Logo
image

উচ্ছ শিক্ষাত দুৰ্নীতিঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কলংক

শিক্ষকতাক এক পৱিত্ৰ বৃত্তি বুলি ধৰা হয়৷ শিক্ষকসকলৰ কাম হ’ল ছাত্ৰ-ছাত্ৰীক জীৱনৰ শিক্ষা দিয়া, বিভিন্ন বিষয়ৰ জ্ঞান দি পূৰ্ণতা প্ৰাপ্তিৰ বাবে আগবঢ়াই লৈ যোৱা৷ শিক্ষাৰ জড়িয়তে শিক্ষাৰ্থীক মানুহ হোৱাৰ গৌৰৱ কৰিবলৈ শিকোৱা হয়৷ নিজৰ লগতে সমাজক আগবঢ়াই নিবলৈ শিকোৱা হয়৷ পাঠ্যপুথিৰ জ্ঞানৰ মাজেদি ছাত্ৰ-ছাত্ৰীক আত্মনিৰ্ভৰশীল হ’বলৈ, পৰোপকাৰী হ’বলৈ শিক্ষা দিয়া হয়৷ সেই কাৰণে শিক্ষকক সমাজত বিশেষ সন্মানৰ দৃষ্টিৰে চোৱা হয় আৰু শিক্ষানুষ্ঠানসমূহক জ্ঞানৰ মন্দিৰ বুলি বিবেচনা কৰা হয়৷ এনেক্ষেত্ৰত শিক্ষাৰ মন্দিৰতে যেতিয়া দুৰ্নীতিৰ শিপা মেলে, সেই শিপাই অন্য ক্ষেত্ৰসমূহক বেঢ়ি পেলায়৷ জ্ঞানৰ মন্দিৰত যদি অপকৰ্মৰ জুই জ্বলে, সেই জুয়ে সমাজৰ ভেটি পুৰি ছাৰখাৰ কৰি পেলায়৷ কোনো ক্ষেত্ৰ বা কোনো ব্যক্তি বাচি যাব নোৱাৰে৷

বিগত চাৰিটা দশকত শিক্ষাক্ষেত্ৰত সংঘটিত হৈছে অনিয়মৰ অজস্ৰ ঘটনা৷ ৰাজ্যৰ শিক্ষা বিভাগটোৱে আটাইতকৈ দুৰ্নীতিগ্ৰস্ত বিভাগ হিচাপে চিহ্নিত হৈছে৷ দুৰ্নীতিৰ কৰাল গ্ৰাসত সোমাই পৰিছে শিক্ষা আৰু শিক্ষকতাৰ বৃত্তি৷ ইতিমধ্যে বহু বিষয়া, শিক্ষানুষ্ঠানৰ পৰিচালক আৰু শিক্ষক দুৰ্নীতি-অনিয়মত লিপ্ত হৈ ধৰা পৰাৰ বহু ঘটনা ঘটিছে৷ বহুতে শাস্তিৰো সন্মুখীন হৈছে৷ বহু সমালোচনা আৰু প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণৰ পাছতো এনে কাম কমা নাই, বৰঞ্চ বাঢ়িবলৈহে ধৰিছে৷  গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইডল-কাণ্ডৰ পাছত শেহতীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হৈছে লাজলগা কাণ্ড৷ স্বয়ং উপাচাৰ্যই ভুৱা বিল দাখিলৰ দৰে নিৰ্লজ্জ কাণ্ড কৰি চকীৰ পৰা আঁতৰিবলগীয়া হৈছে৷

শিক্ষকৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হোৱা ড॰ ৰঞ্জিত তামুলীয়ে ঘৃণনীয় কাম কৰি উপাচাৰ্যৰ দৰে অতি সন্মানীয় পদটোকে বদনামী কৰিলে৷ ড॰ তামুলীৰ কাৰ্যই সকলোৱে সন্মানৰ দৃষ্টিৰে চোৱা উপাচাৰ্যৰ চকীখনৰ মৰ্যাদা লাঘৱ কৰিছে৷ ব্যক্তিগত লোভৰ বশৱৰ্তী হৈ অতি উচ্ছ আসনত থকা শিক্ষাবিদজনে চৰম ঘৃণনীয় কাৰ্য কৰিছে আৰু তাকে কৰি উচ্ছশিক্ষা জগতক লজ্জিত কৰিছে৷

বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজ আৰু শিক্ষক তথা বিষয়া-কৰ্মচাৰীৰ প্ৰবল প্ৰতিবাদৰ পাছত বাধ্য হৈ আচাৰ্য ৰাজ্যপাল জগদীশ মুখীয়ে ‘ফেক ফাইণ্ডিং কমিটী’ৰ প্ৰতিবেদনৰ আধাৰত ইতিমধ্যে অভিযুক্ত উপাচাৰ্যজনক নিলম্বন কৰিছে৷ তাৰে আগতে বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদে পঞ্জীয়ক আৰু সংশ্লিষ্ট গাণনিক বিষয়াক নিলম্বন কৰিছে৷ এই খবৰে শিক্ষিত লোকসকলক সমাজত লজ্জানত কৰিছে৷ পিছে, আগে-পিছে দেখাৰ দৰে এই বিচাৰ নিলম্বনতে শেষ হ’ব নালাগিব৷ উত্থাপিত প্ৰতিটো অভিযোগৰ উচিত আৰু খৰতকীয়া তদন্ত কৰিব লাগিব৷ তদন্ত পলম হোৱা মানেই বিশ্ববিদ্যালয়ৰ উন্নতিৰ গতি স্থবিৰ হোৱা৷ উচ্ছশিক্ষাৰ সামগ্ৰিক উন্নতি আৰু ডিব্ৰুগড়  বিশ্ববিদ্যালয়ৰ বিশেষ স্বাৰ্থত দোষী ব্যক্তিক কঠোৰ শাস্তি বিহিব লাগিব৷ চাব লাগিব যাতে আইনৰ পাকচক্ৰ আৰু ৰাজনৈতিক পৃষ্ঠপোষকতাত দোষী ব্যক্তি সাৰি নাযায় বা ওলোটাই পুৰস্কৃত নহয়৷ আইডল-কাণ্ডক থাপি-থুপি থৈ কেলেংকাৰীৰ নায়কক উপাচাৰ্য পাতি পুৰস্কৃত কৰা একেজন আচাৰ্যই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ক্ষেত্ৰতো বহুদূৰ আগবাঢ়িব বুলি ভবা নাযায়৷ তেনেক্ষেত্ৰত ছাত্ৰ, শিক্ষক, বিষয়া আৰু কৰ্মচাৰীসমাজ অতি সচেতন হ’ব লাগিব৷ এনে শাস্তিৰ দাবী কৰিব লাগিব যাতে তেনে শাস্তি দেখি এনেবোৰ ঘৃণনীয় কাৰ্যত লিপ্তসকলৰ বুকু কঁপি উঠে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ঘটনা উচ্ছশিক্ষাৰ লগত জড়িত ব্যক্তিসকলৰ বাবে এক শিকনি হৈ ৰওক৷ ভৱিষ্যতে কোনেও যাতে এনে বেয়া কাম কৰিবলৈ সাহস নকৰে, তাৰ বাবে ব্যৱস্থাৰ সংস্কাৰত গুৰুত্ব দিব লাগিব৷ উচ্ছ শিক্ষা প্ৰতিষ্ঠানত সংঘটিত দুৰ্নীতিৰ অভিযোগ বিচাৰৰ বাবে এক স্থায়ী ব্যৱস্থা গঢ়ি তুলিব লাগিব, কাৰণ উচ্ছশিক্ষাক দুৰ্নীতিমুক্ত কৰিব নোৱাৰিলে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ দৰে শ্লোগানৰ কোনো অৰ্থ নাথাকিব৷