Logo
image

ৰাজ্যৰ ১০ গৰাকী লোকবাদ্য শিল্পীক আৰ্থিক সাহায্য বিভা-হিমাংশু মেম'ৰিয়েল ট্ৰাষ্টৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ লোকবাদ্য প্ৰস্তুত কৰি অসমৰ কলা-সংস্কৃতিৰ ভেটি শক্তিশালী কৰি তোলা ৰাজ্যৰ ১০খন জিলাৰ ১০ গৰাকী বিশিষ্ট লোকবাদ্য শিল্পীক বিভা-হিমাংশু মেম'ৰিয়েল ট্ৰাষ্টে ১০ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে শৰাই আৰু প্ৰশস্তি পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷ বেলতলা বহাগী উৎসৱৰ এক বৰ্ণাঢ্য অনুষ্ঠানত বিভা-হিমাংশু মেম'ৰিয়েল ট্ৰাষ্টৰ ন্যায়ৰক্ষী সঞ্জয় গোস্বামী আৰু নন্দিতা শৰ্মা গোস্বামীয়ে বিশিষ্ট বাদ্য শিল্পী ক্ৰমে মৰিগাঁওৰ নিজ মিকিৰগাঁও বাৰপুজীয়াৰ বিনোদ ডেকা, কামৰূপ জিলাৰ শৰাইঘাট চমুৱাপাৰাৰ মুনিন চমুৱা, নগাঁও জিলাৰ অৰ্জুনতল গায়ন গাঁৱৰ মহেন্দ্ৰ দাস, তিনিচুকীয়া জিলাৰ চেঙেলীজানহৰ মনিৰাম চুতিয়া, শোনিতপুৰ জিলাৰ টুপিয়াগাঁৱৰ ৰিণ্টু শইকীয়া, গোলাঘাট জিলাৰ দোলাষৰিয়া গাঁৱৰ কোষেশ্বৰ বৰা, বৰপেটা জিলাৰ পাটশালাৰ বনজিৎ গোস্বামী, নলবাৰী জিলাৰ তিলানা গাঁৱৰ ধনু তামুলী, লক্ষিমপুৰ জিলাৰ খোলাগুৰী গাঁৱৰ দিগন্ত লাহন আৰু ধেমাজী জিলাৰ কৃষ্ণকান্ত গগৈক ১০ হাজাৰ টকাৰ আৰ্থিক সাহায্যৰ লগতে মানপত্ৰ, শৰাইৰে সন্মান জনায়৷ 

উল্লেখ্য যে দীৰ্ঘ বছৰ ধৰি বিভা-হিমাংশু মেম'ৰিয়েল ট্ৰাষ্টে বিশেষভাৱে পিছ পৰা লোকসকলক সহায় আগবঢ়াই আহিছে৷ ট্ৰাষ্টে প্ৰতি বছৰেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত সু-খ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা আৰ্থিকভাৱে পিছপৰা দুগৰাকীকৈ মেধাৱী শিক্ষাৰ্থীৰ স্নাতক পৰ্যায়লৈকে শিক্ষাৰ যাৱতীয় বহন কৰি আহিছে৷ ইপিনে ২০২০ চনৰ পৰা পঞ্চ -পৰশমনি আঁচনিৰ অধীনত ট্ৰাষ্টে মেধাৱী শিক্ষাৰ্থীক ৰাজ্যৰ লগতে সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত বহিব পৰাকৈ নতুন দিল্লীত বিনামূলীকৈ কোচিঙৰ ব্যৱস্থা কৰি দিছে৷ শিক্ষাৰ লগতে স্বাস্থ্যখণ্ডতো ট্ৰাষ্টে আগবঢ়াইছে বিশেষ সেৱা৷ গুৰুতৰ ৰোগত আক্ৰান্ত আৰ্থিকভাৱে পিছপৰা লোকসকলৰ চিকিৎসাৰ খৰচ বহন কৰি অহাৰ লগতে ট্ৰাষ্টে প্ৰদান কৰিছে এখন মুক্তি ৰথ৷ 

ইপিনে প্ৰতি বছৰেই বৃদ্ধা আশ্ৰমৰ আবাসীসকলক বিনামূলীয়াকৈ তীৰ্থ যাত্ৰাৰ সুবিধা কৰি দিয়াৰ লগতে ক'ভিড কালৰ সময়ত অসহায় লোকক সহায় প্ৰদান কৰাৰ লগতে বানপানীৰ সময়ত বানপীড়িত লোকসকলক ট্ৰাষ্টে খাদ্য সামগ্ৰী যোগান ধৰিছে৷ ৰাজ্যত দহখন জিলাৰ লোকবাদ্য শিল্পীক নগদ ধনৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰি ট্ৰাষ্টৰ ন্যায়ৰক্ষী সঞ্জয় গোস্বামী আৰু নন্দিতা শৰ্মা গোস্বামীয়ে পৰৱৰ্তী সময়ত এনেধৰণৰ সেৱা আগবঢ়াই নিয়াৰ কথা উল্লেখ কৰে৷ অনুষ্ঠানত ট্ৰাষ্টৰ সমন্বয়ক ধনজিৎ চৌধুৰী, মিডিয়া কোষৰ উপদেষ্টা চন্দন কুমাৰ শইকীয়া উপস্থিত থাকে৷