেৰা বস্তু খাই আহি বিহুৰ মঞ্চ অপৱিত্ৰ নকৰিব৷ অথনিৰ পৰা এই ব্যক্তিজনক মই লক্ষ্য কৰি আহিছোঁ৷ বহুত কষ্ট কৰি উদ্‌যাপন সমিতিয়ে সাংস্কৃতিক অনুষ্ঠান পাতে যদিও একাংশ অভদ্ৰ দৰ্শকৰ বাবে কেতিয়াবা বহুত খেলিমেলি হয় এটা সুন্দৰ পৰিৱেশৰ মাজত আমি আজিৰ অনুষ্ঠান পৰিৱেশ কৰি আছিলোঁ৷ উক্ত ঘটনা বাগ্‌সা জিলাৰ জালাহত৷ জালাহ আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদ্যোগত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াৰ মাজৰ ঘটনা এয়া৷ মুকলিভাৱে মাইকযোগে মঞ্চৰ পৰা এজন দৰ্শকক এনেদৰে তীক্ষ্ণবান নিক্ষেপ কৰাৰ পাছত মঞ্চলৈ উঠি আহে উদ্‌যাপন সমিতিৰ কৰ্মকৰ্তা৷ দৰ্শকক উদ্দেশ্যি কৰ্মকৰ্তাজনে সংযত হৈ বিহুৰ অনুষ্ঠানত উপভোগ কৰিবলৈ আহ্বান জনায়৷ গায়িকাগৰাকীক দৰ্শকজনৰ অশালীন ব্যৱহাৰ বাবে ক্ষমা খোজে যদিও শিল্পীগৰাকীয়ে এই বিষয়ত উদ্‌যাপন সমিতিয়ে ক্ষমা খোজাৰ কোনো প্ৰশ্ন নাহে নাহে বুলি উল্লেখ কৰে৷  দৰ্শকজনক অভদ্ৰ বুলি কৈ গীত পৰিৱেশন নকৰাৰ হুংকাৰ দিছিল যদিও অৱশেষত শিল্পীগৰাকীয়ে পুনৰ গীত পৰিৱেশন কৰে৷ অৱশ্যে সেই বিশেষ দৰ্শকজনে কেনেকুৱা অশালীন বাক্য নাইবা অশালীন ইঙ্গিত প্ৰদান কৰিছিল সেই বিষয়ে জানিব পৰা হোৱা নাই যদিও বৰ্তমান সময়ত সাংস্কৃতিক মঞ্চত একাংশ দৰ্শকে নিচাসক্ত হৈ বহুক্ষেত্ৰত উদ্‌যাপন সমিতিৰ লগতে আমন্ত্ৰিত শিল্পীকো বিব্ৰত কৰা ঘটনা এতিয়া এক সাধাৰণ ঘটনা যেন হৈ পৰিছে৷