Logo
image

৭ লক্ষাধিক শিক্ষাৰ্থী পণবন্দী

আমাৰ অসম, ২০ জুলাইঃ ভাগ্যক বিশ্বাস নকৰা মানুহেও এতিয়া এই কথা বিশ্বাস কৰিবলৈ বাধ্য হৈছে যে এইবাৰৰ হাইস্কুল শিক্ষান্ত আৰু উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থীসকল সঁচাকৈয়ে দুৰ্ভগীয়া৷ দুয়োটা পৰীক্ষাৰ ৭ লক্ষাধিক শিক্ষাৰ্থী দীৰ্ঘদিনে কাৰ্যতঃ পণবন্দী হৈ আছে৷ লক্ষণীয়ভাৱে শিক্ষাৰ্থীসকল পণবন্দী হৈ থকাৰ ক্ষেত্ৰত আটাইতকৈ বেছি দোষ আছে চৰকাৰৰ৷ কিয়নো, ফেব্ৰুৱাৰী-মাৰ্চ মাহতেই পৰীক্ষা পাতিবৰ বাবে সাজু হৈছিল ছেবা আৰু উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদ৷ সেই সময়ত চৰকাৰে পৰীক্ষা পাতিবলৈ অনুমতি নিদিলে৷ কাৰণ সন্মুখত আছিল বিধানসভা নিৰ্বাচন৷ ৫ বছৰৰ মূৰে মূৰে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয় আৰু প্ৰায়েই নিৰ্বাচনৰ বাবে পৰীক্ষাৰ্থীয়ে হাৰাশাস্তি ভোগ কৰিব লাগে৷ তৎসত্ত্বেও বিধানসভা নিৰ্বাচনৰ সময় সলনি কৰাৰ ক্ষেত্ৰত দিছপুৰৰ তৰফৰ পৰা আজিকোপতি কোনো ধৰণৰ তৎপৰতা অৱলম্বন কৰা হোৱা নাই৷ এইবাৰো কৰা হোৱা নাছিল৷ তাতে এইবাৰ অজুহাত দিবলৈ আছিল ক’ভিডৰ প্ৰসংগ৷ অথচ ক’ভিডৰ জটিলতাৰ মাজতে ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ল৷ বিধানসভাৰ আগে আগে অনুষ্ঠিত হ’ল বিটিআৰ নিৰ্বাচন৷ দুয়োটা নিৰ্বাচনতেই ৰাজনৈতিক নেতাসকলে বৃহৎ নিৰ্বাচনী ৰেলীত ভাগ ল’লে৷ নেতাৰ পৰা আৰম্ভ কৰি পালিনেতালৈকে সকলোৱে হেলাৰঙে উলংঘা কৰিলে ক’ভিডবিধি৷ সেই সময়ৰ শিক্ষামন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই ক’ভিডৰ প্ৰসংগত সেই সময়ত বহু অবান্তৰ কথা ক’লে৷ সকলোৰে মাজত ত্ৰিশংকুৰ দৰে ওলমি ৰ’ল ৭ লক্ষাধিক ছাত্ৰ-ছাত্ৰী৷ অৱশেষত ১১ মে’ৰ পৰা পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হ’ল যদিও এপ্ৰিলৰ মাজভাগত ক’ভিড পৰিস্থিতি জটিল হৈ পৰাত অনিৰ্দিষ্ট কাললৈ পৰীক্ষা পিছুৱাই দিয়া হ’ল৷ হ’ল যি হ’লেই৷ পৰীক্ষা আৰু অনুষ্ঠিত নহ’ল৷ আছুকে ধৰি বিভিন্ন সংগঠনে পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত শিক্ষাবিদৰ সৈতে আলোচনা কৰি বিজ্ঞানসন্মত সূত্ৰও উদ্ভাৱন কৰিলে৷ অনুৰূপ সূত্ৰ উদ্ভাৱন কৰিলে ছেবা আৰু সংসদে৷ ইতিমধ্যে চৰকাৰ সলনি হ’ল৷ হিমন্তবিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ’ল৷ ৰণোজ পেগু হ’ল শিক্ষামন্ত্ৰী৷ পৰীক্ষাৰ ক্ষেত্ৰত আগদিনা যদি