Logo
image

যৌতুক লাগেঃ চিলাপথাৰত বোৱাৰীক গছত বান্ধি অত্যাচাৰ

ডিজিটেল সংবাদ, চিমেন চাপৰিৰ প্ৰতিবেদকঃ চৰকাৰে মহিলা সুৰক্ষাৰ বাবে বিভিন্ন আইন প্ৰণয়ন কৰিছে যদিও প্ৰকৃতাৰ্থত ৰাজ্যৰ মহিলা সমাজ কিমান সুৰক্ষিত হৈছে সেয়া আজিৰ তাৰিখৰ এক ডাঙৰ প্ৰশ্ন৷ যৌতুকৰ বাবেই চিলাপথাৰৰ এগৰাকী বোৱাৰীক স্বামীৰ পৰিয়ালে অকথ্য নিৰ্যাতন চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে নিৰ্যাতিতা বোৱাৰীগৰাকীৰ লগতে তেওঁৰ পৰিয়ালে।

নিৰ্যাতিত মহিলাগৰাকীৰ পৰিয়ালে চাউলধোৱা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক এই বিষয়ত গোচৰ দিয়াৰ পাছতো কোনো ব্যৱস্থা নোলোৱা তথা মহিলাগৰাকীৰ স্বামীৰ পৰিয়ালক ফোন কৰি সমগ্ৰ ঘটনা অৱগত কৰাৰ অভিযোগ উঠিছে আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে৷ এই ঘটনাৰ পিছত চিলাপথাৰ আঞ্চলিক মহিলা সমিতিয়ে ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে ৷ 

ইতিমধ্যে নিৰ্যাতনৰ বলি হোৱা মহিলাগৰাকীৰ পিতৃ-মাতৃৰ পৰিয়ালে ধেমাজি জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত গোচৰ ৰুজু কৰিছে ৷ অভিযোগ অনুসৰি, ঘটনাটোত ক্ৰমে পৰিমল দাস, মাখন দাস, ৰজন দাস, মহাৰত্ন হাজং, সুমতি চক্ৰৱৰ্তী, শ্ৰীমতী অকই দাস, অৰুণা দাস, সুনীতা দাস, বাসন্তী দাস আদিকে ধৰি ১০ গৰাকীৰ নাম গোচৰত অন্তৰ্ভুক্ত হৈছে ৷ ইপিনে ঘটনাটোৰ ওপৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ইতিবাচক পদক্ষেপ কামনা কৰাৰ লগতে দোষীক কঠোৰৰ পৰা কঠোৰম শাস্তি প্ৰদান কৰিবলৈ মহিলা সমিতিৰ সাধাৰণ সম্পাদিকা ৰঞ্জিতা বৰুৱাই অনুৰোধ জনাইছে ৷