Logo
image

অশনি সংকেত

বৃহৎ নদীবান্ধৰ বাবে অসমতো হ’ব পাৰে উত্তৰাখণ্ডৰ পৰিস্থিতি

আমাৰ অসম, ৯ ফেব্ৰুৱাৰীঃ উত্তৰাখণ্ডৰ চাম’লি জিলাৰ যোশীমঠত দেওবাৰে সংঘটিত ভয়াৱহ প্ৰাকৃতিক দুৰ্ঘটনা নন্দাদেবী পৰ্বতৰ হিমবাহস্খলনৰ ফলত হোৱা নাছিল, বৰং সমগ্ৰ অঞ্চলটোত নিৰ্মিত অসংখ্য সৰু-বৰ নদীবান্ধৰ ফলত শিঠিল আৰু ভংগুৰ হৈ পৰা পাৰ্বত্য এলেকাত সংঘটিত প্ৰবল ভূমিস্খলনৰ বাবেহে সংঘটিত হৈছিল৷ এই তথ্য প্ৰকাশ কৰিছে ব্ৰিটেইনৰ শ্বেফিল্ড বিশ্ববিদ্যালয়ৰ ডেভ পেটলিয়ে কৃত্ৰিম উপগ্ৰহৰ পৰা লোৱা ঘটনাৰ পূৰ্বৰ আৰু পাছৰ ফটো বিশ্লেষণ কৰি৷ নন্দাদেৱী পৰ্বতৰ হিমবাহৰ ফটো প্লেনেট লেব নামৰ কৃত্ৰিম উপগ্ৰহে যোগান ধৰিছে আৰু ঘটনাৰ পূৰ্বৰ তথা পাছৰ ফটোত সেই হিমবাহ অক্ষত অৱস্থাত আছে৷ ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ অতিৰিক্ত সঞ্চালক প্ৰধান আনন্দ শৰ্মায়ো ভূমিস্খলনৰ তত্ব সমৰ্থন কৰিছে৷ তেওঁ জনাইছে যে, যোৱা ২৬ ফেব্ৰুৱাৰীত যোশীমঠৰ উচ্ছ অংশত প্ৰবল তুষাৰপাত হৈছিল৷ কিন্তু পিছদিনাৰ পৰাই বতৰ পৰিষ্কাৰ হোৱাত সেই বৰফ কঠিন হোৱাৰ পূৰ্বেই সূৰ্যৰ তাপত গলি যায় আৰু সমগ্ৰ অঞ্চলটোত পাহাৰীয়া অংশত সৃষ্টি হোৱা ফাটবোৰেৰে এই পানী সৰকি আহে৷ চৌদিশৰ পৰা গোটখোৱা পানীয়ে পাহাৰৰ গা কোমল কৰি পেলোৱাত ভূমিস্খলনৰ উদ্ভব হয় আৰু অঞ্চলটোৰ বৃহৎ অংশত একেই পৰিণতিৰ সৃষ্টি হোৱাত ই বৃহদাকাৰ ভূমিস্খলনৰ কালৰূপ লৈ সজোৰে তীব্ৰগতিত নামনি অঞ্চললৈ নামি আহে৷ ইয়াত ইন্ধন যোগায় নন্দাদেৱী পৰ্বতৰ পাদদেশত আৰু যোশীমঠৰ ওপৰত কৃত্ৰিমভাৱে শেহতীয়াকৈ সৃষ্টি হোৱা হিমবাহৰ অস্থায়ী হ্ৰদে৷ ভূমিস্খলনে এই অস্থায়ী হিমবাহৰ হ্ৰদো ভাঙি লগতে কঢ়িয়াই অনাত প্ৰলয়ৰ পৰিমাণ বৃহৎ আৰু ভয়ংকৰ হৈ পৰে৷

