Logo
image

গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ উদ্যোগত অহা ৩ আৰু ৪ মে'ত দুদিনীয়া কাৰ্যসূচীৰে  "Challenges and Prospects of  Bioresource conservation in Eastern Himalaya with special reference to UN sustainable development goals" বিষয়ৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে।  

আলোচনা চক্ৰখনত বিশিষ্ট আলোচক হিচাপে বক্তৃতা প্ৰদান কৰিব থাইলেণ্ডৰ Mahidol University International Collegeৰ প্ৰাক্তন  অধ্যাপক তথা IUCN ৰ প্রাইমেট বিশেষজ্ঞ গ্ৰুপৰ আঞ্চলিক উপ সঞ্চালক ৰমেশ জিমব' বোনৰ'টনে্'। তেওঁ "Bioresource conservation and management in Eastern Himalayas : Challenges , Prospects and the Role and Obligations of the Academia" বিষয়ৰ ওপৰত আলোকপাত কৰিব। ইয়াৰ উপৰি আলোচনা চক্ৰখনিৰ বিষয়বস্তুৰ ওপৰত ৩০ৰো অধিক নিমন্ত্ৰিত বক্তাই তথ্যপূৰ্ণ সাৰুৱা বক্তব্য ৰাখিব ।