Logo
image

বনৰীয়া গৰুৰ আক্ৰমণত বনকৰ্মীসহ তিনিজন আহত

ডিজিটেল সংবাদ,মুছলপুৰঃ মুছলপুৰৰ সমীপৱৰ্তী বাথৌফুৰিত শনিবাৰে পুৱাৰেপৰা এটা বনৰীয়া গৰুৱে অঞ্চলটোত বিচৰণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰে৷ বাটাবাৰী বনাঞ্চলৰ পৰা আহি বনৰীয়া গৰুটোৱে জনাঞ্চলত প্ৰৱেশ কৰাত ত্ৰাসৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলত৷ পুৱাৰে পৰা বনৰীয়া গৰুটোৰ ভয়ত অঞ্চলটোৰ একাংশ লোকে ঘৰৰ চাদত অৱস্থান লব লগা পৰিৱেশ সৃষ্টি হৈছে৷ 

ইফালে বনৰীয়া গৰুটোৱে আক্ৰমণত গিৰিণ গেহৰুৱা নামৰ এগৰাকী বনকৰ্মীক গুৰুতৰভাৱে আহত হয়৷ আহত বনকৰ্মীজনক প্ৰথমে মুছলপুৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও পাছত উন্নত চিকিৎসাৰ বাবে তেওঁক নলবাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷ আনহাতে ঘটনাস্থলীত উপস্থিত হৈ বন বিষয়া প্ৰবোধ চন্দ্ৰ ব্ৰহ্ম আৰু বাক্সা আৰক্ষীয়ে বন গৰুটোক ট্ৰেকুলাইজ কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে যদিও বাতৰি লিখা পৰলৈকে সফল হ'ব পৰা নাই। 

বন গৰুটোৱে বনকৰ্মীগৰাকীৰ উপৰি লামিদাৰা গাঁৱৰ ৰতন পাটগিৰি আৰু বিষ্ণুপুৰ চৈবাৰী গাঁৱৰ বিজেন বসুমতাৰী নামৰ আন দুজন লোককো আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে। সম্প্ৰতি আহত দুয়োজন ব্যক্তিকে মুছলপুৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। ইতিমধ্যে বন বিভাগে মাইকযোগে ৰাইজক সতৰ্ক হ'বলৈ আহ্বান জনাইছে৷