শিক্ষামন্ত্ৰীয়ে এটা কথা কয়, পাছদিনা মুখ্যমন্ত্ৰীয়ে তাৰ বিপৰীত কথা এটা কয়৷ পুনৰ পণবন্দী হ’ল ৭ লক্ষাধিক শিক্ষাৰ্থী৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত শিক্ষামন্ত্ৰীয়ে পৰীক্ষা বাতিল কৰা বুলি ঘোষণা কৰিলে৷ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ সৈতে আছুকে ধৰি বিভিন্ন সংগঠনৰ আলোচনা হ’ল৷ পৰীক্ষা বাতিলৰ সিদ্ধান্তত বাধ্যত পৰি তেওঁলোকে সমৰ্থন জনালে৷ অৱশেষত গঠন কৰা হ’ল মূল্যায়ন কমিটী৷ এই কমিটীৰ প্ৰতিবেদনৰ ভিত্তিত যুগুত কৰা হ’ল মূল্যায়ন সূত্ৰ৷ কমিটীয়ে নোকোৱা সত্ত্বেও চৰকাৰে ৫নং দফাৰ নামত ছাত্ৰ-ছাত্ৰীসকলক পুনৰ পণবন্দী সজালে৷ প্ৰতিবাদ হ’ল৷ চৰকাৰে ৫নং দফা বাতিল কৰিলে৷ ৩১ জুলাইৰ ভিতৰত ফলাফল ঘোষণা কৰাৰ কথাও কোৱা হ’ল৷ দুদিন পূৰ্বে ছেবাই ছাত্ৰ-ছাত্ৰীৰ নম্বৰ আপলোড কৰা এপ বন্ধ কৰি দিলে৷ তাৰ পূৰ্বেই বৰপেটাত মূল্যৰ বিনিময়ত মূল্যায়নৰ দৰে ঘটনা ঘটাৰ খবৰ আহিল৷ পৰৱৰ্তী সময়ত কামৰূপত ঘটিল ভয়ংকৰ ঘটনা৷ টকা লৈ ভাল ৰিজাল্ট এই সন্দৰ্ভত কেইবাজনকো জেৰা কৰা হ’ল৷ দুজনমানক গ্ৰেপ্তাৰ কৰা হ’ল, দুজনমানক ৰহস্যজনকভাৱে এৰি দিয়া হ’ল৷ ৰাজ্যজুৰি এই কেলেংকাৰি সংঘটিত হোৱা বুলিও আৰক্ষীৰ শীৰ্ষ বিষয়াই স্বীকাৰ কৰিলে৷ ফলত বিকল্প চিন্তা কৰিবলৈ বাধ্য হৈছে ছেবা আৰু সংসদ৷ প্ৰকৃততে নৱম-দশম শ্ৰেণীৰ পৰীক্ষাৰ ভিত্তিত মেট্ৰিকৰ আৰু মেট্ৰিক তথা একাদশ-দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ভিত্তিত উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ ব্যৱস্থাটোৱেই আছিল এটা নতুন আৰু বিকল্প মূল্যায়ন পদ্ধতি৷ কেলেংকাৰি হোৱাৰ সূত্ৰে সেই বিকল্প মূল্যায়ন পদ্ধতিৰো বিকল্প বিচাৰিবলৈ বাধ্য হৈছে ছেবা আৰু সংসদ৷ গোটেই ঘটনাৱলী দুৰ্ভাগ্যজনক আৰু ভয়ংকৰ৷ এই ঘটনাৱলীৰ ফলত দীৰ্ঘদিন ধৰি তীব্ৰ মানসিক যন্ত্ৰণাৰ মাজত থকা ৭ লক্ষাধিক ছাত্ৰ-ছাত্ৰী পুনৰ পণবন্দী হৈ পৰিল৷ সংসদৰ ক্ষেত্ৰত নহ’লেও ছেবাৰ ক্ষেত্ৰত বিকল্প মূল্যায়ন পদ্ধতি প্ৰায় অৱশ্যম্ভাৱী হৈ পৰা বুলি শিক্ষা বিভাগৰ উচ্ছস্তৰীয় সূত্ৰয়ো সদৰী কৰিছে৷ নক’লেও হ’ব যে দীৰ্ঘদিনে ছাত্ৰ-ছাত্ৰীসকলে মানসিক যন্ত্ৰণা ভোগ কৰি থকা আৰু পণবন্দী হৈ থাকিবলগীয়া হোৱা ঘটনাৰ বাবে প্ৰথম জগৰীয়া অসম চৰকাৰ৷ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে যিমান গুৰুত্ব দিব লাগিছিল আৰম্ভণিৰে পৰা সিমান