Logo
image

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্রত্যাহ্বান আপৰঃ নাবালিকাক বলাৎকাৰ কৰা বিজেপি নেতাক গ্ৰেপ্তাৰৰ দাবী

ডিজিটেল সংবাদ, গুৱাহাটীঃ সততে মহিলা-যুৱতীৰ সুৰক্ষাৰ কথা কৈ অহা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক প্রত্যাহ্বান জনাইছে আপে । যদি কৰ্ণাটকত গৈ অসম আৰক্ষীয়ে কংগ্ৰেছ নেতাক অসমৰ নাৰীক দুৰ্ব্যৱহাৰ কৰা বুলি জাননী জাৰি কৰি আহিব পাৰে তেন্তে নাবালিকা বলাৎকাৰী অসমৰ তিনিচুকীয়া জিলাৰ কাটানী গাঁৱৰ বিজেপি নেতা সমুন্দ্ৰ ৰায় লিম্বুক কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই বুলি প্ৰশ্ন কৰিছে আপে। 

শুকুৰবাৰে বিয়লি আপৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক এইদৰে প্রত্যাহ্বান জনাইছে আপৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই৷ সংবাদ মেলত অনুৰূপা ডেকাৰজাই কয় যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অসমৰ কন্যা শিশু, নাবালিকা, যুৱতী আৰু মহিলা যে তিলমানো সুৰক্ষিত নহয়৷ শেহতীয়াকৈ তিনিচুকীয়াৰ কাটানী গাঁৱত হোৱা এলানি দুখজনক ঘটনাই উদঙাই দিছে। এগৰাকী ১৩ বছৰীয়া কিশোৰীক সমুন্দ্ৰ ৰায় লিম্বু নামৰ বিজেপিৰ গাঁও পঞ্চায়তৰ সভাপতিয়ে মানসিক আৰু শাৰীৰিক নিৰ্যাতনৰ লগতে বলাৎকাৰ কৰাৰ পাছতো অভিযুক্তজনৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা নোলোৱা কাৰ্যক আপৰ ফালৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা  দিছোঁ। বিজেপি চৰকাৰৰ  'বেটী বাচাও, বেটী পঢ়াও'ৰ দৰে শুনিবলৈ ভাল লগা শ্ল'গান দি ক্ষমতা দখল কৰা বিজেপি চৰকাৰৰ দিনত মহিলাৰ সুৰক্ষাৰ বাবে চৰকাৰে কৰিবলগীয়া ন্যূনতম দায়িত্বখিনিও পালন কৰা নাই। যোৱা ২১ মাৰ্চতে ভুক্তভোগী পৰিয়ালটোৱে বৰডুবি থানাত এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল। নাবালিকা কন্যাৰ ন্যায় নাপাই মাতৃ বুধনী প্ৰজাই ৰঙালী বিহুৰ দিনাই আত্মহত্যা কৰিবলৈ বাধ্য হ'ল। একেখন ঘৰতে দুটাকৈ দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱাৰ পাছতো বিজেপি চৰকাৰৰ গা লৰা নাই। দুৰ্ভগীয়া পৰিয়ালটোৰ ন্যায়ৰ হকে আপে মাত মাতি যাব। 

ভুক্তভোগী পৰিয়ালটোক চৰকাৰে সাহায্য দিয়াৰ লগতে কিশোৰীগৰাকীৰ ভৰণ-পোষণৰ সমস্ত দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে ল'বই লাগিব। অন্যথা আপে ইয়াৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিব বুলি ঘোষণা কৰে অনুৰূপা ডেকাৰজাই । আনহাতে সংবাদ মেলত আপৰ  মহিলা শক্তিৰ সম্পাদিকা মিতালি গগৈ ঢেকিয়াল ফুকন আৰু কামৰূপ মহানগৰ জিলাৰ উপ-সভানেত্ৰী হেপ্পী গগৈও উপস্থিত থাকে।