
তিতাবৰত কৃষকৰ বাবে জিইএফ প্ৰজেক্ট মুকলি
ডিজিটেল সংবাদ, তিতাবৰঃ তিতাবৰ মহকুমা তথা মাধপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত দাংধৰা অঞ্চলৰ কৃষক, কৃষক সংগঠক ৰাজীৱ মৰাঙৰ নেতৃত্বত দাংধৰাত কমিউনিটি চীড বেংক এন আন এনভাইৰমেণ্ট জিইএফ প্ৰজেক্টৰ শুভাৰম্ভ হয়। প্ৰকল্পটো ফিটা কাটি শুভ উদ্বোধন কৰে নেচনেল প্ৰজেক্ট ক'ৰডিনেটৰ ইউ.এন-জি.পি.এফ. প্ৰজেক্ট ড০ জি. চি. ৰাণাই। যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড০ মলয়া গগৈয়ে আঁতধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ অধ্যক্ষ তথা বিজ্ঞানী ডি.জে. নাথ, যোৰহাট কৃষি বিজ্ঞান কেন্দ্ৰৰ কেমিকেল বিভাগৰ বিষয়বস্তু বিশেষজ্ঞ সমীৰণ ভট্ট, যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড০ অনজুমা গায়ন, ঠেঙ্গাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ প্ৰতিনিধি অচিন্ত শইকীয়া, বিৰিণাশায়েক গাঁও পঞ্চায়তৰ সভাপতি অজিত গগৈ, ফিল্ড এচিচটেন্ট বিপিন বৰা, শিলিখাবাৰীৰ প্ৰগতিশীল কৃষক কোষেশ্বৰ কছাৰীকে প্ৰমুখ্য কৰি বৃহত্তৰ মাধপুৰ অঞ্চলৰ কৃষক ৰাইজ। বিশিষ্ট কৃষি বিজ্ঞানী ড০ ডি. জে নাথে ভাষণ প্ৰসংগত কয় যে গ্ৰাম্য অঞ্চলৰ কৃষকৰ সহায় হোৱাকৈ এই প্ৰকল্পটো মুকলি কৰা হৈছে।