Logo
image

এতিয়ালৈকে ৫০ কেডাৰক হত্যা কৰিছে আলফাই; লাচিত, নয়নমণিৰ মৃতদেহ পৰিয়ালক দিয়কঃ ডিজিপি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৫ অক্টোবৰঃ আলফা স্বাধীনে জ্যেষ্ঠ নেতা লাচিত হাজৰিকা আৰু নয়নমণি চেতিয়াক মৃত্যুদণ্ডৰ চৰম শাস্তি দিয়াক লৈ আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে৷ বিদ্ৰোহী সংগঠনটোৰ সংবিধান উলংঘন কৰাৰ অপৰাধত আলফা স্বাধীনে তথাকথিত বিচাৰ বহুৱাই জীৱনৰ ৩৫টা বছৰ বিদ্ৰোহী সংগঠনটোৰ হৈ কাম কৰা লখিমপুৰৰ সান্দহখোৱাৰ লাচিত হাজৰিকা ওৰফে ছেলিম ওৰফে এ জেদ শিৰোমানে সতীৰ্থৰ হাততে মৃত্যুদণ্ডৰ শাস্তি লাভ কৰাত কোনেও সহজভাৱে ল’ব পৰা নাই৷ একেদৰে তিনিচুকীয়াৰ প্ৰতিভাসম্পন্ন ৰাজ্যিক এতিয়ালৈকে ৫০ কেডাৰক হত্যা বক্সিং খেলুৱৈ নয়নমণি চেতিয়া ওৰফে বৰ্ণালী চেতিয়া ওৰফে ইহম চেতিয়াই বিদ্ৰোহী সংগঠনটোত যোগদানৰ দুবছৰ নৌহওঁতেই এনে চৰম শাস্তি মূৰ পাতি ল’বলগীয়া হোৱা ঘটনাই আলফাৰ মুৰব্বী পৰেশ বৰুৱাৰ ভূমিকাক লৈয়ো এতিয়া প্ৰশ্ন উঠিছে৷ কাজেই এতিয়া আলফা স্বাধীনৰ ভিতৰচ’ৰাত চৰম অৰাজকতা আৰু অনুশাসনহীনতাৰ ছবিখনো ফুটি উঠিছে৷ ‘কা’বিৰোধী আন্দোলনৰ পাছতেই আলফালৈ যুৱক-যুৱতীৰ সোঁত বৈছিল যদিও এতিয়া সঘনাই বিদ্ৰোহী সংগঠনটোৰ ম্যানমাৰৰ শিবিৰত তথাকথিত বিচাৰ বহুৱাই অসমীয়াৰ তেজেৰে ৰাঙলী কৰাৰ খবৰ আহিব ধৰিছে৷ সমাজ পৰিৱৰ্তন আৰু স্বাধীন অসমৰ আশা বুকুত বান্ধি বহু কম বয়সীয়া যুৱক-যুৱতীয়ে ৰঙীন সপোন লৈ আলফাত যোগদান কৰে যদিও ঘন অৰণ্যত বাস্তৱৰ কষ্টকৰ জীৱন সংগ্ৰামৰ মুখামুখি হৈ, পৰৱৰ্তী সময়ত পুনৰ আগৰ স্থানলৈ ঘূৰি অহাৰ চেষ্টা কৰে৷ কিন্তু আলফা শিবিৰৰ পৰা পলায়নৰ চেষ্টা কৰি ধৰা পৰিলেই মৃত্যুদণ্ডৰ চৰম শাস্তি ভোগ কৰিবলগীয়া হয়৷ আলফাৰ তিনি দশকযোৰা সংগ্ৰামত কিমানজনক এনে মৃত্যুদণ্ডৰ শাস্তি দিলে তাৰ যেন কোনো হিচাপ নাই৷ এনে মৃত্যুদণ্ডৰ শাস্তিৰ তথ্য অসমবাসী ৰাইজৰ লগত দুৰ্ভগীয়া পৰিয়ালসমূহৰ পৰাও গোপন ৰাখিছে আলফা নেতৃত্বই৷  বিগত দুই বছৰত আলফাই পাঁচজন কেডাৰক