Logo
image

ডিব্ৰুগড় জে’লৰ পৰা কি চিঠি লিখিলে অমৃতপালে

আমাৰ অসম,২৯ এপ্ৰিলঃ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙৰ এখন বিশেষ পত্ৰই তোলপাৰ লগাইছে দেশ৷ বন্ধ কোঠাৰ পৰা অধিবক্তাৰ জৰিয়তে পঞ্জাৱৰ চৰ্দাৰপন্থীলৈ প্ৰেৰণ কৰিছে বিশেষ বাৰ্তা৷ বৃহস্পতিবাৰে কাৰাবন্দী খালিস্তানপন্থী সমৰ্থকৰ পৰিয়ালৰসহিতে পৃথকে অমৃতপাল সিঙক সাক্ষাৎ কৰিছিল জ্যেষ্ঠ অধিবক্তা ভাগৱন্ত সিং চিয়ালকা আৰু চিমৰণজিৎ সিঙে৷ প্ৰায় ৰঘণ্টা ধৰি অমৃতপাল সিঙৰ সৈতে হোৱা সাক্ষাতৰ সময়তে দুই অধিবক্তাৰ হাতত  দিছিল এখন বিশেষ পত্ৰ৷ এই পত্ৰখন ৰাজহুৱা কৰে দুই অধিবক্তাই৷ পঞ্জাৱী ভাষাত লিখা পত্ৰখনত অমৃতপাল সিঙে কয় যে, মই ভগৱানৰ চৰণত কুশলে আছোঁ৷ মোক লৈ চিন্তা কৰিবলগীয়া একো নাই৷ চৰকাৰে শিখসকলৰ ওপৰত অত্যাচাৰ-শোষণ চলাইছে৷ চৰ্দাৰপন্থী আৰু পঞ্জাৱৰ খিলঞ্জীয়া লোকসকলৰ ওপৰত চৰম প্ৰতাৰণা কৰা হৈছে৷ পঞ্জাৱৰ গাঁৱে-ভূঁঞে আমাৰ ওপৰত অপপ্ৰচাৰ চলাইছে৷ একেখন পত্ৰত অমৃতপাল সিঙে লিখিছে যে, শিখ মনৰ আৰু সৱল অধিবক্তাৰ এটা পেনেল গঠন হ’ব লাগে৷ য’ত সকলো গোচৰৰ পক্ষ ল’ব আৰু কোনেও ব্যক্তিগতভাৱে দাবী নকৰে৷ উল্লেখ্য, বৃহস্পতিবাৰে পঞ্জাৱৰ দুই অধিবক্তাই অমৃতপাল সিঙক সাক্ষাতৰ সময়ছোৱাত শিখসকললৈ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়াইছিল৷ তেওঁ কয় যে, এই বিষয়ত আইনী পেনেল গঠন হ’ব লাগে৷ যিমানখিনি পঞ্জাৱত গোচৰ তৰা হৈছে সেই গোচৰসমূহৰ বিচাৰ প্ৰক্ৰিয়া চলাই নিব৷ তদুপৰি, তেওঁ অধিবক্তাৰ জৰিয়তে আৰু কয় যে, চৰকাৰে অমৃতপাল সিং আৰু তেওঁৰ সতীৰ্থৰ বিৰুদ্ধে উত্থাপন কৰা সকলো অভিযোগ ভিত্তিহীন৷ যদিহে মোৰ ওপৰত উঠা অভিযোগৰ প্ৰমাণ দিব পাৰে তেনেহ’লে চৰকাৰে দিব খোজা সকলো শাস্তি মূৰ পাতি ল’ম৷ মন কৰিবলগীয়া যে, ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙসহ দহ খালিস্তানী সমৰ্থকক লৈ নিৰাপত্তা বৃদ্ধি কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে৷ বিশেষকৈ অজ্ঞাত স্থানৰ পৰা প্ৰেৰণ কৰা বিশেষ অডিঅ’ কলটোৰ পাছতে অধিক তৎপৰতা বৃদ্ধি পাইছে ডিব্ৰুগড় আৰক্ষী আৰু কাৰাগাৰ কতৃৰ্পক্ষৰ৷ আনহাতে, বৃহস্পতিবাৰৰ দিনটোত জ্জ্বজনীয়া পৰিয়ালৰ সদস্যই এন এছ এৰ গোচৰত বন্দী হৈ থকা কাৰাবন্দীসকলক সাক্ষাৎ কৰিছিল৷ অৱশ্যে ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙক সাক্ষাতৰ অনুমতি নাপালে পৰিয়ালৰ সদস্যই৷ অমৃতপালক সাক্ষাতৰ বাবে পঞ্জাৱৰ পৰা আহিছিল খুড়াক৷ অমৃতসৰ প্ৰশাসনে অমৃতপালক সাক্ষাতৰ অনুমতি নিদিয়াত খুড়াকে ভাতৃ হৰিজিৎ সিঙক সাক্ষাৎ কৰিয়েই উভতি আহিবলগীয়া হয়৷ শেহতীয়াকৈ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত অমৃতপাল সিঙৰ উপৰি দলজিৎ সিং কালচী, পাপলপ্ৰীত সিং, কুলৱাণ্ট সিং ধালিয়াল, ৱাৰিন্দ্ৰৰ সিং জোহাল, গুৰমীত সিং ভূষণৱালা, হৰিজিৎ সিং, ভগৱন্ত সিং, বসন্ত সিং আৰু গুৰিন্দৰপল সিং আউজলা৷ সম্প্ৰতি আটাইকেইজন খালিস্তানী সমৰ্থকৰ বিৰুদ্ধে পঞ্জাৱ চৰকাৰে জাপি দিয়া হৈছে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ দৰে ক’লা আইন৷ ইফালে খালিস্তানী সমৰ্থকসকলক নিজ ৰাজ্যলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ আইনী প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা প্ৰকাশ কৰিছে পঞ্জাৱৰ অধিবক্তাদ্বয়ে৷