Logo
image

এম আৰ আই কৰাৰ পূৰ্বে সাৱধান হওক

এম আৰ আই অৰ্থাৎ মেগনেটিক ৰেজ’নেঞ্চ ইমেজিং হৈছে একপ্ৰকাৰৰ স্ক্ৰীনিং পৰীক্ষা৷ ইয়াত শক্তিশালী বৈদ্যুতিক আৰু ৰেডিঅ’ তৰংগ ব্যৱহাৰ কৰি শৰীৰৰ ভিতৰৰ ছবি লোৱা হয়৷ এই পৰীক্ষাৰ জৰিয়তে দেহত হোৱা বিভিন্ন অসুখ ধৰা পৰে৷ কিন্তু বহুতে এম আৰ আই বুলি ক’লে ভয় কৰে৷ আপুনি বা আপোনাৰ কোনো পৰিচিত লোকে যদি এই পৰীক্ষা কৰিবলগীয়া হয়, তেন্তে কেইটামান বিষয়ত সাৱধান হ’ব–

(১) সাধাৰণতে এম আৰ আই কৰিলে ইয়াৰ পৰা পাশ্বৰ্ক্ৰিয়া হোৱা দেখা নাযায়৷ কিন্তু কনষ্ট˜াষ্ট ডাইৰ বাবে অস্বস্তি, মূৰৰ বিষ, জ্বলা-পোৰা বা সংক্ৰমণ হ’ব পাৰে৷ কেতিয়াবা চকুত খজুৱতিৰ সমস্যায়ো দেখা দিয়ে৷ এম আৰ আই কৰাৰ পাছত এনেধৰণৰ সমস্যা হ’লে চিকিৎসকৰ পৰামৰ্শ ল’ব৷

(২) এম আৰ আই কৰাৰ পূৰ্বে অন্ততঃ দুইৰ পৰা চাৰি ঘণ্টা আগলৈকে কোনো খাদ্য গ্ৰহণ নকৰিব৷ শৰীৰৰ স্কেনিং আৰু ইমেজিং যাতে ভালদৰে হয়, তাৰ বাবে পেট খালী হৈ থকা দৰকাৰ৷

(৩) হাঁপানি বা এলাৰ্জিৰ সমস্যা থাকিলে এম আৰ আই কৰাৰ পূৰ্বে চিকিৎসকক জনাবলৈ নাপাহৰিব৷ কোনো খাদ্য বা দৰৱ খালে যদি এলাৰ্জি হয় সেই বিষয়েও চিকিৎসকক জনাব৷


(৪) এম আৰ আই স্কেনৰ বাবে শক্তিশালী চুম্বকীয় মেচিন ব্যৱহাৰ কৰা হয়৷ দেহত গহনা বা ধাতৱ জাতীয় সামগ্ৰী থাকিলে এম আৰ আই মেচিনে টানি নিব পাৰে৷ গতিকে এম আৰ আই কৰাৰ পূৰ্বে এনে সামগ্ৰী আঁতৰাই ৰাখিব৷

(৫)  দেহত পেছমেকাৰ বা আন কোনো মেডিকেল ডিভাইচ থাকিলে চিকিৎসকক জনাব৷

(৬) গৰ্ভাৱস্থাত যদি এম আৰ আই কৰাৰ প্ৰয়োজন  হয়, তেনেহ’লে চিকিৎসকক জনাবলৈ নাপাহৰিব৷ এম আৰ আই কৰাৰ সময়ত শান্ত হৈ থাকিব৷ যদি অস্বস্তি অনুভৱ হয়, লগে লগে চিকিৎসকক জনাব৷