সংবিধানবিৰোধী কাৰ্যৰ অপৰাধত মৃত্যুদণ্ডৰ শাস্তি দিয়াৰ কথা আনুষ্ঠানিকভাৱে স্বীকাৰ কৰিছে৷ জ্যেষ্ঠ নেতা লাচিত হাজৰিকা আৰু নয়নমণি চেতিয়াক বিগত ২০ ছেপ্টেম্বৰত আলফাই গুলীয়াই হত্যা কৰিছিল যদিও এই মৃত্যুদণ্ডৰ কথা গোপনে ৰখাৰ চেষ্টা চলাইছিল৷ কিন্তু পহিলা অক্টোবৰত অৰুণাচল-ম্যানমাৰ সীমান্তত আছাম ৰাইফলছৰ হাতত ধৰা দিয়া আলফা শিবিৰৰ পৰা পলাই অহা নুমলিগড়ৰ মনজিৎ গগৈ নামৰ কেডাৰজনে এই ভয়ংকৰ খবৰ ৰাইজৰ সন্মুখলৈ আনে৷  স্বাভাৱিকতেই এতিয়া আলফা কেডাৰদ্বয়ৰ মৃতদেহ ঘূৰাই দিবলৈ পৰিয়ালৰ লোকৰ লগতে আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙেও পৰেশ বৰুৱাক আহ্বান জনাইছে৷ আনকি সামাজিক মাধ্যমত আৰক্ষী সঞ্চালকপ্ৰধানজনে মৃতদেহবোৰ ক’ত এৰি থৈ গৈছে আলফা নেতৃত্বক ৰাজহুৱা কৰিবলৈ আহ৩ান জনাই অসম আৰক্ষীয়ে যিকোনো চৰকাৰৰ সৈতে যোগাযোগ কৰি মৃতদেহকেইটা ঘূৰাই অনাৰ ব্যৱস্থা কৰিব বুলি মন্তব্য কৰিছে৷ শোকত ভাগি পৰা পৰিয়ালকেইটাই মৃতদেহ ঘূৰাই পোৱাটো প্ৰাপ্য বুলি উল্লেখ কৰাই নহয়, আলফাই বিগত সময়ছোৱাত নতুনকৈ যোগদান কৰা ৫০ জন কেডাৰক মৃত্যুদণ্ডৰে দণ্ডিত কৰা বুলি বিস্ফোৰক দাবী কৰিছে জিপি সিঙে৷ বুধবাৰে সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত আৰক্ষী সঞ্চালকপ্ৰধান সিঙে কয়– “জংঘলত গৈ জীৱন ত্যাগ কৰাৰ কোনো যুক্তি নাই৷ আলফাই এটা প্ৰেছ বিবৃতি দিলেও বিগত সময়ছোৱাত এনে ঘটনা বহুত হৈছে৷ ৫-৬ মাহ আগতে আমি পৰ্যালোচনা কৰি দেখিছিলো যে ৫০ জন মানৰ লগত এনে ঘটনা হৈছে৷ যিখিনি যুৱক-যুৱতী আলফালৈ গৈছে তেওঁলোক তাত সন্ধানহীন হৈছিল৷ প্ৰায়খিনিক কিবা নহয় কিবা অজুহাত দেখুৱাই মৃত্যুদণ্ড দিয়া হৈছে৷ তাত গৈ এনে ব্যৱস্থাৰ সন্মুখীন হ'ব য’ত কোনো বিচাৰ নাই৷ তাত গৈ জীৱন দান কৰাৰ কোনো যুক্তি মই দেখা নাই৷ আজিৰ অসমত অৰ্থনৈতিক উন্নয়ন হৈছে৷ সেইবাবে ইয়াতে থাকি কষ্ট কৰি অসম নিৰ্মাণত যোগদান কৰিলে অসমৰ বাবে বেছি ভাল৷ মই আজিও অনুভৱ কৰো কাৰোবাক মৃত্যুদণ্ড দিলেও মৃতদেহসমূহ পৰিয়ালক ঘূৰাই দিব লাগে৷