Logo
image

কেঞ্চাৰ-প্ৰৱণ চালানী মাছ নাখাবলৈ আহ্বান মীনমন্ত্ৰী শুক্লবৈদ্যৰ

আমাৰ অসম,২৭ এপ্ৰিলঃ  নগাঁও কলেজৰ প্ৰাণী বিজ্ঞান বিভাগৰ এটা গৱেষকৰ দলে তিনিমাহে গৱেষণা চলাই চালানী মাছত ১৫ শতাংশলৈকে কেন্সাৰপ্ৰৱণ ফৰ্মেলডিহাইডৰ উপস্থিতি ধৰা পেলোৱাৰ পাছত ৰাইজক ‘চালানী মাছ নাখাব’ বুলি পৰামৰ্শ দিলে ৰাজ্যৰ মীনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই৷ এই সন্দৰ্ভত আজি মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এনেদৰে ক’লে– ‘নিশ্চিতভাৱে তেওঁলোকে [নগাঁও কলেজে] তথ্য  গৱেষণাৰ ভিত্তিতহে চালানী মাছত ফৰ্মেলিন থকাৰ কথা কৈছে৷ আমি বিভাগৰ তৰফৰ পৰাও কৈ আহিছোঁ যে চালানী মাছত ফৰ্মেলিন থাকিব পাৰে৷ যিমানখিনি পৰা যায় চালানী মাছ খোৱাটো বন্ধ কৰিব লাগে৷ বাহিৰৰ পৰা অহা চালানী মাছ আমাৰ বিভাগে বন্ধ কৰিব নোৱাৰে৷ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীনস্থ ‘ফুট ছেফটী’য়েহে চালানী মাছৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে৷ আমাৰ বিভাগৰ কাম হৈছে থলুৱাভাৱে মাছৰ উৎপাদন বৃদ্ধি কৰা৷ আমি এতিয়া ৯৯-১০০ শতাংশ মাছ নিজাকৈ উৎপাদন কৰিবলৈ সক্ষম হৈছোঁ৷ অসমৰ উৎপাদিত মাছ এতিয়া মিজোৰাম, অৰুণাচল, আগৰতলা আদি ৰাজ্যলৈও যায়? অসমৰ পৰা যোৱা মাছত ফৰ্মেলিন নোলায়৷’ উল্লেখ্য, নগাঁও কলেজৰ [অট’নমাচ] অধ্যক্ষ ড॰ শৰৎ বৰকটকীৰ নিৰ্দেশত কলেজখনৰ প্ৰাণীবিজ্ঞান বিভাগে বজাৰত উপলব্ধ চালানী মাছত বিষাক্ত পদাৰ্থৰ উপস্থিতিৰ অধ্যয়নৰ বাবে এলানি পৰীক্ষা সম্পন্ন কৰিছিল৷ প্ৰাণীবিজ্ঞান বিভাগৰ অধ্যাপক ড॰ ললিত মোহন গোস্বামী, ড॰ ভুৱন চন্দ্ৰ চুতীয়া, ড॰ জ্যোতিস্মৃতা দাস, ড॰ প্ৰিয়াংকী শৰ্মা আৰু ড॰ মানস প্ৰতীম বৰাৰ নেতৃত্বত গৱেষক ছাত্ৰ-ছাত্ৰী আৰু স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ দলে তিনিমাহে পৰীক্ষা সম্পন্ন কৰি স্পষ্ট কৰে যে চালানী মাছত কেন্সাৰ সৃষ্টিকাৰী ফৰ্মেলডিহাইড ১৫ শতাংশলৈকে পোৱা গৈছে৷ নগাঁৱৰ বিভিন্ন ব্যৱসায়িক এলেকাৰ পৰা গৱেষকৰ দলটোৱে নমুনা সংগ্ৰহ কৰি গৱেষণা চলাইছিল৷ গৱেষকৰ দলটোৱে বিভাগৰ গৱেষণাগাৰত পুংখানুপুংখভাৱে অধ্যয়ন কৰি তথ্যৰ শুদ্ধতাৰ বাবে গুৱাহাটীস্থ উন্নতমানৰ পৰীক্ষাগাৰতো পৰীক্ষা সম্পন্ন কৰিছিল৷ ইয়াৰ উপৰি দলটিয়ে গুৰু ধাতু যেনে– কেডমিয়াম, প্ৰ’মিয়াম, আৰ্চেনিক, লিড আদিৰ উপস্থিতি সম্পৰ্কেও অধ্যয়ন অব্যাহত ৰাখিছে৷ প্ৰাৰম্ভিকভাৱে দলটিয়ে অধ্যয়নত ০.০০৩ শতাংশ কেডমিয়াম আৰু ০.১৫ শতাংশ আৰ্চেনিকৰ উপস্থিতি ধৰা পেলাইছে৷