ভূমিস্খলনৰ মূল কাৰণ উত্তৰাখণ্ডৰ এই অংশটোত নিৰ্মাণ কৰা অসংখ্য নদীবান্ধ বুলিয়েই ঠাৱৰ কৰিছে বিশেষজ্ঞই৷ উত্তৰাখণ্ড চৰকাৰে এই অঞ্চলত মুঠতে ৪২০ টা নদীবান্ধৰ দ্বাৰা জলবিদ্যুৎ প্ৰকল্প গঢ়ি তুলিছে য’ৰ বহু সংখ্যক ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু একাংশৰ নিৰ্মাণ কাৰ্য অব্যাহত আছে৷ এই জলবিদ্যুৎ প্ৰকল্পৰ জৰিয়তে মুঠতে ২৭,০৩৯ মেগাৱাট শক্তি উৎপাদনৰ লক্ষ্য লোৱা হৈছে৷ গাড়োৱাল হিমালয়ৰ এই অংশ অতি ভংগুৰ আৰু সংবেদনশীল বুলিয়েই ভূবিজ্ঞানত ব্যাখ্যা আছে৷ সেই পৰ্বতীয়া অঞ্চলটো অধিক শিঠিল কৰি তুলিছে নদীবান্ধ নিৰ্মাণৰ বাবে বেআইনীভাৱে সংঘটিত কৰা অজস্ৰ বিস্ফোৰণে৷ ঋষিগংগা নদীবান্ধ নিৰ্মাণৰ বাবে শিলত কৰা বিস্ফোৰণে সমগ্ৰ অঞ্চলটোত অজস্ৰ ফাট সৃষ্টি কৰাত ২০১৯ চনৰ ১৫ জুলাইত উত্তৰাখণ্ড উচ্ছ ন্যায়ালয়ে বিস্ফোৰণেৰে কঠিন শিল ভঙা কাৰ্য নিষিদ্ধ ঘোষণা কৰিছিল৷ কিন্তু তাৰ পূৰ্বেই পৰ্বতৰ শৰীৰত অজস্ৰ ফাটৰ সৃষ্টি হৈ সমগ্ৰ অঞ্চলটো অধিক ভংগুৰ হৈ পৰিছিল৷ তপোবন-বিষ্ণুগড় নদীবান্ধে অঞ্চলটোৰ ভূতাত্বিক গঠনত ভয়ংকৰ ক্ষতি কৰা বুলি কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰণালয়ে গঠন কৰা চোপ্ৰা কমিটীয়ে প্ৰতিবেদন দিছিল৷ দেওবাৰে উত্তৰাখণ্ডত সংঘটিত হোৱা এই প্ৰলয়ৰ মূল কাৰণ প্ৰকৃততে অঞ্চলটোত নিৰ্মিত আৰু নিৰ্মীয়মান নদীবান্ধ বুলি বিশেষজ্ঞই দৃঢ়মত পোষণ কৰিছে৷ দেওবাৰে উত্তৰাখণ্ড চৰকাৰে নন্দাদেবী পৰ্বতৰ হিমবাহৰ এটা অংশ ভাগি হিমস্খলনৰ সৃষ্টি কৰাৰ ফলত এই প্ৰলয় সংঘটিত হোৱা বুলি ক’লেও আজি চৰকাৰে ঘটনাটোৰ কাৰণ সন্দৰ্ভত সম্পূৰ্ণ নীৰবতা পালন কৰি কোনো ধৰণৰ উত্তৰ আৰু ব্যাখ্যা আগবঢ়োৱাৰ পৰা বিৰত আছে৷ ভূমিস্খলনৰ বিষয়ে স্বীকাৰ কৰিলেই তাৰ গুৰি নদীবান্ধ নিৰ্মাণ বুলি প্ৰতিষ্ঠা হোৱাৰ ভয়তে উত্তৰাখণ্ডৰ বিজেপি চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ দৰে সমস্যাৰ কাৰণ সন্দৰ্ভত নিশ্চুপ হৈ থকাৰ কৌশল লৈছে৷ উত্তৰাখণ্ডৰ এই প্ৰলয় অসম আৰু অৰুণাচল প্ৰদেশৰ বাবে অশনি সংকেত হৈ পৰিছে৷ কিয়নো একেই হিমালয় পৰ্বতমালাৰ ঠেঙুলি অৰুণাচল প্ৰদেশত সৰু-বৰ ১৪২টা নদীবান্ধ নিৰ্মাণ কৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম হাতত লোৱা হৈছে৷ ৪.৫ মেগাৱাটৰ পৰা ৪০০০ মেগাৱাট শক্তি সম্পন্ন এই জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণতো একেই আভিযান্ত্ৰিক কৌশল গ্ৰহণ কৰা হৈছে৷ অসমৰ নামনি সোঁৱণশিৰি জলবিদ্যুৎ প্ৰকল্পয়ো অসমৰ বাবে উত্তৰাখণ্ডৰ দৰেই কোনোদিনা কালৰূপ গ্ৰহণ কৰিব পাৰে৷ কিয়নো এই প্ৰকল্প নিৰ্মাণৰ সময়ত বহু আসোঁৱাহ ধৰা পৰিছিল৷ তদুপৰি নিৰ্মাণ কৌশল একে হোৱাৰ বাবে উত্তৰাখণ্ডৰ দৰে অৰুণাচল প্ৰদেশ আৰু ধেমাজিৰ গেৰুকামুখ অঞ্চলৰ ভূতাত্বিক গঠনো অতি ভংগুৰ আৰু শিঠিল হৈ পৰিছে৷ অসমৰ প্ৰতি সৃষ্টি হোৱা এই অশনি সংকেত সন্দৰ্ভত ‘আমাৰ অসম’ৰ ওচৰত শংকা ব্যক্ত কৰিছে এই সন্দৰ্ভত অধ্যয়ন কৰি থকা কেইবাজনো বিশেষজ্ঞই৷

