Logo
image

গুৱাহাটীত আই পি এলৰ খেল

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ২০০৮ চনত আৰম্ভ কৰা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ [আই পি এল] সপ্তদশ ছীজনৰ সমাপ্তিলৈ মাজতে কেইটামান দিন বাকী৷ যি উদ্দেশ্য আগত ৰাখি আই পি এল আৰম্ভ কৰা হৈছিল, তাত এশ শতাংশই সফলতা দাবী কৰিব পাৰে বি চি চি আয়ে৷ আই পি এল বৰ্তমান বিশ্বৰ সবাতোকৈ জনপ্ৰিয় ফ্ৰেঞ্চাইজী লীগ হিচাপে স্বীকৃত হৈছে৷ এই লীগৰ আৰ্হিত বিশ্বৰ আন কেইবাখনো দেশত টুৱেণ্টী২০ লীগ আৰম্ভ কৰা হৈছে যদিও সেইবোৰ আই পি এলৰ সমকক্ষ হ’ব পৰা নাই৷ কেৱল ষ্টেডিয়ামৰ দৰ্শকেই নহয়, আই পি এলৰ খেল চোৱা টেলিভিশ্বন দৰ্শকৰ সংখ্যায়ো অভিলেখ গঢ়িছে৷ দৰ্শকৰ এই সঁহাৰিলৈ লক্ষ্য ৰাখিয়েই বি চি চি আয়ে টুৰ্নামেণ্টখন অধিক আকৰ্ষণীয় কৰাৰ নতুন নতুন কৌশল উলিয়াইছে৷ টুৰ্নামেণ্টখনৰ প্ৰতিদ্বন্দ্বী দল দহটালৈ বৃদ্ধি কৰা হৈছে৷ পৰৱৰ্তী সময়ত আৰু অধিক বৃদ্ধি পাব পাৰে দলৰ সংখ্যা৷ তেনেদৰে খেল আয়োজন কৰা হৈছে নতুন নতুন স্থানত৷ আই পি এলৰ ২০২৩ বৰ্ষৰ পৰা আই পি এলৰ খেল চোৱাৰ সুযোগ পাইছে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰিকেটপ্ৰেমীয়ে৷ আই পি এলৰ প্ৰথমটো বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে তেওঁলোকৰ দ্বিতীয়খন হোম গ্ৰাউণ্ড হিচাপে নিৰ্বাচন কৰিছে গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামখন৷ যোৱা বছৰ এই ষ্টেডিয়ামখনত ৰাজস্থান ৰয়েলছে খেলিছিল পঞ্জাৱ কিংছ আৰু দিল্লী কেপিটেলছৰ বিৰুদ্ধে৷ সেই খেল দুখনতো দৰ্শকৰ উপস্থিতি আছিল উৎসাহজনক৷ এইবাৰো গুৱাহাটীত অনুষ্ঠিত হ’ব আই পি এলৰ দুখন খেল৷ কাইলৈ ৰাজস্থান ৰয়েলছে পঞ্জাৱ কিংছ আৰু ১৯ মে’ত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব৷ আই পি এলৰ চলিত ছীজনত ৰাজস্থান ৰয়েলছে যথেষ্ট প্ৰত্যয়জনক প্ৰদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে৷ ১২খন খেলৰ পৰা ১৬ পইণ্টেৰে দলটো আছে পইণ্ট তালিকাৰ দ্বিতীয় স্থানত৷ দলটোৰ দুখন খেল বাকী আছে৷ তাৰ বিপৰীতে ১৩খন খেলৰ পৰা ১৮ পইণ্টেৰে কলকাতা নাইট ৰাইডাৰ্ছ আছে প্ৰথম স্থানত৷ তাৰ লগতে নাইট ৰাইডাৰ্ছে প্লে-অফতো স্থান নিশ্চিত কৰিছে৷ ৰাজস্থান ৰয়েলছৰ বাবে গুৱাহাটীত হ’বলগীয়া দুয়োখন খেল গুৰুত্বপূৰ্ণ যদিও কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে হ’বলগীয়া খেলখনক লৈহে গুৱাহাটীৰ ক্ৰিকেটপ্ৰেমীৰ আগ্ৰহ বেছি দেখা গৈছে৷ ৰাজস্থান ৰয়েলছত আছে অসমৰ ৰিয়ান পৰাগ৷ ২২ বছৰীয়া ক্ৰিকেটাৰজনে এইবাৰৰ আই পি এলত উজ্জ্বীৱিত প্ৰদৰ্শনেৰে ইতিমধ্যে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে৷ এতিয়ালৈকে এঘাৰটা ইনিংছত তেওঁ সংগ্ৰহ কৰিছে ৪৮৩ ৰান, ৰানৰ গড় ৬০.৩৭৷ ষ্ট্ৰাইক-ৰেট হৈছে ১৫৩.৮২৷ এঘাৰটা ইনিংছত ৰিয়ানৰ আছে চাৰিটা অৰ্ধশতক৷ ৰিয়ানে দলৰ দুখন গুৰুত্বপূৰ্ণ খেল খেলিব গৃহ চহৰত৷ সেয়েহে সেই খেল দুখনত ৰিয়ানেই হ’ব আকৰ্ষণৰ কেন্দ্ৰ৷

যোৱা বছৰ গুৱাহাটীত অনুষ্ঠিত আই পি এলৰ দুখন খেলৰ এখন জয়ী হোৱাৰ বিপৰীতে এখন খেলত ৰাজস্থান ৰয়েলছ পৰাস্ত হৈছিল৷ এইবাৰ দলটোৰ লক্ষ্য দুয়োখন খেলতে জয়ী হৈ প্লে-অফত স্থান নিশ্চিত কৰা আৰু দুয়োখন খেলতে উজলি উঠক ৰিয়ান পৰাগ–তাকেই কামনা কৰিছে অসমৰ ক্ৰিকেটপ্ৰেমীয়ে৷