Logo
image

সুৰাপায়ীলৈ দুঃসংবাদ

পুনৰ ব্যাপক মূল্যবৃদ্ধি হ’ব সুৰাৰ, ইন্ধনৰ মূল্যবৃদ্ধি নকৰাৰ আশ্বাস

আমাৰ অসম, ২ ফেব্ৰুৱাৰীঃ সকলো ধৰণৰ সুৰা আৰু বিয়েৰৰ মূল্য পুনৰ বৃদ্ধি হোৱাৰ পথত৷ সোমবাৰে বাজেট উত্থাপন কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে যে ২০২১-২২ বৰ্ষত সুৰাৰ ওপৰত কৃষি উপকৰ ১০০ শতাংশ আৰোপ কৰা হ’ব৷ কৃষি আন্তঃগাথনি আৰু উন্নয়ন উপকৰ মূলতঃ কৃষকৰ সাহাৰ্যৰ বাবে আৰোপ কৰা হৈছে৷ সীতাৰমণৰ এই ঘোষণাৰ পিছত সুৰাৰ মূল্য আৰু বৃদ্ধি নিশ্চিত হৈ পৰিল৷ ক’ভিডৰ সৈতে যুঁজ দিয়াৰ বাবে ইতিমধ্যে সুৰাৰ মূল্য পূৰ্বৰ তুলনাত ৩০ শতাংশ বৃদ্ধি কৰা হৈছে৷ কেৱল সুৰাৰ ওপৰতে নহয়, কৃষি আন্তঃগাঠনি আৰু উন্নয়ন উপকৰ সোণ, ৰূপ, চিল্ক আৰু আপেলৰ ওপৰতো আৰোপ কৰা হৈছে৷ সোণ-ৰূপৰ ওপৰত ২.৫ শতাংশ আৰু আপেলৰ ওপৰত ৪৫ শতাংশ এই উপকৰ বৃদ্ধিৰ প্ৰস্তাৱ দিয়া হৈছে৷ চিল্কৰ ওপৰত ১০-১৫ শতাংশ কৃষি উপকৰ বৃদ্ধিৰ কথা বাজেটত কোৱা হৈছে৷ আজিৰ বাজেটে সুৰাপ্ৰেমীসকলৰ বাবে যে বেয়া খবৰ আনিলে সেয়া নিশ্চিত৷ লকডাউনৰ সময়ত কেন্দ্ৰীয় চৰকাৰে মূল্যবৃদ্ধি কৰাৰ ফলত অসমতো ইয়াৰ মূল্য যথেষ্ট বৃদ্ধি পাইছিল৷ এইবাৰ নতুনকৈ ইয়াৰ ওপৰত এশ শতাংশ কৃষি আন্তঃগাথনি আৰু উন্নয়ন উপকৰ আৰোপ কৰা হ’ল৷