সাধাৰণ অৱস্থাতে সুৰক্ষিত নহয় নামনি সোঁৱণশিৰিবান্ধঃ জ্যোতিনিন্দ্ৰ খাটনিয়াৰ

নামনি সোঁৱণশিৰিৰ জলবিদ্যুৎ প্ৰকল্পৰ কাম আৰম্ভ হৈছিল ২০০৫ চনৰ ১ জানুৱাৰীত৷ এই প্ৰকল্পৰ আৰ্হি প্ৰস্তুত কৰা হৈছিল সংহত প্ৰকল্প হিচাপে–একেখন নদীৰ ওপৰত তিনিটা পৰ্যায়ত৷ আপাৰ, মিডিল আৰু ল’ৱাৰ উচ্ছতাত বান্ধ নিৰ্মাণ কৰিবলৈ চেণ্টেল ইলেকট্ৰিকেল অথৰিটি অব ইণ্ডিয়াই সংহত প্ৰকল্পৰ বাবে অনুমোদন দিছিল৷ এই অনুমোদনত এটা চৰ্ত ধৰি দিয়া হৈছিল যে তিনিওটা প্ৰকল্প একেলগে, একে সময়তে চলি থাকিব লাগিব৷ ইয়াৰে ‘আপাৰ’ অৱস্থানত বান ৰোধৰ বাবে প্ৰস্তাৱিত বান্ধৰ ওপৰত দহ মিটাৰ অতিৰিক্ত উচ্ছতা দিয়া হৈছিল যাতে অতিৰিক্ত পানীখিনি ধৰি ৰাখিব পাৰে৷ ‘মিডিল’ অৱস্থানত অতিৰিক্ত পানী ধৰি ৰাখিবৰ বাবে [ফ্লাড কুছনিং] বান্ধৰ উচ্ছতা ১৫ মিটাৰ বঢ়াবলৈ দিয়া পৰামৰ্শৰ কথা ডকুমেণ্টত উল্লেখ আছে৷ ‘আপাৰ’ আৰু ‘মিডিল’ অৱস্থানত যিহেতু ১০/১৫ মিটাৰ ফ্লাড কুছনিং আছে গতিকে সেইটো যথেষ্ট বুলি ধৰি লৈ ২০০০ মেগাৱাট ক্ষমতাৰ নামনি সোঁৱণশিৰি বান্ধৰ ১১৬ মিটাৰ বান্ধৰ কোনো ফ্লাড কুছনিঙৰ বাবে অতিৰিক্ত উচ্ছতা ৰখা নাই৷ ফ্লাড কুছনিং নথকা ত্ৰুতিপূৰ্ণ বান্ধটোৰ ভেটিৰ গভীৰতা হ’ব লাগিছিল ১৭ মিটাৰ তললৈকে৷ যিটো ব্ৰহ্মপুত্ৰ বোৰ্ডে অধ্যয়ন কৰি থৈছে আৰু তাৰ ওপৰতে এন এইছ পি চিয়ে কাম কৰিছে৷ কিন্তু এন এইছ পি চিয়ে মাত্ৰ ৯ মিটাৰ গভীৰতালৈহে কৰিছে বান্ধৰ ভেটি৷ অৰ্থাৎ ভেটিৰ প্ৰয়োজনতকৈ ৮ মিটাৰ গভীৰতা কম হৈ আছে৷ গতিকে