Logo
image

লুনা-২৫ৰ পতন, ২৩ আগষ্টৰ সন্ধ্যা চন্দ্ৰযানৰ শুভক্ষণ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২১ আগষ্টঃ শোচনীয় ব্যৰ্থতা প্ৰদৰ্শন কৰি ৪৭ বছৰ পাছত ৰাছিয়াই চন্দ্ৰলৈ প্ৰেৰণ কৰা যান লুনা-২৫ চন্দ্ৰৰ বুকুত ভাগি পৰিছে৷ যোৱা দহ আগষ্টত শক্তিশালী ছয়ুজ ৰকেটেৰে প্ৰেৰণ কৰা লুনা-২৫য়ে মাথোঁ দহ দিনতে ৩,৮৪,৪০০ কিলোমিটাৰ পথ অতিক্ৰম কৰি চন্দ্ৰৰ কাষ চাপিলেও প্ৰাক-অৱতৰণৰ কক্ষপথ পৰিবৰ্তনৰ সময়ত জটিল কাৰিকৰী বিসংগতিৰ ফলত দেওবাৰে  চন্দ্ৰৰ বুকুত ভাগি পৰে৷ বিজুটি নঘটা হ’লে লুনা-২৫য়ে কাইলৈ সোমবাৰে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ কথা আছিল৷ তেনেহ’লে সেয়া হ’লহেঁতেন চন্দ্ৰ অভিযানৰ এক নতুন ইতিহাস৷ কিয়নো ১৯৫৮ চনত আৰম্ভ হোৱা চন্দ্ৰ অভিযানত আজিকোপতি কোনো দেশেই চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা নাই৷ লুনা-২৫ অভিযান চূড়ান্ত ব্যৰ্থ হোৱাৰ ফলত এতিয়া ভাৰতৰ সন্মুখত সেই ইতিহাস সৃষ্টিৰ সুযোগ ওলাইছে৷ কিয়নো যোৱা ১৪ জুলাইত ভাৰতে প্ৰেৰণ কৰা চন্দ্ৰযান-৩য়ে অহা বুধবাৰে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰাৰ কথা৷ যদিহে সকলো ইছৰ’ৰ পৰিকল্পনামতে সম্পন্ন হয় আৰু বুধবাৰে বিয়লি ৬.০৫ বজাত চন্দ্ৰযানৰ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰৰ দক্ষিণ মেৰুত ‘ছফ্‌ট লেণ্ডিং’ কৰিবলৈ সমৰ্থ হয় তেন্তে ভাৰতে একেলগে দুটা অভিলেখ গঢ়িব৷ সেয়া হৈছে– বিশ্বৰ প্ৰথম দেশ হিচাপে চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ আৰু বিশ্বৰ চতুৰ্থ দেশ হিচাপে চন্দ্ৰপৃষ্ঠৰ অৱতৰণ৷ ৰাছিয়াৰ লুনা-২৫ৰ শোচনীয় ব্যৰ্থতাৰ পাছত এতিয়া চন্দ্ৰৰ পৰা ২৫â১৩৪ কিলোমিটাৰ দূৰত প্ৰদক্ষিণ কৰি থকা চন্দ্ৰযান-৩ৰ সন্মুখত ইতিহাস সৃষ্টিৰ প্ৰচুৰ সম্ভাৱনা৷ কোনো বিশেষ আগজাননী নথকাকৈ যোৱা দহ আগষ্টত ৰাছিয়াৰ মহাকাশ বিজ্ঞান সংস্থা ৰছকছমছে লুনা-২৫ক চন্দ্ৰ অভিমুখে প্ৰেৰণ কৰাৰ ফলত ভাৰত আৰু ৰাছিয়াৰ মাজত এক অঘোষিত প্ৰতিযোগিতাৰ সৃষ্টি হৈছিল৷ তেনেই আকস্মিকভাৱে সৃষ্টি হোৱা এই প্ৰতিযোগিতাত এক প্ৰতিদ্বন্দ্বী লুনা-২৫ৰ পতনত এতিয়া চন্দ্ৰযান-৩ সম্পূৰ্ণৰূপে অপ্ৰতিদ্বন্দ্বী৷ 

