Logo
image

‘আমাৰ অসম’ৰ জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মালৈ প্ৰণৱ সিংহ বঁটা

আমাৰ অসম,২৮ এপ্ৰিলঃ অসমৰ সংবাদ আৰু সাংস্কৃতিক জগতৰ পৰিচিত ব্যক্তি, জ্যেষ্ঠ সাংবাদিক, ‘আমাৰ অসম’ৰ ডেপুটী এডিটৰ গৌতম শৰ্মালৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ ‘প্ৰণৱ সিংহ স্মাৰক বঁটা’৷ উল্লেখ্য, শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নে প্ৰতিবছৰে অসমৰ সাহিত্য-সংস্কৃতি তথা সংবাদ জগতৰ একোজনকৈ বিশিষ্ট ব্যক্তিলৈ আগবঢ়াই আহিছে সাংবাদিক  প্ৰণৱ সিংহ স্মাৰক বঁটা৷ তেজপুৰকে ধৰি সমগ্ৰ উত্তৰ অসমৰ সংবাদ জগতৰ মহীৰূহস্বৰূপ প্ৰণৱ সিংহৰ ১ মে’ৰ মৃত্যুতিথিৰ দিনটোত শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নে প্ৰণৱ সিংহ স্মৃতিচাৰণ সভা আৰু স্মাৰক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰিছে৷ এই দিনটোতেই ‘আমাৰ অসম’ৰ জ্যেষ্ঠ সাংবাদিক তথা সাংস্কৃতিককৰ্মী গৌতম শৰ্মাক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হ’ব বুলি শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভাপতি সঞ্জীৱ হাজৰিকা আৰু সাধাৰণ সম্পাদক মনোজ কুমাৰ শইকীয়াই জানিবলৈ দিয়ে৷ উক্ত অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভুনাথ সিং, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, বিশিষ্ট নাট্যকাৰ-পৰিচালক ঐশ্বৰ্য কাকতি, অধ্যাপক ড॰ প্ৰাণজিৎ হাজৰিকা প্ৰমুখ্যে তেজপুৰৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰত জড়িত কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব৷