Logo
image

মোগলৰ পাছত ডাৰউইন বাদ

আমাৰ অসম,২৭ এপ্ৰিলঃ নৰেন্দ্ৰ মোদী চৰকাৰৰ কাৰ্যকালত এনচিইআৰটিৰ পাঠ্যপুথিৰ পৰা চাৰ্লছ ডাৰউইনৰ ক্ৰমবিৱৰ্তনৰ তত্ত্ব প্ৰত্যাহাৰ কৰাৰ ঘটনাত ক্ষোভ প্ৰকাশ কৰি ১৮০০ বিজ্ঞানী, শিক্ষাবিদ আৰু বিজ্ঞানমনস্ক ব্যক্তিয়ে তীব্ৰ আপত্তি উত্থাপন কৰিছে৷ এনচিইআৰটিয়ে দেশৰ নৱম আৰু দশমমানৰ পাঠ্যক্ৰমৰ পৰা ডাৰউইনৰ এই বহুপ্ৰচলিত তত্ত্ব পৰিহাৰ কৰিছে৷ নৰেন্দ্ৰ মোদী চৰকাৰৰ কাৰ্যকালত অলপতে এনচিইআৰটিৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পাঠ্যপুথিৰ পৰা মোগলৰ অধ্যায় বাদ দিছিল৷ একে সময়তে বিভিন্ন শ্ৰেণীৰ পাঠ্যক্ৰমত থকা মহাত্মা গান্ধীৰ নিজস্ব মতবাদ  মোদী চৰকাৰে সম্পাদনা আৰু সংশোধন কৰাৰ লগতে মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গড্‌ছেৰ নামৰ সৈতে থকা ‘চৰমপন্থী’ আখ্যা আঁতৰাই দিছে আৰু আৰ এছ এছৰ বিষয়ে এনচিইআৰটিৰ পাঠ্যপুথিত থকা পূৰ্বৰ ব্যাখ্যা তথা বৰ্ণনা সম্পাদিত কৰিছে৷ স্বাধীনতা আন্দোলনৰ সময়ত আৰ এছ এছৰ ভূমিকা, হিন্দুত্ববাদী সংগঠনটোৰ সৈতে নাথুৰাম গড্‌ছেৰ সম্পৰ্ক, সেই সময়ত হিন্দু-মুছলিম সম্প্ৰীতিৰ ক্ষেত্ৰত মহাত্মা গান্ধীয়ে পোষণ কৰা মত-মনোভাৱো মোদী চৰকাৰৰ কাৰ্যকালত এনচিইআৰটিৰ পাঠ্যপুথিত সম্পাদনা কৰা হৈছে৷ দেশৰ ইতিহাস সলনি কৰিবলৈ চেষ্টা চলোৱা বুলি অভিযোগ উঠা মোদী চৰকাৰৰ কাৰ্যকালত ২০১৪ চনৰ পৰা ২০১৭ চনলৈ এন চি ই আৰ টিৰ পাঠ্যপুথি ব্যাপকভাৱে তিনিবাৰ সালসলনি কৰা হৈছে৷

তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে, চৰকাৰী প্ৰৰোচনাই হওঁক বা আন কাৰণ– এনচিইআৰটিৰ পাঠ্যপুথিত ব্যাপক সালসলনি ঘটোৱা সন্দৰ্ভত দেশত বিস্তৃত চৰ্চা হোৱাৰ পৰিৱৰ্তে মোগলৰ অধ্যায়ক লৈ সকলো ব্যস্ত হৈ আছে৷ তাৰ আঁৰত লুকাই আছে মহাত্মা গান্ধীৰ ওপৰত চলোৱা কেচি অথবা আৰ এছ এছৰ ভাৱমূৰ্তি উন্নত কৰাৰ প্ৰক্ৰিয়া কিম্বা নাথুৰাম গড্‌ছে সন্দৰ্ভত ভৱিষ্যত প্ৰজন্মৰ ধাৰণা সলনিৰ প্ৰক্ৰিয়া৷ অভিযোগ উঠিছে, মোগলৰ বিষয়টো দেশত অধিক চৰ্চাৰ বাবে চেষ্টা চলোৱা হৈছে যাতে তাৰ আঁৰত মহাত্মা গান্ধী, আৰ এছ এছ, নাথুৰাম গড্‌ছে, ডাৰউইন ইত্যাদিৰ প্ৰসংগ তল পৰি থাকে৷ ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে মোগলৰ বিষয়টো অধিক চৰ্চা হ’লে সামগ্ৰিকভাৱে বিজেপি ৰাজনৈতিক দিশত লাভান্বিত হ’ব, কিয়নো নিৰ্বাচনত তাৰ জৰিয়তে ভোটৰ মেৰুকৰণ সহজ হৈ পৰিব৷ 

