Logo
image

বিবিচিৰ অধ্যক্ষ ৰিচাৰ্ড শ্বাৰ্পৰ পদত্যাগ

আমাৰ অসম,২৯ এপ্ৰিলঃ  বিশ্বৰ আগশাৰীৰ ব্ৰিটিছ সংবাদ মাধ্যম ‘বিবিচি’ পুনৰ চৰ্চালৈ আহিছে৷ বিবিচিৰ অধ্যক্ষ ৰিচাৰ্ড শ্বাৰ্পে পদত্যাগ কৰাক কেন্দ্ৰ কৰি চৰ্চলৈ আহিছে সংবাদ মাধ্যমটো৷ উল্লেখ্য যে ব্ৰিটেইনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী বৰিছ জনছনক ঋণ যোগাৰ কৰি দিয়াৰ গোচৰত তেওঁ এনেদৰে পদত্যাগ কৰিবলৈ বাধ্য হৈছে৷ বৰিছ জনছন প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়ত ৰিচাৰ্ডে জনছনৰ বাবে ঋণ যোগাৰ কৰি দিছিল আৰু ইয়াৰ বিনিময়ত চৰকাৰে সাৰ্বজনীন নিযুক্তিৰ সকলো নীতি-নিয়ম ভংগ কৰি তেওঁক বিবিচিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ অভিযোগ উঠিছিল৷  অৱশেষত ৰিচাৰ্ড শ্বাৰ্পে শুকুৰবাৰে পুৱা পদত্যাগৰ কথা ঘোষণা কৰে৷ অৱশ্যে নতুন অধ্যক্ষ নিযুক্তি নোহোৱালৈকে জুন মাহলৈ তেওঁ এই দায়িত্বত থাকিব৷