যিটো প্ৰকল্পৰ মূল বান্ধটোৰ ‘স্বাস্থ্য’ই ভাল নহয়, যিকোনো মুহূৰ্তত লুটি খাব পাৰে বা পিছলি যাব পাৰে৷ এইটো অতি চিন্তনীয় বিষয় যে ইতিমধ্যে ‘আপাৰ’ আৰু ‘মিডিল’ অৱস্থানৰ কাম বহু বছৰ আগতে এন এইচ পি চিৰ পৰা অৰুণাচল চৰকাৰে উঠাই লৈছে৷ গতিকে নামনি সোঁৱণশিৰি বান্ধ সাধাৰণ অৱস্থাতে সুৰক্ষিত নহয়৷ উত্তৰাখণ্ডৰ দৰে অকল্পনীয় বানৰ সময়ৰ কথাটো বাদেই৷ নামনি সোঁৱণশিৰিৰ অকলশৰীয়া নদী বান্ধটো কোনোপধ্যে শক্তিশালী বা নিৰাপদ বুলিব নোৱাৰি যদিও এই কথাখিনি আঙুলিয়াই দিয়াৰ পাছত বান্ধটো ৰক্ষা কৰিবলৈ নানা ধৰণৰ যাৱতীয় ব্যৱস্থা কৰা হৈছে৷ নামনি সোঁৱণশিৰিৰ নামনিত বান খহনীয়া প্ৰতিৰোধৰ বাবে তিনিওটা প্ৰকল্প একেটা লাইনত, একে প্ৰতিষ্ঠানৰ দ্বাৰা পৰিচালিত হোৱাৰ প্ৰয়োজনীয়তা আছে বুলি থাট্টে ৰেড্ডী কমিটীৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে৷ গতিকে একেটা প্ৰলয়ংকাৰী বানত নামনি সোৱণশিৰিৰ বান্ধ খহি তেজপুৰ পৰ্যন্ত বিশাল এলেকাৰ হানি হোৱাৰ আশংকা আছে৷ কিয়নো ‘অসুস্থ’ ১১৬ মিটাৰ উচ্ছতাৰ বান্ধটো প্ৰয়োজন মতে ওখ কৰাৰো কোনো সুযোগ নাই৷ যিহেতু বান্ধটো ১১৬ মিটাৰ ওখ বুলি ধৰি লৈ পাৱাৰ হাউচলৈ বোৱাই নিবলগীয়া সুৰক্ষা সুৰংগ কেইটাৰ ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈছে৷ কিছুমানে কয় যিহেতু বান্ধৰ ভেটি  প্ৰয়োজনীয় ধৰণে হোৱা নাই গতিকে বান্ধৰ উচ্ছতা হ্ৰাস কৰিব লাগে৷ তেনে কৰিলে সুৰংগ ৮ টা [২.৫ মেগাৱাট *৪] উন্মুক্ত হৈ যাব৷

