Logo
image

বহিঃৰাজ্যৰ মৎস্য, বিহে জৰজৰ

আমাৰ অসম, ৩১ মে’: চালানী মাছৰ নমুনাত বিষাক্ত ফৰ্মেলিন থকাৰ কথা অৱশেষত স্বীকাৰ কৰিলে ৰাজ্যৰ মীন বিভাগ, খাদ্য সুৰক্ষা বিভাগ তথা গুৱাহাটী বিশ্ববিদ্যালয় আৰু ৰহা মীন মহাবিদ্যালয়ৰ গৱেষকৰ দলে৷ মঙলবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত এক যৌথ সংবাদমেলৰ আয়োজন কৰি ৰাজ্যৰ ফীছফেডৰ পৰিচালন সঞ্চালক তথা ৰাজ্যিক মীন তথ্য বিষয়া ড॰ ধ্ৰুৱজ্যোতি শৰ্মা, মীন বিভাগৰ ভাৰপ্ৰাপ্ত যুটীয়া সঞ্চালক ড॰ ৰমেন্দ্ৰ চন্দ্ৰ বৰ্মন, ৰহা মীন মহাবিদ্যালয়ৰ ডীন ড॰ বিনোদ কলিতা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ অধ্যাপক ড॰ দণ্ডধৰ শৰ্মা, ৰসায়ন বিভাগৰ অধ্যাপক ড॰ প্ৰদীপ ফুকন, পদাৰ্থ বিজ্ঞান অধ্যাপক ড॰ হেমেন কলিতা আৰু খাদ্য সুৰক্ষা বিভাগৰ মুখ্য খাদ্য বিশ্লেষক ড॰ অনুপম কুমাৰ গগৈয়ে সদৰি কৰিলে  চালানী মাছৰ সন্দৰ্ভত কেতবোৰ শিহৰণকাৰী সত্য৷ সংবাদমেলত বক্তব্য আগবঢ়ায় খাদ্য সুৰক্ষা বিভাগৰ মুখ্য খাদ্য বিশ্লেষক ড॰ অনুপম কুমাৰ গগৈয়ে কয়– ‘যোৱা ২৮ এপ্ৰিলৰ পৰা ৰাজ্যৰ খাদ্য সুৰক্ষা বিভাগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৮৬ টা চালানী মাছৰ নমুনা সংগ্ৰহ কৰিছিল৷ বিভাগে নিজাববীয়াকৈ পৰীক্ষা-নিৰীক্ষণ কৰি ইয়াৰে ১০ টাত ফৰ্মেলিনৰ উপস্থিতি ধৰা পেলাইছে৷ বিভাগে নগাঁৱত ৩টা নমুনা পৰীক্ষা কৰি দুটাত [ৰৌ আৰু ৰূপচন্দা], ধেমাজিত এটাত [ৰূপচন্দা], বিজনীত এটা [ৰূপচন্দা], বৰপেটাত দুটা [ৰৌ, পাংগাজ], দৰঙত তিনিটাৰ দুটাত [ৰূপচন্দা, ৰৌ], ধুবুৰীত তিনিটাৰ এটাত [ৰৌ], বঙাইগাঁৱত দুটাৰ এটাত [ৰূপচন্দা], ফৰ্মেলিন পাইছে৷ খাদ্য সুৰক্ষা বিভাগে ৰাজ্যৰ বিভিন্ন জিলাত চালানী মাছৰ নমুনা সংগ্ৰহ অভিযান অব্যাহত ৰাখিছে আৰু এই অভিযান চলি থাকিব৷’ ইফালে গুৱাহাটী বিশ্ববিদ্যালয় আৰু ৰহা মীন মহাবিদ্যালয়ৰ গৱেষকৰ দলে সুকীয়াকৈ চালানী মাছৰ নমুনা সংগ্ৰহ কৰি চলোৱা পৰীক্ষাতো ফৰ্মেলিনৰ উপস্থিতি ধৰা পেলোৱাৰ কথা আজিৰ সংবাদমেলত সদৰি কৰে৷ অৱশ্যে চালানী মাছ এঘণ্টা বিশুদ্ধ পানীত ডুবাই ৰাখিলে ফৰ্মেলিনৰ পৰিমাণ হ্ৰাস পায় বুলিও গৱেষকৰ দলটোৱে লগতে উল্লেখ কৰে৷ উল্লেখ্য যে নগাঁও মহাবিদ্যালয়ৰ গৱেষকৰ এটা দলে প্ৰায় তিনিমাহ ধৰি গৱেষণা চলাই বহিঃৰাজ্যৰ পৰা আমদানি হোৱা চালানী মাছত ১৫ শতাংশ পৰ্যন্ত ফৰ্মেলিনৰ লগতে বিষাক্ত কেডমিয়াম, আৰ্ছেনিকৰ উপস্থিত ধৰা পেলাইছিল৷ প্ৰায় এক মাহ পূৰ্বে নগাঁও মহাবিদ্যালয় প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক গৱেষক ক্ৰমে ভুৱন চন্দ্ৰ চুতীয়া, ললিত মোহন গোস্বামী, জোতিস্মিতা দাস, প্ৰিয়ংকা শৰ্মা, মানসপ্ৰতীম বৰা আদিয়ে এই বিস্ফোৰক তথ্য সদৰি কৰাৰ পাছতে ৰাজ্যত সৰ্বত্ৰ হুৱাদুৱা লাগিছিল৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যৰ মীনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই বিষয়টো পুনৰ পৰীক্ষাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়, ৰহা মীন মহাবিদ্যালয়, খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় আৰু গুৱাহাটীৰ কেন্দ্ৰীয় অন্তঃদেশীয় মীনক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানক দায়িত্ব দিছিল৷ অৱশ্যে পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় আৰু অন্তঃদেশীয় মীনক্ষেত্ৰ গৱেষণা প্ৰতিষ্ঠানে এতিয়াও তেওঁলোকৰ গৱেষণাৰ ফলাফল ৰাজহুৱা কৰা নাই৷ সেয়া যি কি নহওক, আজি সদৰি হোৱা খোদ ৰাজ্যৰ খাদ্য সুৰক্ষা বিভাগ, গুৱাহাটী তথা ৰহা মীন মহাবিদ্যালয়ৰ গৱেষণাৰ ফলাফলে পুনৰবাৰ প্ৰমাণ কৰিলে যে বহিঃৰাজ্যৰ মৎস, বিহে জৰজৰ৷