নগাঁৱত ফৰ্মেলিনযুক্ত মাছ বিক্ৰীৰ বিৰুদ্ধে সৰৱ যুৱ-ছাত্ৰ

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ শেহতীয়াভাৱে নগাঁও মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ পৰীক্ষাগাৰত চালানী মাছত ফৰ্মেলিন, কেডমিয়াম, আৰ্ছেনিকৰ উপস্থিতি ধৰা পৰাত নগাঁৱৰ লগতে সমগ্ৰ অসমবাসী উদ্বিগ্ন হৈ পৰিছে৷ এই সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ পৰিষদে চালানী মাছৰ সৰবৰাহ বন্ধ কৰিবৰ বাবে দাবী জনাই মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰিছে৷ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বনিয়া আৰু সাধাৰণ সম্পাদক দেৱাৰ্শীষ দাসে এক বিবৃতিযোগে কয়, ফৰ্মেলিনযুক্ত মাছে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে৷  ইতিপূৰ্বে যুৱ-ছাত্ৰ পৰিষদে এই সন্দৰ্ভত বিভাগীয় কতৃৰ্পক্ষক অৱগত কৰিছিল আৰু তাৰ ফলশ্ৰুতিত এই অবৈধ কাৰবাৰ স্তিমিত হৈছিল৷  কিন্তু প্ৰশ্ন উঠে যে অসাধু চক্ৰই নিজৰ মুনাফা আদায়ৰ বাবে কেনেকৈ ট্ৰাকে ট্ৰাকে ফৰ্মেলিনযুক্ত মাছ নগাঁৱলৈ সৰবৰাহ কৰিব পাৰিছে? সেয়েহে বিভাগীয় কতৃৰ্পক্ষৰ জৰিয়তে ফৰ্মেলিনযুক্ত চালানী মাছৰ অবৈধ সৰবৰাহ বন্ধ কৰাৰ লগতে উক্ত ব্যৱসায়ৰ লগত জড়িত অসাধু ব্যৱসায়িক গ্ৰেপ্তাৰ কৰিবলৈ পৰিষদে দাবী জনাইছে৷ যুৱ ছাত্ৰ নেতাদ্বয়ে কয়, মাহে শ শ ট্ৰাকত আমদানি হোৱা চালানী মাছৰ গুণাগুণ নিৰূপণ সম্পৰ্কত নগাঁও জিলাৰ স্বাস্থ্য বিভাগৰ একেবাৰে কাণষাৰ নথকাতো অতিকৈ ৰহস্যৰ বিষয়৷ বিষয়টো যিহেতু জনস্বাস্থ্যৰ লগত জড়িত সেয়েহে অনতিপলমে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰিষদে দাবী জনাই নগাঁৱৰ উপায়ুক্তৰ যোগেদি এক স্মাৰক-পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে৷ শীঘ্ৰে ফলপ্ৰসূ সিদ্ধান্ত গ্ৰহণ নকৰিলে এই অবৈধ ব্যৱসায় পৰিষদৰ তৰফৰ পৰা বন্ধ কৰি দিয়া হ’ব বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে৷