গুৰুত্ব দিয়া নাছিল৷ কাগজে-কলমে অসমত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰযোজ্য কৰা হ’ল যদিও বাস্তৱ ক্ষেত্ৰত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ব্যৱহাৰিক প্ৰয়োগৰ ক্ষেত্ৰত অসম বহুদূৰ পিছ পৰি থাকিল৷ উদাহৰণস্বৰূপে নৱম, দশম শ্ৰেণীৰ আভ্যন্তৰীণ মূল্যায়ন নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ এটা গুৰুত্বপূৰ্ণ অংশ৷ নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ সুকীয়া শিক্ষা ব্যৱস্থাও নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অন্যতম চৰ্ত৷ এই দুয়োটা চৰ্ত পূৰণৰ ক্ষেত্ৰত অসমে দুখলগাকৈ ব্যৰ্থতা প্ৰদৰ্শন কৰিলে৷ ফলত এইবাৰ যেতিয়া হাইস্কুল শিক্ষান্ত আৰু উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নগ’ল আৰু সেই প্ৰসংগতে যেতিয়া আভ্যন্তৰীণ মূল্যায়নৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীৰ মূল্যায়ন কৰাৰ প্ৰসংগ আহিল তেতিয়া হাহাকাৰ লাগিল৷ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ সৈতে হোৱা আছুকে ধৰি কেইবাটাও সংগঠনৰ আলোচনাৰ সময়ত স্বয়ং মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিছিল যে অসমৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষানুষ্ঠানত আভ্যন্তৰীণ মূল্যায়নৰ যে কোনো ব্যৱস্থা নাই সেই কথা তেওঁ ভালকৈয়ে জানে, কিয়নো তেওঁ দীৰ্ঘদিন শিক্ষামন্ত্ৰীৰ দায়িত্বত আছিল৷ কেইবাজনো শিক্ষাসদীয়ে আঙুলিয়াই দিয়া মতে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ চৰ্ত অনুসৰি যদি অসমৰ মাধ্যমিক শিক্ষানুষ্ঠানত আভ্যন্তৰীণ মূল্যায়নৰ দিহা কৰা গ’লহেঁতেন তেন্তে এই অনাহুত পৰিস্থিতিৰ সৃষ্টি নহ’লহেঁতেন৷ এইবাৰ চি বি এছ ইৰ পৰীক্ষাও অনুষ্ঠিত হোৱা নাই৷ কিন্তু নিয়মীয়া বিজ্ঞানসন্মত আভ্যন্তৰীণ মূল্যায়নৰ ব্যৱস্থা থকাৰ বাবে চি বি এছ ইৰ ছাত্ৰ-ছাত্ৰীৰ মূল্যায়নত বিশেষ একো অসুবিধাৰ সৃষ্টি হোৱা নাই– যিটো ছেবা বা সংসদৰ ছাত্ৰ-ছাত্ৰীৰ ক্ষেত্ৰত হৈছে৷ অৱশ্যে মূল্যৰ বিনিময়ত মূল্যায়ন কেলেংকাৰিৰ বাবে আভ্যন্তৰীণ মূল্যায়নেই প্ৰধান কাৰণ যদিও আন কেতবোৰ কাৰণ আৰু কাৰকেও ইয়াত ক্ৰিয়া কৰিছে৷ শিক্ষা বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ সহজলভ্য ধনৰ প্ৰতি থকা মোহো ইয়াৰ বাবে জগৰীয়া৷ মূল্যায়ন কেলেংকাৰিৰ জৰিয়তে এই কথা