Logo
image

ছোনিয়া গান্ধীক 'বিষকন্যা' আখ্যা বিজেপি বিধায়কৰঃ লগতে ক'লে, চীন আৰু পাকিস্তানৰ এজেণ্ট ছোনিয়া গান্ধী

ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধীৰ মাজত আৰম্ভ হৈছে তীব্ৰ বাকযুদ্ধ৷ শেহতীয়াকৈ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাপ বুলি অভিহিত কৰাৰ পিছতে গৰম হৈছে কৰ্ণাটকৰ ৰাজনীতি৷ মল্লিকাৰ্জুন খাৰ্গেৰ মন্তব্যৰ পিছতে বিজেপি বিধায়ক য়াটনালে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ ছোনিয়া গান্ধীক 'বিষকন্যা' বুলি অভিহিত কৰিছে। 

মোদীক বিষাক্ত সাপ বুলি অভিহিত কৰাৰ পিছতে কংগ্ৰেছ নেতা মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে নিৰ্বাচন আয়োগত অভিযোগ দাখিল কৰিছে বিজেপিয়ে৷ ইফালে ছোনিয়া গান্ধীৰ বিৰুদ্ধে বিজেপি নেতাৰ বিতৰ্কিত মন্তব্য পিছতে কংগ্ৰেছেও এজাহাৰ দাখিল কৰিছে৷

উল্লেখ্য যে য়াটনালে কপ্পালত এখন ৰাজহুৱা সভাত কয় যে সমগ্ৰ বিশ্বই প্ৰধানমন্ত্ৰী মোদীক গ্ৰহণ কৰিছে। আমেৰিকাই এটা সময়ত তেওঁৰ ভিছা প্ৰত্যাখ্যান কৰিছিল। পিছত তেওঁক ৰঙা দলিচা পাৰি আমেৰিকালৈ আদৰণি জনায়। খাৰ্গেৰ 'বিষাক্ত সাপ' মন্তব্যৰ বিৰোধিতা কৰি বিধায়কজনে কয় যে এতিয়া তেওঁলোকে প্ৰধানমন্ত্ৰী মোদীক সাপৰ সৈতে তুলনা কৰিছে আৰু কৈছে যে তেওঁলোকে বিহ উলিয়াব।লগতে বিজেপি বিধায়কজনে কয় যে আপুনি নৃত্য কৰি থকা দলটোত ছোনিয়া গান্ধী এগৰাকী বিষকন্যা নেকি? তেওঁ লগতে কয় যে ছোনিয়াই চীন আৰু পাকিস্তানৰ সৈতে তেওঁলোকৰ এজেণ্ট হিচাপে কাম কৰিছিল।