Logo
image

ছয়গাঁৱৰ ঘোঁৰামাৰা পথাৰত ভয়ংকৰ অগ্নিকাণ্ডঃ প্ৰায় ৭ লক্ষাধিক টকাৰ ক্ষতিসাধন

ডিজিটেল সংবাদ, বকোঃ কামৰূপ জিলাৰ ছয়গাঁৱ সমষ্টিৰ গৰৈমাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ঘোঁৰামাৰা পথাৰত শকুৰবাৰে সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা । জানিব পৰা মতে, খবিৰ উদ্দিন নামৰ লোক এজনৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ ফলততে সম্পূৰ্ণ ভস্মীভূত হৈ পৰে বাসগৃহ। ইফালে, অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা পিছত স্থানীয় ৰাইজে জুই নিৰ্বাপণ কৰিবলৈ আপ্ৰাণ চেষ্টা চলায় যদিও সকলো ভস্মীভূত হয়। 

অগ্নিকাণ্ডত ঘৰৰ সকলো সা-সম্পত্তি জুইত জাহ যোৱাৰ লগতে  প্ৰায় ৩ লাখ নগদ টকা ছাই হৈ যায় ৷  সোণ-ৰূপৰ আ-অংলকাৰ, নগদ ধনৰ লগতে প্ৰয়োজনীয় নথিপত্ৰসহ প্ৰায় ৭  লক্ষাধিক টকাৰ ক্ষতি সাধন হয় বুলি পৰিয়ালৰ সূত্ৰে জানিব পৰা গৈছে ৷ উল্লেখ্য যে বিদ্যুতৰ শ্বৰ্ট ছাৰ্কিটৰ ফলতেই এই ভয়ানক অগ্নিকাণ্ড সংঘটিত হোৱা বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে ।