Logo
image

সুৰাৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত লাখ লাখ টকা প্ৰৱঞ্চনা, আৰক্ষীৰ জালত যুৱতী

আমাৰ অসম,২৯ এপ্ৰিলঃ সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত কোটি কোটি টকা সংগ্ৰহ কৰি আত্মগোপন কৰি থকা প্ৰৱঞ্চক যুৱতী অৱশেষত আৰক্ষীৰ জালত পৰে৷ গুৱাহাটীৰ গড়চুক থানাৰ অন্তৰ্গত লালুংগাঁৱৰ বাসগৃৰ পৰা গ্ৰেপ্তাৰ কৰা প্ৰৱঞ্চকগৰাকী হৈছে তিলক ৰাভাৰ দুহিতা পল্লবী ৰাভা [২২]৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, গুৱাহাটীৰ কে আৰ বি ৰোডৰ বাসিন্দা উজ্বল দাসক তেওঁৰ দুই বন্ধু ক্ৰমে ৰূপজ্যোতি কলিতা আৰু তেওঁৰ পত্নী বৰ্ষা নাথ কলিতাই পল্লবী ৰাভাৰ সৈতে চিনাকি কৰি দিয়ে৷ ৰূপজ্যোতি কলিতা আৰু বৰ্ষা নাথ কলিতাই পল্লবী ৰাভাই সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰ দিব পাৰে বুলি উজ্বল দাসক জানিবলৈ দিয়ে৷ প্ৰথম চিনাকিতেই পল্লবী ৰাভাই আৱকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য, মুখ্য সচিব আৰু বিজেপিৰ নেতাৰ লগত সু-সম্পক থকা বুলি কৈ উজ্জল দাসক এখন সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰ দেখুওৱাই আৰু সেইখন অনুজ্ঞাপত্ৰ বিক্ৰী কৰিব বুলি কয়৷ এই অনুজ্ঞাপত্ৰখন উজ্বল দাসৰ নামত স্থানান্তৰ কৰিবলৈ ৩মাহ সময় লাগিব বুলি উল্লেখ্য কৰি পল্লবী ৰাভাই কয় যে ইয়াৰ পুৰ্বে অনুজ্ঞাপত্ৰখন স্থানান্তৰৰ বাবে উজ্জল দাসৰ নামত এখন পঞ্জীয়ন শপত নামা প্ৰস্তুত কৰিব লাগিব৷ শপত নামত প্ৰস্তুত কৰাৰ পাছত পল্লবী ৰাভাই উজ্জল দাস ধন আদায় দিবলৈ কয়৷ সেই মতে উজ্বল দাসে ভাৰতীয় ষ্টেট বেংকৰ চেক আৰু গুগোল পেৰ জৰিয়তে পল্লবী ৰাভাক ২০২২ বৰ্ষৰ ছেপ্টেম্বৰ মাহত ৯.৩০ লাখ টকা আদায় দিয়ে৷ ধন আদায় দিয়াৰ পাছত তিনি মাহ অতিক্ৰম কৰাৰ পাছতো পল্লবী ৰাভাই উজ্জল দাসক সুৰাৰ বিপনীৰ অনুজ্ঞাপত্ৰ দিয়া নাছিল৷ অনুজ্ঞাপত্ৰ আজি দিম কালি দিম বুলি কৈ পল্লৱী ৰাভাই উজ্জলক প্ৰৱঞ্চনা কৰি আছিল৷ অতিষ্ঠ হৈ উজ্জল দাসে পল্লৱী ৰাভাৰ লালুংগাঁৱৰ ঘৰলৈ যায় যদিও ঘৰৰ বাহিৰৰ পৰা তলা মাৰা প্ৰত্যক্ষ কৰে৷ এনেদৰে ২০বাৰতকৈ অধিকবাৰ পল্লবীৰ ঘৰলৈ গৈ উজ্জল দাসে পল্লবীৰ ঘৰৰ বাহিৰৰ পৰা তলা মাৰি থৈ দিয়ে আৰু পিছফালৰ পৰা দুৱাৰ খোলা ৰখা ধৰা পেলায়৷ ইয়াৰ পাছতে উজ্জল দাসে পল্লবী ৰাভাক টানকৈ ধৰাত পল্লবীয়ে আৱকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ছীল চহী  মৰা টোকা এটা দেখুওৱাই এমাহৰ  ভিতৰত তেওঁৰ কাম হৈ যাব বুলি প্ৰতিশ্ৰুতি দিয়ে৷ এমাহ অতিক্ৰম কৰাৰ পাছত উজ্জলে পল্লবীক ফোন কৰাত ফোন ৰিছিভ নকৰা হ’ল৷ উপায়হীন হৈ উজ্জলে আবকাৰী বিভাগৰ কাৰ্যালয়লৈ গৈ নিজাববীয়াকৈ তদন্ত কৰি পল্লবী ৰাভা এগৰাকী মহা-প্ৰৱঞ্চক বুলি ধৰা পেলায়৷ তদুপৰি পল্লবী ৰাভাৰ নেতৃত্বত ১০-১২জনীয়া এটা দলে ৰাজ্যখনত সুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ দিয়াৰ নামত বৃহৎ বজাৰ গঢ়ি তোলা বুলি উজ্জলে ধৰা-পেলায়৷ ঘটনা সন্দৰ্ভত উজ্জল দাসে পল্লবীৰ বিৰুদ্ধে যোৱা ১১ এপ্ৰিলত ভৰলুমুখ থানাত এজাহাৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তি আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে৷ যথেষ্ঠ সাক্ষ্য প্ৰমাণ লাভ কৰি আজি ভৰলুমুখ আৰক্ষীয়ে প্ৰৱঞ্চক পল্লবী ৰাভাক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰায়৷ আদালতে ধৃত পল্লবীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ ভৰলুমুখ আৰক্ষীয়ে আন আন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিবলৈ তীব্ৰ অভিযান চলাই আছে৷