প্ৰকৃতিৰ আগত কোনো প্ৰকল্প এশ শতাংশ সুৰক্ষিত নহয়ঃ প্ৰদীপ পুজাৰী

উত্তৰাখণ্ডৰ প্ৰকল্পত যিটো নদীবান্ধ ভাঙিল সেইটো এটা সৰু প্ৰকল্প৷ প্ৰকল্পৰ ‘আপষ্ট্ৰীম’ত বৰফাবৃত অঞ্চলৰ হিমবাহ ফাটি অকল্পনীয় বানৰ সৃষ্টি কৰিছে৷ নামনি সোঁৱণশিৰি বৃহৎ নদী বান্ধৰ ক্ষেত্ৰত এনে সমস্যাৰ সম্ভাৱনীয়তা ক’ম৷ কিয়নো নামনি সোঁৱণশিৰি বান্ধৰ আপষ্ট্ৰীমৰ নিচেই ওচৰত হিমবাহ ফাটি অকল্পনীয় বান সৃষ্টি কৰাৰ সম্ভাৱনা নাই৷ কিন্তু আন কোনো কাৰণতো সোৱণশিৰিত অকল্পনীয় বান নহ’ব বুলি ক’ব নোৱাৰি৷ ক্লাউড ব্লাষ্ট হৈয়ো সোৱণশিৰিত অকল্পনীয় বান সৃষ্টি কৰিব পাৰে৷ অধিক পৰিমাণে অহা পানীৰ ভৰ সহিব নোৱাৰাকৈ যদি বান্ধটোৰ ডিজাইন কৰা হৈছে তেনেহ’লে ভাঙি যাব পাৰে৷ প্ৰকৃতিৰ আগত কোনো প্ৰকল্প এশ শতাংশ ছেভ বুলি ক’ব নোৱাৰি৷ বিজ্ঞানীসকলে এটা নিৰ্দিষ্ট সময়ৰ তথ্যৰ আধাৰত এটা প্ৰকল্পত ডিজাইন কৰে৷ তেনে ধৰণৰ তথ্য সময় সাপেক্ষ৷ নিশ্চিতভাৱে সময়ভেদে তাৰ পৰিৱৰ্তন হ’ব পাৰে৷

নামণি সোঁৱণশিৰি বান্ধৰ আগত উত্তৰাখণ্ডৰ দৰে ডাঙৰ বৰফৰ পাহাৰ নাইঃ ভগৱৎ প্ৰাণ দুৱৰা

উত্তৰাখণ্ডৰ চাম’লি জিলাৰ ধৌলীগংগা নদীৰ নিৰ্মীয়মান জলবিদ্যুৎ প্ৰকল্প ভাগিছে হিমবাহৰ বিস্ফোৰণৰ ফলত৷ এনে ধৰণৰ ঘটনা হোৱাৰ সম্ভাৱনা কম নামনি সোঁৱণশিৰিৰ ক্ষেত্ৰত৷ কাৰণ নামনি সোঁৱণশিৰিৰ নদীবান্ধৰ আপষ্ট্ৰীমত উত্তৰাখণ্ডৰ দৰে ডাঙৰ বৰফৰ পাহাৰ নাই৷ নদীবান্ধ সন্দৰ্ভত এটা অধ্যয়নত দেখা গৈছে যে নদীবান্ধটোৰ পৰা এক কিলোমিটাৰ দূৰত এটা বৰফৰ শিলাখণ্ড আছে যদিও তাৰ পৰা নামনিত ভয়ংকৰ বানৰ সৃষ্টি হোৱাৰ সম্ভাৱনা নাই৷