Logo
image

পেট্ৰ'লকো চেৰ‌ পেলাইছে‌ কেৰাচিনেঃ প্ৰতিলিটাৰ কেৰাচিনৰ দাম হৈছেগৈ ১২০ টকা

ডিজিটেল সংবাদ, নলবাৰীঃ ৰাজ্যত দুৰ্লভ হৈ পৰিল কেৰাচিন তেল। আপুনি আৰু বিচাৰিলে নাপাব কেৰাচিন। কাৰণ ৰাজ্যত কেৰাচিন যোগান প্ৰায় বন্ধ হৈ পৰিছে। সৌ সিদিনা লৈকে প্ৰতি লিটাৰত ১৫-২০ টকীয়া কেৰাচিনে এতিয়া চেঞ্চুৰী পাৰ কৰিছে। সুলভ মূল্যৰ দোকানৰ কথাটো বাদেই ক'লা বজাৰতো এতিয়া কেৰাচিন পাবলৈ নাই। ক'ৰবাত আপুনি ক'লা বজাৰত কেৰাচিন পাই যদিও প্ৰতি লিটাৰ ১১০-১২০ টকাত ক্ৰয় কৰিব লাগিব। 

নলবাৰী জিলাতো চৰকাৰৰ পি ডি এছৰ কেৰাচিন যোগান বন্ধ হৈ পৰিছে। ইয়াক লৈ গ্ৰাহক ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে অসম চৰকাৰৰ খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে সুলভ মূল্যৰ দোকানৰ জৰিয়তে গ্ৰাহকক কেৰাচিন যোগান ধৰি আহিছিল যদিও প্ৰায় এবছৰে নলবাৰী জিলাত কেৰাচিন যোগান অজ্ঞাত কাৰণত বন্ধ হৈ আছে। চৰকাৰে একোখন এ পি এল, বি পি এল কাৰ্ডৰ বিপৰীতে হিতাধিকাৰীক মাহেকত দুইৰ পৰা তিনি লিটাৰ কেৰাচিন লাভ ব্যৱস্থা কৰি আহিছিল যদিও এতিয়া কেৰাচিন পাবলৈ নোহোৱাত জিলা খনৰ হাজাৰ হাজাৰ হিতাধিকাৰী পৰিয়ালত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

এই সম্পৰ্কে সুলভ মূল্যৰ দোকানীয়ে হিতাধিকাৰী-গ্ৰাহকৰ আগত কোৱা মতে কেৰাচিন তেলৰ অদ্ভূত দামবৃদ্ধি হোৱাত তেল ডিপোৰ স্বতাধিকাৰীয়ে কেৰাচিন তেল উঠোৱাবলৈ বন্ধ কৰি দিছে। দুই-একোটা ডিপোই তেল উঠাই যদিও অত্যাধিক দামৰ বাবে সুলভ মূল্যৰ দোকানীয়ে তেল আবণ্টন ল'বলৈ ইচ্ছুক নহয়। কাৰণ গ্ৰাহকে ১০০-১১০ টকা দৰত কেৰাচিন কিনিবলৈ সাধ্য নহয়। এনে অৱস্থাত বহু গ্ৰাহকে সুলভ মূল্যৰ দোকানে দোকানে কেৰাচিন তেল বিচাৰি তাতবাতি কাৰি আছে যদিও নলবাৰীত দুৰ্লভ হৈ পৰিছে চৰকাৰৰ পি ডি এছৰ কেৰাচিন। 

নলবাৰীৰ খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে প্ৰায় ছয়মাহে জিলাখনত সুলভ মূল্যৰ কেৰাচিন আবণ্টন দিয়া নাই। ইপিনে চৰকাৰে একমাত্ৰ ৰেচন কাৰ্ড থকা পৰিয়ালসকলৰ মাজতহে কেৰাচিন তেল দিয়াৰ ব্যৱস্থা কৰাত ৰেচন কাৰ্ড নথকা বহু দৰিদ্ৰ, মধ্যবিত্ত পৰিয়ালে পি ডি এছ কেৰাচিন লাভৰ পৰা বছৰৰ পিছত বছৰ ধৰি বঞ্চিত হৈ থাকিবলগীয়া হৈছে। জিলাখনত মাহৰ পিছত মাহ ধৰি সুলভ মূল্যৰ কেৰাচিন যোগান বন্ধ হৈ থকাৰ পিছতো জিলা উপায়ুক্তগৰাকীয়ে বিষয়টোত কোনো কানসাৰ নিদিয়া বুলি অভিযোগ উঠিছে। এই বিষয়ে জিলা প্ৰশাসনে কোনো জাননীও জাৰি কৰা নাই। অসম চৰকাৰৰ খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসক নলবাৰীত মাহ-মাহ ধৰি সুলভ মূল্যৰ কেৰাচিন যোগান বন্ধ হৈ থকা বিষয়টোত ক্ষীপ্ৰ নজৰ দি নিয়মীয়াকৈ কেৰাচিন যোগানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে আহ্বান জনাইছে।