Logo
image

আকাশচুম্বী টিকটৰ মূল্য, বিমান কেতিয়া উৰিব নিশ্চয়তাহে নাই

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৮ জুলাই : ডিজিচিএ অৰ্থাৎ ‘ডাইৰেক্টৰেট জেনেৰেল অৱ চিভিল এভিয়েচন’ৰ বিধিৰ সুযোগ লৈ শেষমুহূৰ্তত কৰা ঘৰুৱা বিমানৰ টিকটৰ অত্যাধিক মূল্যবৃদ্ধি আৰু সীমিত এয়াৰক্ৰাফটৰ বাবে বিলম্বিত যাত্ৰাত অতীষ্ঠ হৈছে দেশৰ বিমানযাত্ৰী৷ জৰুৰী প্ৰয়োজনত এতিয়া বিমানযাত্ৰা কৰাটো বহু যাত্ৰীৰ বাবে অসম্ভৱ হৈ পৰিছে৷ চলিত সপ্তাহত গুৱাহাটী-নতুন দিল্লীৰ বিমানৰ টিকটৰ মূল্য আকাশলংঘী হৈ পৰিছে৷ জৰুৰী প্ৰয়োজনত দিল্লী যাত্ৰাৰ বাবে টিকট  কৰিবলৈ গৈ যাত্ৰা বাতিল কৰিবলগীয়া হৈছে অনেকেই৷ সচৰাচৰ ৭-৮ হাজাৰ টকাৰ ভিতৰত পোৱা গুৱাহাটী-দিল্লী বিমানৰ টিকটৰ মূল্য বৃদ্ধি পাইছে ২৫-৩০ হাজাৰ টকালৈ৷ দুদিনৰ পাছৰ যাত্ৰাত ৬-৭ হাজাৰ টকাৰ মূল্যৰ টিকট থাকিলেও পিছদিনাৰ টিকটৰ মূল্য ৩০হাজাৰ টকালৈ বৃদ্ধি পোৱাত ক্ষোভ প্ৰকাশ কৰিছে যাত্ৰীয়ে৷ পিছদিনাৰ টিকটৰ মূল্য এনেদৰে অস্বাভাৱিক হাৰত বৃদ্ধি কৰাটো অন্যায় বুলিও আপত্তি কৰিছে তেনে যাত্ৰীয়ে৷ প্ৰকৃততে মোদী চৰকাৰৰ কাৰ্যকালত ডিজিচিএই বলবৎ কৰা এটা বিধিৰ সুবিধা লৈ অস্বাভাৱিক হাৰত শেষ মুহূৰ্তত বিমান পৰিবহণ সংস্থাবোৰে বৃদ্ধি কৰে টিকটৰ মূল্য৷ ডিজিচিএ-ৰ সেই বিধি অনুসৰি চাহিদা অধিক থাকিলে বিমান পৰিবহণ সংস্থাই শেষমুহূৰ্তত এনেদৰে টিকটৰ দাম বৃদ্ধি কৰিব পাৰে৷ সেই বিধি অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত প্ৰায়ে প্ৰয়োগ কৰা দেখা যায়৷ সম্প্ৰতি বিভিন্ন কাৰণত ৰাজধানীলৈ যাত্ৰা কৰা যাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱাত বিমান সংস্থাসমূহে সেই বিধিৰ সুযোগ লৈ যাত্ৰীক সংকটত পেলাইছে৷ ইপিনে টিকটৰ মূল্য বঢ়ালেও সেৱাৰ ক্ষেত্ৰত তেনেই নিৰুদ্বেগ বিমান পৰিবহণ সংস্থাসমূহ৷ কেইবাটাও বিমান পৰিবহণ সংস্থা বন্ধ হৈ পৰাৰ ফলত অসম তথা উত্তৰ-পূবৰ যাত্ৰীৰ বাবে এতিয়া এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগোৰ বাহিৰে বিশেষ বিকল্প নোহোৱা হৈছে৷ এই দুই বিমান পৰিবহণ সংস্থাই উৰণ বা যাত্ৰাত ইমানেই বিলম্ব কৰে যে, বিমান যাত্ৰা আৰু ভাৰতৰ ৰে’ল যাত্ৰাৰ মাজত পাৰ্থক্য নোহোৱাৰ দৰে হৈছে । প্ৰকৃততে বিগত এবছৰত দেশৰ ৩০ শতাংশ বিমান ‘গ্ৰাউণ্ডেড’ বা উৰণ বন্ধ কৰা হৈছে৷ চলিত বছৰৰ মাৰ্চৰ আগলৈকে  দেশৰ আকাশত উৰিছিল প্ৰায় ৭০০ বিমান৷ যোৱা মাৰ্চৰ পৰা তাৰে ২০০খন বিমান সম্প্ৰতি ‘গ্ৰাউণ্ডেড’ কৰা হৈছে৷ বিগত মাৰ্চৰ পৰা উৰণ বন্ধ কৰা হৈছে ইণ্ডিগোৰ ৯০খন, স্পাইচ জেটৰ ৩০খন, এয়াৰ ইণ্ডিয়াৰ ৩০খন আৰু গ' ফ্ৰাৰ্ষ্টৰ ৫৪খন বিমান৷ ইয়াৰে  গ’ ফাষ্টৰ্ বিমান সংস্থাটো  দেউলিয়া হোৱাত বন্ধ কৰি দিছে ডিজিচিএই৷ আনহাতে উৰণৰ বাবে অনুপযোগী হৈ পৰাৰ ফলত অন্যান্য কেইটামান সংস্থাৰ নিৰ্দিষ্টসংখ্যক  বিমানৰ উৰণ একেবাৰে বন্ধ কৰি দিয়া হৈছে৷ সেয়ে দেশৰ আকাশত উৰিব পৰাকৈ বা দেশৰ যাত্ৰীক পৰিবহণ কৰিব পৰাকৈ বিমানৰ সংখ্যা হ্ৰাস পাইছে ৷ ফলত বিমান পৰিবহণ সংস্থাসমূহে পূৰ্বনিৰ্দিষ্ট ‘ৰুট’ত সময়মতে বিমান চলাচল কৰিব নোৱাৰা হৈছে আৰু সীমিত বিমানৰ বাবে যাত্ৰীক প্ৰয়োজনীয় টিকট যোগানতো ব্যৰ্থ হৈছে৷ এনে পৰিস্থিতিতো টিকটৰ মূল্য বৃদ্ধি কৰি এফালে বহু যাত্ৰীক বিমুখ কৰিছে আৰু চাহিদা অধিক দেখুৱাই টিকটৰ দাম  অন্যায় আৰু আকাশলংঘীভাৱে বৃদ্ধি কৰিছে৷