Logo
image

শিক্ষকৰ মূৰত ‘মাল’ নাই! শিক্ষামন্ত্ৰীৰ কটুক্তিৰ তীব্ৰ প্ৰতিক্ৰিয়া, ভাষ্য প্ৰত্যাহাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ জুনঃ শিক্ষকৰ বিৰুদ্ধে কটুক্তি কৰি পুনৰ বিতৰ্কৰ আবৰ্তত সোমাই পৰিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু৷ এটাৰ পিছত আনটো বিতৰ্কিত মন্তব্য কৰি ৰাজ্যবাসীৰ তীব্ৰ সমালোচনাৰ পাত্ৰ হৈ পৰা শিক্ষামন্ত্ৰী ডাঃ পেগুৱে শনিবাৰে বকোত অনুষ্ঠিত অসম কলেজ অধ্যক্ষ পৰিষদৰ ৰাজ্যিক সাধাৰণ অধিৱেশনত উপস্থিত থাকি শিক্ষকৰ মূৰত মাল নাই বুলি অসৌজন্যসূচক মন্তব্য কৰিছিল৷ শিক্ষামন্ত্ৰীজনৰ এই কটুক্তিক কেন্দ্ৰ কৰি ৰাজ্যৰ সৰ্বত্ৰতে তীব্ৰ প্ৰতিক্ৰিয়া আৰু ক্ষোভৰ সৃষ্টি হয়৷ লক্ষণীয়ভাৱে শিক্ষামন্ত্ৰীজনে শিক্ষকৰ বিৰুদ্ধে অভব্য শব্দ ব্যৱহাৰ কৰাৰ পিছতো কিন্তু সভাত উপস্থিত এজনো অধ্যক্ষই ইয়াৰ বিৰোধিতা নকৰিলে৷ বৰং একাংশ কলেজ অধ্যক্ষই শিক্ষামন্ত্ৰীৰ এই ভাষ্যক  হাত চাপৰি বজাই উচ্ছস্বৰত হাঁহি হাঁহি সমৰ্থন কৰাহে পৰিলক্ষিত হয়৷ সেই সময়ত মঞ্চত উপস্থিত আছিল শিক্ষা উপদেষ্টা ড॰ ননী গোপাল মহন্তও৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড॰ মহন্তও শিক্ষামন্ত্ৰীৰ এই শিক্ষক বিৰোধী মন্তব্যৰ এবাৰো প্ৰতিবাদ নকৰিলে৷ শিক্ষকক সমালোচনা কৰিবলৈ গৈ শিক্ষামন্ত্ৰী ডাঃ পেগুৱে আনকি শেহতীয়াভাৱে গুৱাহাটীৰ বিভিন্ন স্থানত জাইকাৰ পাইপ ফুটি সৃষ্টি হোৱা অবনৰ্ণীয় পৰিস্থিতিৰ প্ৰসংগও উল্লেখ কৰে৷ ইয়াৰ দ্বাৰা তেওঁ প্ৰকান্তৰে নিজৰ চৰকাৰখনৰ ব্যৰ্থতাতে উদঙাই দিয়ে৷ অসমৰ কলেজ অধ্যক্ষ সকলৰ সন্মুখত শিক্ষামন্ত্ৰীয়ে শিক্ষক সমাজৰ বিৰুদ্ধে  কটুক্তি কৰি কৈছিল– ‘জ্ঞান এটা এনেকুৱা বস্তু, তাক যদি কোনোবাই লাভ কৰে, সি আনক বিলাবই৷ নিবিলোৱাকৈ সি শান্তিত থাকিব নোৱাৰে৷ পানী যেতিয়া সুযোগ-সুবিধা পাব সি ওপৰৰ পৰা তললৈ বৈ আহিবই৷ খুব দেৰি কৰিব নোৱাৰি, কাৰণ আমাৰ ওপৰত ফুটাৰ দৰে ফুটি যাব৷ জাইকাৰ পাইপৰ নিচিনাকৈ ফুটি যাব৷ এতিয়া আমাৰ বহু শিক্ষকে ক্লাছ নলয়৷ ক্লাছ কৰিবলৈ টান পায়৷ ফাঁকি দিয়ে৷ কিয় টান পায় জানেনে? টান পোৱাৰ মূল কাৰণটোৱে হ’ল যে মাল শেষ হৈ গৈছে৷ কি বুজাব? চাকৰি পোৱাৰ দিনাৰ পৰা পঢ়া-শুনা কৰিবলৈ বাদ দিয়ে যিখিনি পঢ়িছিলে সেইখিনিও পাহৰি গ’ল৷ মাল শেষ, গতিকে ক্লাছলৈ নাযায়৷ কিন্তু যি সকলে পঢ়ি আছে, নতুন নতুন কথা শিকি আছে, কাক শিকাও, কাক কও তেওঁৰ তেনেকুৱা লাগি থাকে৷ স্বাভাৱিক কথা৷’ শিক্ষামন্ত্ৰীয়ে হাঁহি হাঁহি শিক্ষকক এনেদৰে কটাক্ষ কৰি ভাষণ দি থকাৰ সময়ত তেওঁক