নৱম আৰু দশম শ্ৰেণীৰ পৰা ডাৰউইনৰ তত্ত্ব অঁআতৰাই পেলোৱাত দেশৰ ১৮০০ৰো অধিক বিজ্ঞানী, শিক্ষাবিদ, বুদ্ধিজীৱি অতি ক্ষুদ্ধ৷ ডাৰউইনৰ তত্ত্ব পাঠ্যপুথিৰ পৰা পৰিহাৰ কৰাৰ বিষয়ত তীব্ৰ আপত্তি প্ৰদৰ্শন কৰি যোৱা বিশ এপ্ৰিলত ‘ছায়েন্স ছ’চাইটি’য়ে এখন পত্ৰ প্ৰকাশ কৰে, য’ত ‘ইণ্ডিয়ান ইনষ্টিটিউট অব ছায়েন্স’, ‘টাটা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্ছ’ আৰু আই আই টিৰ বিজ্ঞানী-শিক্ষাবিদে স্বাক্ষৰ কৰিছে৷ পত্ৰখনত লিখা হৈছে– বাস্তৱ সত্য হৈছে, জীৱবিজ্ঞানৰ বিশ্ব ব্যাপক পৰিৱৰ্তনশীল৷ তাৰ মাজত ক্ৰমবিবৰ্তনৰ তত্ত্ব এটা প্ৰক্ৰিয়া, য’ত স্বৰ্গীয় হস্তক্ষেপৰ প্ৰয়োজন নহয়৷ চাৰ্লছ ডাৰউইনে ক্ৰমবিৱৰ্তনৰ তত্ব আগবঢ়োৱাৰ পাছৰ পৰা তাৰ ওপৰত ভিত্তি কৰি মানৱ আৰু প্ৰাণী সম্পৰ্কীয় সীমাহীন গৱেষণা হৈছে, য’ৰ কেন্দ্ৰত আছে অৱশ্যেই ডাৰউইনৰ এই বহুল প্ৰচাৰিত, বহু জনপ্ৰিয় আৰু মানৱ বিৱৰ্তনৰ সবাটোকৈ গ্ৰহণযোগ্য তত্ত্ব৷ এই তত্ত্ব পাঠ্যক্ৰমৰ পৰা বাদ দিয়াৰ ফলত ছাত্ৰ-ছাত্ৰী মানৱৰ বিৱৰ্তন সম্পৰ্কীয় অধ্যয়নৰ প্ৰাৰম্ভিক ধাৰণাৰ পৰাই বঞ্চিত হ’ব আৰু তেওঁলোকৰ সেই বিষয়ক শিক্ষাৰ ভিত্তি নোহোৱা হৈ পৰিব৷ ডাৰউইনৰ বিৱৰ্তনৰ তত্ত্বত কেৱল মানৱৰ ক্ৰমবিৱৰ্তনৰ কথাই অন্তৰ্ভুক্ত হৈ থকা নাই৷ ইংৰাজ পৰিৱেশবিদজনে বিশ বছৰ গভীৰ গৱেষণা আৰু অধ্যয়ন চলাই প্ৰাণীৰ বিতৰণ আৰু জীৱিত তথা লুপ্ত প্ৰাণীৰ মাজত থকা সম্পৰ্ক আৱিষ্কাৰ কৰিছিল আৰু অৱশেষত বহু নিযুত বছৰৰ পূৰ্বে বিলুপ্ত হৈ যোৱা প্ৰাণীৰ সৈতে এতিয়াৰ জীৱিত প্ৰাণীৰ মাজত থকা সম্পৰ্ক উদঘাটন কৰিবলৈ সক্ষম হৈছিল৷ ডাৰউইনৰ এই তত্ত্ব পাঠ্যপুথিৰ পৰা পৰিহাৰ কৰাৰ লগে লগে শিক্ষাৰ্থীসকল ক্ৰমবিৱৰ্তনৰ বুনিয়াদী ধাৰণাটোৰ পৰাই বঞ্চিত হ’ব৷