পে’ট্ৰলৰ ওপৰত প্ৰতিলিটাৰত ২.৫০ টকা আৰু ডিজেলৰ ওপৰত চাৰি টকা কৃষি উপকৰ

  কৃষকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পে’ট্ৰল আৰু ডিজেলৰ ওপৰত কৃষি উপকৰ আৰোপৰ প্ৰস্তাৱ দিয়া হৈছে নিৰ্মলা সীতাৰমণৰ বাজেটত৷ সোমবাৰৰ বাজেট বক্তৃতাত পে’ট্ৰলৰ ওপৰত প্ৰতিলিটাৰত ২.৫০ টকা আৰু ডিজেলৰ ওপৰত প্ৰতি লিটাৰত ৪ টকা কৃষি উপকৰ আৰোপৰ প্ৰস্তাৱ দিয়া হয়৷ যাৰ ফলত পে’ট্ৰল আৰু ডিজেলৰ মূল্য পুনৰ বৃদ্ধি পোৱাৰ আশংকা প্ৰবল হৈ পৰিল৷ পে’ট্ৰলজাত সামগ্ৰীৰ এই মূল্যবৃদ্ধিৰ পোনপটীয়া প্ৰস্তাৱ সৰ্বসাধাৰণ লোকৰ ওপৰত যি পৰিব সেইটো নিশ্চিত৷ আজিৰ তাৰিখত গুৱাহাটীত প্ৰতিলিটাৰ পে’ট্ৰলৰ মূল্য ৮৮.৯৯ টকা আৰু প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৮২.৬৯ টকা৷ নতুনকৈ কৃষি উপকৰ আৰোপ কৰাৰ পিছত শীঘ্ৰে পে’ট্ৰল-ডিজেলৰ মূল্য শতকৰ ঘৰ অতিক্ৰম কৰিব৷ উল্লেখ্য যে লকডাউনৰ পিছত আলকডাউন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়ৰ পৰাই কাৰ্যতঃ ধাৰাবাহিকভাৱে পে’ট্ৰল-ডিজেলৰ মূল্য বৃদ্ধি পাই আহিছে৷ মূল্য বৃদ্ধি হৈ হৈ বৰ্তমান পে’ট্ৰল আৰু ডিজেলৰ মূল্য প্ৰায় ৯০ৰ ঘৰ স্পৰ্শ কৰিছে৷ কৃষি উপকৰ আৰোপ কৰাৰ পিছত এই মূল্য একেকোবে অধিক বৃদ্ধি পাব৷ বিশেষজ্ঞসকলৰ দাবী– কৃষি উপকৰ আৰোপ কৰাৰ বাহিৰে চৰকাৰৰ ওপৰত বিকল্প উপায় নাছিল৷ কাৰণ চৰকাৰৰ ওচৰত আয় বৃদ্ধিৰ যিসমূহ পথ খোলা আছে, বৰ্তমান পৰিস্থিতি সেইসমূহৰ অধিকাংশ পথে বন্ধ৷ যাৰ ফলত বিকল্প পথৰ সন্ধান কৰিবলৈ গৈয়ে পে’ট্ৰল আৰু ডিজেলৰ ওপৰত কৃষি উপকৰ বহুওৱাৰ সিদ্ধান্ত লয় কেন্দ্ৰই৷ যাৰ ফলত সৰ্বসাধাৰণ লোকৰ বাজেটত ইয়াৰ প্ৰস্তাৱ পৰিব৷

পে’ট্ৰল-ডিজেল

পে’ট্ৰল-ডিজেলৰ ওপৰত কৃষি আন্তঃগাথনি আৰু উন্নয়ন উপকৰ বৃদ্ধিৰ প্ৰস্তাৱ দিলেও ইয়াৰ ফলত দেশৰ পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ আশংকা নাই বুলি ঘোষণা কৰিছে সীতাৰমণে৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীৰ যুক্তি– ‘পে’ট্ৰল-ডিজেলৰ ওপৰত প্ৰতি লিটাৰত সাধাৰণ উৎপাদন শুল্ক আৰু বিশেষ অতিৰিক্ত উৎপাদন শুল্ক হ্ৰাসৰ প্ৰস্তাৱ দিয়া হৈছে৷ ইয়াৰ ফলত সামগ্ৰীকভাৱে পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ সম্ভাৱনা নাই৷ সামগ্ৰীকভাৱে পে’ট্ৰলজাত সামগ্ৰীৰ ওপৰত অতিৰিক্ত কৰ আৰোপৰ কোনো প্ৰস্তাৱ নাই বুলিও তেওঁ স্পষ্ট কৰি দিয়ে৷ উল্লেখ্য যে এইবাৰ প্ৰতি লিটাৰ পে’ট্ৰলৰ সাধাৰণ উৎপাদন শুল্কৰ হাৰ ১ টকা ৪০ পইচা আৰু ডিজেলৰ ১ টকা ৮০ পইচা হ’ব৷ বিশেষ অতিৰিক্ত উৎপাদন শুল্কৰ হাৰ প্ৰতিলিটাৰ পে’ট্ৰলত ১১ টকা আৰু ডিজেলত ৮ টকা হ’ব৷ অপৰিশোধিত পাম তেলত ১৭.৫ শতাংশ, সূৰ্যমুখী তেলত ৩৫ শতাংশ, অপৰিশোধিত চয়াবিন তেলত ২০ শতাংশ কৃষি উপকৰ আৰোপৰ প্ৰস্তাৱ দিয়া হৈছে বাজেটত৷