Logo
image

কৰ্ণাটক ৰক্ষাৰ বাবে সপ্তাহত ৪ দিনকৈ মোদীৰ জনসভা

আমাৰ অসম,২৯ এপ্ৰিলঃ  দলীয় অন্তৰ্কন্দলত বিজেপি বিধবস্ত, বিৰোধী দল কংগ্ৰেছ আৰু জেডি[এছ]ৰ ক্ৰমবৰ্ধিত উত্থানত শংকিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব প্ৰায় এককভাৱে কান্ধত তুলি লৈছে৷ আজি শুকুৰবাৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অহা ১০ মে’ৰ নিৰ্বাচনৰ আগলৈকে কৰ্ণাটকত ২০-২২ খন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব৷ দিনে কমেও দুখনকৈ সভাত তেওঁ ভাগ ল’ব আৰু তাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দিল্লীৰ পৰা দৈনিক কৰ্ণাটকলৈ অহা-যোৱা কৰিব৷ দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰশাসনীয় সকলো কাম-কাজ পিছ পেলাই এনেদৰে কেৱল নিৰ্বাচনী  সভাত মগ্ন হোৱাৰ বিষয়টোৱে বহুতকে আচৰিত কৰি তুলিছে৷ দলৰ প্ৰয়োজনত প্ৰায়ে দেশৰ প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনী সভাত ভাগ লয়, সেয়া কোনো অস্বাভাৱিক বিষয় নহয়৷ কিন্তু বিজেপিৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইমানদিনে যিদৰে নিৰ্বাচনী প্ৰচাৰত মগ্ন হৈ পৰিছে আৰু এইবাৰো কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰত যিদৰে নিজকে নিয়োজিত কৰিবলৈ আগবাঢ়িছে সেয়া দেশৰ প্ৰধানমন্ত্ৰী হিচাপে একপ্ৰকাৰ অস্বাভাৱিক ঘটনা৷ সন্দেহ নাই, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিজেপিৰ আটাইতকৈ শক্তিশালী আৰু জনপ্ৰিয় তাৰকা প্ৰচাৰক৷ প্ৰধানমন্ত্ৰী মোদীৰ যাদু এতিয়াও অব্যাহত৷ বিজেপিয়ে মোদীৰ সেই যাদু প্ৰদৰ্শন কৰিয়েই কৰ্ণাটকত বৈতৰণী পাৰ হ’বলৈ চেষ্টা চলাইছে৷ 

কৰ্ণাটকৰ সাম্প্ৰতিক বিজেপি চৰকাৰখন প্ৰতিষ্ঠানবিৰোধী ঢৌৰ সন্মুখীন হৈছে৷ তদুপৰি কৰ্ণাটক বিজেপিত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পৰাই গৰাখহনীয়া আৰম্ভ হৈছে৷ অন্তৰ্কন্দল আৰম্ভ হৈছিল ঘাইকৈ টিকট বিতৰণক কেন্দ্ৰ কৰি৷ প্ৰাৰ্থিত্ব নাপাই ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগদীশ ছেট্টাৰে বিজেপি এৰি কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতাত নামিছে৷ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী লক্ষ্মণ ছাভাড়ি, ছবাৰৰ বিধায়ক এছ আংগাৰা, বিধায়ক আৰ শংকৰ, এম পি কুমাৰাস্বামী, বিশ্বনাথ পাটিল, ৰঘুপতি ভাট, আইনুৰ মঞ্জুনাথকে ধৰি অনেক শীৰ্ষ বিজেপি নেতাই দল ত্যাগ কৰি কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দ্বিতাত নামিছে৷ ইয়াৰ ফলত স্বাভাৱিকতে বিপদত পৰিছে বিজেপি৷ প্ৰসংগতঃ উল্লেখযোগ্য, ২০২০ চনৰ জুনত ১৪ মহীয়া কংগ্ৰেছ-জেডি[এছ]ৰ জোঁট চৰকাৰখন ভাঙি বিজেপিয়ে কৰ্ণাটকত ক্ষমতা অৰ্জন কৰিছিল৷ নিৰংকুশ সংখ্যাগৰিষ্ঠতা সেইবাৰ বিজেপিয়ে লাভ কৰা নাছিল৷ কিন্তু কংগ্ৰেছৰ বিধায়ক ভাঙি আনি মুম্বাইৰ এখন ৰিৰ্জটত বন্দী কৰি ৰাখি বিজেপিয়ে জোঁট চৰকাৰ ভঙাই নহয়, নিজে ক্ষমতা অৰ্জন কৰিছিল৷ এইবাৰ বিজেপি পুনৰ বিপদত৷ ইপিনে, ৰাজ্যখনত একেটা দলৰ চৰকাৰ উপৰ্যুপৰি দ্বিতীয়বাৰ হোৱাৰ  উদাহৰণ নাই৷ এই সকলো পৰিস্থিতি গমি-পিটি চাই নৰেন্দ্ৰ মোদী সৰ্বাত্মকভাৱে কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰত নমাৰ গত্যন্তৰ নাই বুলি দল আৰু শীৰ্ষ নেতৃত্বই উপলব্ধি কৰিছে৷ সেয়ে আজি শুকুৰবাৰৰ পৰা দৈনিক কমেও দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ পৰিকল্পনা লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিৰ্বাচনী যুদ্ধত নামি পৰিছে৷ বৃহস্পতিবাৰে মোদীয়ে দিল্লীৰ পৰা ভাৰ্চুৱেল মাধ্যমত দলৰ বুথকৰ্মীসকলৰ উদ্দেশ্যে ভাষণ দিয়ে৷ তেওঁলোকক দহজনীয়া দল বান্ধি ঘৰে ঘৰে যাবলৈ পৰামৰ্শ দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে৷ তেওঁ কৰ্মীসকলক কয় যে ৰাজ্যৰ ভোটৰক ডাবোল-ইঞ্জিন চৰকাৰৰ সুফল বুজাব লাগে৷ মাৰুতি গাড়ী চকা ট্ৰাক লগালে যেনেদৰে ট্ৰাক নচলে ঠিক সেইদৰে বিৰোধী দলৰ চৰকাৰ বনালে লাভ নহয় বুলি কৰ্ণাটকৰ ভোটাৰক বুজাবলৈ তেওঁ বুথকৰ্মীক আহ্বান জনায়৷ মোদীৰ মতে ডাবোল-ইঞ্জিন চৰকাৰ হ’লেহে ৰাজ্যবাসীয়ে সুফল লাভ কৰিব৷ বিৰোধী দলৰ চৰকাৰ হ’লে কেন্দ্ৰৰ পৰা প্ৰয়োজনীয় সাহায্য লাভ কৰাটো টান হ’ব বুলি বুজাবলৈ তেওঁ বুথকৰ্মীসকলক আহ্বান জনায়৷