Logo
image

প্ৰধানমন্ত্ৰী মোদীক যিমান গালি দিব, সিমানেই ফুলিব পদুমঃ অমিত শ্বাহ

ডিজিটেল ডেস্কঃ কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে গৰম হৈ পৰিছে কৰ্ণাটকৰ ৰাজনীতি৷ শাসক-বিৰোধীৰ মাজত তীব্ৰ বাকযুদ্ধ আৰম্ভ হৈছে৷ কংগ্ৰেছে প্ৰধানমন্ত্ৰী মোদীক 'বিষাক্ত সাপ' বুলি আখ্যা দিয়াৰ পিছত ইয়াৰ প্ৰত্যুত্তৰত কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধীক 'বিষকন্য়া' বুলি অভিহিত কৰিছে বিজেপিয়ে৷

শেহতীয়াকৈ কংগ্ৰেছৰ সভাপতি মল্লিকাজুন খাৰ্গেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক 'বিষাক্ত সাপ' বুলি অভিহিত কৰিছে৷ কংগ্ৰেছৰ সভাপতিৰ বিতৰ্কিত মন্তব্যৰ প্ৰত্যুত্তৰ দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ গৃহমন্ত্ৰী অমিত শ্বাহে কৰ্ণাটকৰ এখন নিৰ্বাচনী সভাত কংগ্ৰেছক লক্ষ্য কৰি কয় যে সমগ্ৰ বিশ্বই প্ৰধানমন্ত্ৰী মোদীক সন্মান কৰে আৰু কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতিয়ে তেওঁক বিষাক্ত সাপ বুলি অভিহিত কৰিছে৷ ছোনিয়া গান্ধীয়ে তেওঁক মৃত্যুৰ সদাগৰ বুলি অভিহিত কৰে। লগতে তেওঁ কয়  যে কংগ্ৰেছে মোদীজীক যিমানে গালি পাৰিব, সিমানেই পদুম ফুলিব৷

অমিত শ্বাহে কয় যে কৰ্ণাটকত পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে বিজেপিয়ে চৰকাৰ গঠন কৰিব। তলত বিজেপি চৰকাৰ আৰু ওপৰতো বিজেপি চৰকাৰ৷ ডাবল ইঞ্জিনৰ মোদী চৰকাৰে কৰ্ণাটকক আগুৱাই নিব। যদি নিৰ্বাচনত কংগ্ৰেছ জয়ী হয় তেন্তে কৰ্ণাটকক পুনৰ ৰিভাৰ্চ গিয়াৰত ৰাখিব কংগ্ৰেছে৷

কৰ্ণাটক বিধানসভা নিৰ্বাচন ১০ মে'ত অনুষ্ঠিত হ'ব। ১৩ মে'ত ঘোষণা কৰা হ'ব নিৰ্বাচনৰ ফলাফল। কৰ্ণাটকত মুঠ ৫,২১,৭৩,৫৭৯ জন ভোটাৰ আছে৷ আনহাতে ৯.১৭ লাখ নতুন ভোটাৰ যোগ কৰা হৈছে। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ব্যাপক নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে শাসক-বিৰোধী৷