সমৰ্থন কৰি একাংশ কলেজ অধ্যক্ষই হাঁহি হাঁহি তেওঁৰ এই কাণ্ডক সমৰ্থন কৰা পৰিলক্ষিত হয়৷ অথচ কলেজ অধ্যক্ষসকলেও মূলতঃ একো একোজন শিক্ষকহে৷ অতি কম সময়ৰ ভিতৰত নিজৰ ভাষণত শিক্ষকক উদ্দেশ্য কৰি শিক্ষামন্ত্ৰীয়ে দুবাৰ মাল শব্দটো ব্যৱহাৰ কৰে৷ শিক্ষামন্ত্ৰীৰ এই কাৰ্যক কেন্দ্ৰ কৰি সৰ্বসাধাৰণ ৰাইজ আৰু শিক্ষক সমাজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হোৱাৰ পিছতে দেওবাৰে দিনৰ ভাগত সামাজিক মাধ্যম যোগে তেওঁ ‘মাল’ শব্দতো প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত ৰাজহুৱা কৰি মালৰ ঠাইত ‘জ্ঞান’ শব্দটো ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনায়৷ সামাজিক মাধ্যমত শিক্ষামন্ত্ৰী ডাঃ পেগুৱে এই সন্দৰ্ভত কয়– ‘মই কালি কোৱা কথাখিনিৰ সাৰাংশ– বহুত শিক্ষকৰ মাজত এটা প্ৰৱণতা হৈছে- চাকৰি হোৱালৈকে খুব কষ্ট কৰে আৰু চাকৰিটো পোৱাৰ পিছত পঢ়া-শুনা বন্ধ কৰি দিয়ে৷ বিজ্ঞানে কৈছে- যি বিকশিত, সি জীৱিত অৰ্থাৎ Anything growing is living৷ মানুহ এজন ৪০ বছৰ বয়সলৈকে শাৰীৰিকভাৱে বিকশিত হয়৷ কিন্তু বিকাশ কেৱল শাৰীৰিক নহয়, বৌদ্ধিক বিকাশো তাৰ লগত সাঙোৰ খাই থাকে৷ আমি ৪০ বছৰ বয়সলৈকে কেৱল শাৰীৰিকভাৱেই বিকশিত হোৱা নাই, তাৰ লগে লগে ‘‘অ আ ক খ’’ৰপৰা আৰম্ভ কৰি আমি আমাৰ স্বাক্ষৰতাক বৌদ্ধিকতালৈ উত্তৰণ ঘটাওঁ৷ আৰু অৱশেষত আজি আমি চাকৰিটো পাইছোঁ৷ এতিয়া একাংশই পঢ়া-শুনা বন্ধ কৰি দিয়াৰ বাবে বৌদ্ধিক বাৰ্ধক্যই জুমুৰি ধৰিছে৷ এজন শিক্ষক যদি বিকশিত হৈ থাকিব লাগে, তেনেহ’লে অধ্যয়ন আৰু গৱেষণা চলাই থাকিব লাগিব৷ অধ্যয়ন আৰু গৱেষণা যদি নহয়, তেতিয়াহ’লে শাৰীৰিক বাৰ্ধক্যই আমনি নকৰিলেও, আপোনাৰ বৌদ্ধিক বাৰ্ধক্যই আপোনাক অপ্ৰাসংগিক কৰিব৷ ... জ্ঞান হ’ল এটা এনেকুৱা বস্তু, তাক যদি কোনোবাই লাভ কৰে, সি আনক বিলাবই৷ নিবিলোৱাকৈ সি শান্তিত থাকিব নোৱাৰে৷ পানীয়ে ওপৰৰপৰা তললৈ সুযোগ-সুবিধা পালে বৈ আহিবই৷ এতিয়া আমাৰ বহু শিক্ষকে ক্লাছ নলয়, ক্লাছ ল’বলৈ টান পায়, ফাঁকি দিয়ে৷ কিয় টান পাই জানেনে? টান পোৱাৰ মূল কাৰণটো হ’ল যে মাল শেষ হৈ গৈছে৷ চাকৰি পোৱাৰ দিনাখনৰপৰা পঢ়া-শুনা বাদ দিলে, যিখিনি পঢ়িছিলে সেইখিনিও পাহৰিলে৷ কিন্তু যিসকলে পঢ়ি আছে, নতুন নতুন কথা শিকি আছে৷ কাক শিকাওঁ, কাক কওঁ- তেওঁলোকৰ তেনেকুৱা লাগে৷ স্বাভাৱিক কথা৷ এই অধ্যয়ন, গৱেষণাৰ পৰিৱেশটো মহাবিদ্যালয়সমূহলৈ ঘূৰাই আনক, ছাত্ৰ-ছাত্ৰীসকলৰ মাজলৈ ঘূৰাই আনক৷ ‘মাল’ শব্দটো মই প্ৰত্যাহাৰ কৰিছোঁ আৰু তাৰ ঠাইত জ্ঞান বুজিবলৈ অনুৰোধ জনালোঁ৷’