শেষবাৰৰ বাবে ৰাছিয়াই চন্দ্ৰ অভিযান চলাইছিল ১৯৭৬ চনত৷ তেতিয়া অৱশ্যে ৰাছিয়া পৃথক দেশ হোৱা নাছিল৷ অখণ্ড ছোভিয়েট ৰাছিয়াই ১৯৭৬ চনৰ ন আগষ্টত চন্দ্ৰলৈ প্ৰেৰণ কৰিছিল লুনা-২৪ যান৷ ১৮ আগষ্টত চন্দ্ৰৰ ‘ছি অৱ ক্ৰাইছিছ’ত অৱতৰণ কৰাৰ পাছত ৰবটৰ সহায়ত চন্দ্ৰৰ পৰা মাটি আৰু অন্যান্য খনিজ পদাৰ্থ লৈ লুনা-২৪য়ে ২২ আগষ্টত পৃথিৱীলৈ উভতি আহি সফলভাৱে অভিযানৰ সামৰণি মাৰিছিল৷ তাৰ পাছৰ পৰা দীৰ্ঘ ৪৭ বছৰ ৰাছিয়াই কোনো চন্দ্ৰ অভিযান চলোৱা নাছিল৷ ছোভিয়েট ৰাছিয়া ভাগ ভাগ হৈছিল ১৯৯১ চনৰ ২৬ ডিচেম্বৰত৷ দেশখনৰ পাৰমাণৱিক অস্ত্ৰকে ধৰি সকলো শক্তিৰ ভঁৰাল নিজৰ দখলত ৰখা ৰাছিয়াৰ বাবে পৃথক দেশ হিচাপে এয়া আছিল প্ৰকৃততে প্ৰথমটো চন্দ্ৰ অভিযান৷ এই অভিযানৰ পৰিকল্পনা ৰাছিয়াই ১৩ বছৰ পূৰ্বে আৰম্ভ কৰিছিল৷ চন্দ্ৰৰ দক্ষিণ মেৰুলৈ লুনা-২৫ প্ৰেৰণৰ সিদ্ধান্ত লৈছিল ৰাষ্ট্ৰপতি ভ্‌লাডিমিৰ পুটিনে৷ প্ৰকৃততে ২০২১ চনতে লুনা-২৫ক উৎক্ষেপণ কৰাৰ কথা আছিল৷ কিন্তু প্ৰস্তুতি সম্পূৰ্ণ নোহোৱাৰ বাবে উৎক্ষেপনৰ দিন পিছুৱাই আছিল ৰছকছমছে৷ কিন্তু ৰাষ্ট্ৰপতি পুটিনৰ হেঁচাত অৱশেষত যোৱা দহ আগষ্টত ৰাছিয়াই লুনা-২৫ক চন্দ্ৰ অভিমুখে প্ৰেৰণ কৰিলে৷ অভিযান আৰম্ভ কৰাৰ পূৰ্বে ৰছকছমছৰ মুৰব্বী ইউৰি বৰিছ’ভে ৰাষ্ট্ৰপতি ভ্‌লাডিমিৰ পুটিনক মুখামুখিকৈ জনাইছিল যে, লুনা-২৫ৰ সাফল্যৰ সম্ভাৱনা মাথোঁ ৭০ শতাংশহে আছে৷ অৰ্থাৎ কাৰিকৰী বা প্ৰযুক্তিগত দিশত এতিয়াও লুনা-২৫ অভিযান আৰম্ভ কৰিব পৰা হোৱা নাই৷ কিন্তু ৰাজনৈতিক হেঁচাত লুনা-২৫ক উৎক্ষেপণ কৰিবলৈ বাধ্য হ’ল ৰছকছমছৰ বিজ্ঞানী আৰু সেই মহাকাশবিজ্ঞানীৰ আশংকা সত্যত পৰিণত কৰি দেওবাৰে উৎক্ষেপণৰ একাদশ দিনত লুনা-২৫ চন্দ্ৰৰ বুকুত মুখথেকেছা খাই পৰিল৷ দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ইউক্ৰেইনৰ বিৰুদ্ধে সৰ্ববৃহৎ যুদ্ধ এখনৰ আৰম্ভণি কৰি ডেৰ বছৰৰো অধিক দিনত সফলতা নোপোৱা ভ্‌লাডিমিৰ পুটিনৰ বাবে লুনা-২৫ৰ ‘ক্ৰেছ লেণ্ডিং’ আন এক শোচনীয় ব্যৰ্থতা৷

