Logo
image

ভগৱান নহওঁ, কষ্ট কৰিহে আজি জুবিন গাৰ্গ হৈছোঁ

কোনোবাই কোনোবাই মোক সৰু ল’ৰা এটাৰ ভিডিঅ’ দেখুৱালে৷ তেওঁ মোৰ নিচিনাকৈ কথা কয়, মোৰ নিচিনা কাপোৰ পিন্ধে, মোৰ নিচিনাকৈ খোজ কাঢ়ে৷ মই প্ৰথমতে তেওঁ মিমিক্ৰী কৰা বুলি ভাবিছিলোঁ৷ বহুতে মোৰ মিমিক্ৰী কৰে, সেইবোৰ চাই ভাল লাগে৷ মিমিক্ৰী এটা আৰ্ট ফৰ্ম৷ তাত পৰ্যবেক্ষণ থাকে, মাতৰ মড্যুলেশ্যনৰ কথা থাকে৷ কিন্তু এই ল’ৰাটোৱে মোৰ মিমিক্ৰী কৰা নাই৷ তেওঁ তেওঁৰ মূৰত মোক সুমুৱাই লৈছে, ছাইক’ল’জীত সুমুৱাই লৈছে৷ তেওঁৰ ভিডিঅ’টোত তেওঁ কৈছে যে তেওঁৰ স্কুলত মন নবহে, সকলো সময়তে তেওঁ মোৰ কথা ভাবি থাকে৷ তেতিয়া মোৰ দুখ লাগিল৷ তেওঁ সৰু ল’ৰা৷ এতিয়া পঢ়া-শুনা কৰিব লাগে৷  
কষ্ট কৰিব লাগে৷ বেলেগ মানুহ এটাক, সি লাগিলে জুবিন গাৰ্গেই হওক বা যিয়েই নহওক, মূৰত সুমুৱাই ল’লে একো কৰিব নোৱাৰিব৷ এতিয়া ধেমালি যেন লাগি থাকোঁতে দুদিন পাছত তেওঁ পাগল হৈ যাব৷ তেওঁ নিজে আচলতে কোন, কেনেকুৱা– বুজি নোপোৱা হৈ যাব৷ 

মিডিয়াবোৰ আচলতে এনেকুৱা কথাত সংবেদনশীল হ’ব লাগে, ছেন্‌জিটিভ হ’ব লাগে৷ তেওঁক এনেই মূৰৰ ওপৰত উঠাই কি লাভ হ’ব? তেওঁক বুজাবহে লাগে যে জুবিন গাৰ্গ জুবিন গাৰ্গেই আৰু সি সিয়েই৷ কাইলৈ এইবোৰ কৰি থাকি তাৰ যদি ৰিজাল্ট বেয়া হয়, যদি কাইলৈ ফ্ৰাষ্ট্ৰেটেড্‌ হৈ যায়, তেতিয়া কিন্তু মিডিয়াই তেওঁক সহায় নকৰে৷ তেওঁ বুজা উচিত যে মিডিয়াই এৰাতিত যেনেকৈ উঠায়, তেনেকৈ নমায়ো দিয়ে৷ এইবোৰ মই ত্ৰিছ বছৰে দেখি আহিছোঁ৷ সেইকাৰণে কৈছোঁ৷ এইবোৰ কথা তেওঁক বুজাই দিয়াটো দৰকাৰ৷

বহুত ল’ৰা-ছোৱালীয়ে মোক ভাল পায়৷ কিছুমানে মোক ভগৱান বুলি কয়৷ মই ভগৱান নহওঁ৷ মই কষ্ট কৰিছোঁ, কষ্ট কৰিহে আজিৰ জুবিন গাৰ্গ হৈছোঁ৷ তেওঁলোকে মোক ভাল পালে ভাল লাগে৷ মানুহৰ কাৰণেই মই কাম কৰি আহিছোঁ৷ কিন্তু ভালপোৱা, পাগলৰ দৰে ভালপোৱা আৰু পাগল হৈ যোৱাৰ মাজত পাৰ্থক্য আছে৷ নিজক পাহৰি, নিজৰ আইডেণ্টিটী পাহৰি কাকো ভাল পোৱা উচিত নহয়৷ সকলো ল’ৰা-ছোৱালী নিজৰ দৰে আগবাঢ়ক৷ নিজৰ নিজৰ ফিল্ডত কাম কৰক৷ ডাঙৰ হওক, ডাঙৰ কাম কৰক৷ তেওঁলোকৰ বাবে মই সদায়েই আছোঁ৷

বহুতক মই দেখিছোঁ– মোৰ নামত ছ’চিয়েল মিডিয়াত কাজিয়া কৰে৷ মোক কোনোবাই কিবা ক’লে বেয়া বেয়া গালি পাৰে৷ বহু জ্যেষ্ঠ শিল্পীকো গালি পাৰিছে৷ এইবোৰ বেয়া কথা৷ মই কেতিয়াও সমালোচনাৰ উত্তৰ চুপতি মাৰি দিয়া নাই৷ যেতিয়া মোৰ ভুল হৈছে, মই ক্ষমা খুজিছোঁ৷ যেতিয়া মোৰ ভুল হোৱা নাই, যুদ্ধ কৰিছোঁ৷ আৰু নিজৰ কামেৰে উত্তৰ দিছোঁ৷ মোৰ অনুৰাগীসকলেও এইখিনি কথা বুজা উচিত৷ সকলো শিল্পীয়ে নিজৰ নিজৰ ঠাইত ভাল কাম কৰি আছে৷ সকলোকে সন্মান কৰিব লাগে৷
মোক যিসকলে ভাল পায়, তেওঁলোকে মানুহক সহায় কৰক৷ গছপুলি ৰোৱক৷ কিতাপ পঢ়ক৷ অসমীয়া চিনেমাৰ কাৰণে কাম কৰক৷ অসমৰ কাৰণে কাম কৰক৷ তাতকৈয়ো ডাঙৰ কথা– নিজক নিজৰ দৰে গঢ়ক৷ বি বৰুৱা কলেজত ছেকেণ্ড ইয়েৰৰ পৰীক্ষা দি থাকোঁতে পেপাৰখন ফালি মই ওলাই আহিছিলোঁ৷ মোৰ আত্মবিশ্বাস আছিল, কনফিডেন্স আছিল– যে গান গাই মই খাব পাৰিম৷ মই যিটো কৰিম বুলি ভাবিছোঁ, কৰিছোঁ৷ দুই কোটি টকাৰে চিনেমা বনাওতে মোক চবেই পাগল বুলি কৈছিল৷ কিন্তু মই কৰি দেখুৱালোঁ৷ মোৰ পৰা কিবা ল’ব বিচাৰিলে এই আত্মবিশ্বাসটো ল’বা৷ তোমালোক সকলো নিজৰ ধৰণে নিজৰ ওপৰত বিশ্বাস ৰাখি ডাঙৰ মানুহ হোৱা৷ মই লগত থাকিম৷