কিয় লুনা-২৫ ভাগি পৰিল সেই ব্যাখ্যা এতিয়াও ৰছকছমছে যথাযথভাৱে দিয়া নাই৷ তেওঁলোকে মাথোঁ জনাইছে প্ৰাক-লেণ্ডিঙৰ পূৰ্বে কক্ষপথ পৰিৱৰ্তনৰ সময়ত লুনা-২৫ত গুৰুতৰ বিসংগতিয়ে দেখা দিয়ে আৰু শনিবাৰে ‘গ্ৰাউণ্ড কণ্ট্ৰল’ৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে৷ সেই সংযোগ ‘গ্ৰাউণ্ড-কণ্ট্ৰলে’ পুনৰ স্থাপন কৰিব নোৱাৰিলে আৰু দেওবাৰে ৰাছিয়াৰ সময় অনুসৰি দিনৰ দুই বাজি ৫৭ মিনিটত লুনা-২৫ চন্দ্ৰপৃষ্ঠত ভাগি পৰে৷ ফলত লুনা-২৫ৰ জৰিয়তে ৰাছিয়াই চন্দ্ৰ অভিযানলৈ ৪৭ বছৰ পাছত ঘটোৱা প্ৰত্যাৱৰ্তন ব্যৰ্থতাৰে সামৰণি পৰে৷ এই ব্যৰ্থতাই ৰাছিয়াৰ পূৰ্বৰ অৰ্থাৎ ’৭০ আৰু ’৮০ৰ দশকৰ মহাকাশ বিজ্ঞানৰ অভূতপূৰ্ব সাফল্যৰ ধাৰাবাহিকতাত গুৰুতৰ আঘাত হানিলে৷ কোৱা বাহুল্য মাথোঁ ৰাছিয়াৰ মহাকাশ বিজ্ঞানীয়ে দেশখনৰ মহাকাশ অভিযান পৰিচালনাত গুৰুতৰ বিসংগতি আৰু বেমেজালি হোৱা বুলি নিৰন্তৰ অভিযোগ উত্থাপন কৰি আহিছিল৷ তদুপৰি দেশখনৰ ৰাজনীতিবিদে কেতবোৰ অৱাস্তব সপোন দেখি তাক কাৰ্যকৰী কৰাৰ বাবে হেঁচা প্ৰয়োগ আছিল৷ কিন্তু সমান্তৰালভাৱে মহাকাশ বিজ্ঞান বিভাগত বাঁহ লৈছিল সীমাহীন দুৰ্নীতিয়ে৷ যাৰ ফলত মহাকাশ বিজ্ঞানীৰ সুষম গৱেষণা সম্ভৱ হৈ উঠা নাছিল, যি গৱেষণা ছোভিয়েট ৰাছিয়াৰ যুগত সফল আৰু নিখুঁতভাৱে সম্পাদন হৈছিল৷ ৰাছিয়াত এতিয়া সেই অযোধ্যাও নাই ‘স্পেচ ৰেচো’ নাই৷ তাৰেই ফল ভূগি চন্দ্ৰত পতন ঘটিল লুনা-২৫ৰ৷ অথচ এতিয়াৰ পৰা ৬৪ বছৰ পূৰ্বেই ছোভিয়েট ৰাছিয়াই লুনা-২ক ১৯৫৯ চনত চন্দ্ৰত সফলভাৱে অৱতৰণ কৰাইছিল৷ কিন্তু প্ৰতিটো মহাকাশ অভিযানেই যে প্ৰায় নিত্য নতুন সেয়া লুনা-২৫ৰ ব্যৰ্থতাই আকৌ এবাৰ প্ৰতীয়মান কৰিলে৷ পৃথিৱীৰ বিজ্ঞানীয়ে চলোৱা ১১০টা চন্দ্ৰ অভিযানৰ এয়া আছিল ৪২ নম্বৰ ব্যৰ্থতা, য’ৰ সফল হৈছে ৬৮টা অভিযান৷ এতিয়া সকলোৰে চকু সেই শুভক্ষণলৈ, যেতিয়া ভাৰতৰ চন্দ্ৰযান-৩য়ে বুধবাৰে বিয়লি ৬.০৫ বজাত চন্দ্ৰত অৱতৰণৰ প্ৰয়াস চলাব৷