স্পষ্ট হৈ পৰিছে যে ধনৰ বিনিময়ত ‘ভাল’ ৰিজাŒI× দিয়া এটা শক্তিশালী অসাধু চক্ৰ দীৰ্ঘদিনে সক্ৰিয় হৈ আছে– য’ত শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰী, ছেবা আৰু উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ লোক জড়িত হৈ আছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে এনেধৰণৰ অসাধু চক্ৰৰ বিষয়ে সংসদৰ সদ্যপ্ৰাক্তন অধ্যক্ষজনেও ৰাজহুৱাভাৱে অভিযোগ উত্থাপন কৰিছিল৷ এইক্ষেত্ৰত অসম চৰকাৰৰ কৰণীয় নি(য় আছে৷ ইফালে, এই ঘটনাৰ জৰিয়তে একাংশ অভিভাৱকৰ ৰুগ্ন মানসিকতাও পোহৰলৈ আহিছে৷ নিজৰ সন্তানৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যতৰ বাবে ধন-বিত দি তেওঁলোকৰ বাবে অধিক নম্বৰ সম্বলিত এখন মাৰ্কশ্বীট সংগ্ৰহ কৰিবৰ বাবে একাংশ অভিভাৱকে দিন-ৰাতি একাকাৰ কৰা ঘটনাই এই কথা স্পষ্ট কৰি দিছে যে নম্বৰৰ মেকুৰী দৌৰত ফাউল কৰি হ’লেও আগুৱাবলৈ চেষ্টা কৰিছে নিজৰ সন্তানৰ ভৱিষ্যৎ৷ প্ৰশ্ন হয়– এনেধৰণৰ শিক্ষক আৰু অভিভাৱকে ছাত্ৰ-ছাত্ৰী বা সন্তানক কি শিক্ষা দিব৷ মূল্যৰ বিনিময়ত মূল্যায়ন কেলেংকাৰি সন্দৰ্ভত এই কথা স্পষ্টভাৱে ক’ব পাৰি যে এই কেলেংকাৰিৰ বাবে কেৱল প্ৰচলিত নীতি-নিয়ম, শিক্ষা বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়েই জগৰীয়া নহয়, একাংশ অভিভাৱকো জগৰীয়া– যিসকলে সন্তানৰ ভাল চিন্তা কৰাৰ নামত তেওঁলোকক অসৎ পথলৈ ঠেলি দিবলৈ এধানমানো কুণ্ঠাবোধ নকৰে৷ এই কেলেংকাৰিৰ বাবে যিসকল দোষী সেইসকলৰ লগতে এই কেলেংকাৰিত জড়িত অভিভাৱকসকলকো কঠোৰ শাস্তি প্ৰদান কৰিবৰ বাবে সচেতন মহলে দাবী জনাইছে৷ উল্লেখ্য, এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যায়ন পদ্ধতিৰ ক্ষেত্ৰত চৰকাৰৰ নিৰ্দেশ আৰু বিশেষজ্ঞ সমিতিৰ পৰামৰ্শমৰ্মে ছেবাই এক বিশেষ ধৰণৰ আৰ্হি অনুকৰণ কৰিছে৷ সেইমৰ্মে মেট্ৰিক পৰীক্ষাৰ্থীসকলে বিভিন্ন বিষয়ত নৱম শ্ৰেণীত পোৱা নম্বৰৰ ভিত্তিত মেট্ৰিকত চল্লিশ শতাংশ নম্বৰ লাভ কৰিব৷ সেইদৰে চলিত বৰ্ষত অনুষ্ঠিত দশম শ্ৰেণীৰ ৰিভিজনাৰী টেষ্ট আৰু প্ৰি-ব’ৰ্ড পৰীক্ষাত বিভিন্ন বিষয়ত পোৱা নম্বৰৰ ভিত্তিত মেট্ৰিকত চল্লিশ শতাংশ নম্বৰ লাভ কৰিব৷ বাকী বিশ শতাংশ নম্বৰ আহিব ইউনিট টেষ্টকে ধৰি বিভিন্ন পৰীক্ষা, বিভিন্ন অনলাইন পৰীক্ষা, নিয়মীয়া শ্ৰেণী আৰু অনলাইন শ্ৰেণীত শিক্ষাৰ্থীৰ উপস্থিতি, অন্যান্য পাৰদৰ্শিতা আদিৰ পৰা৷ দ্বিতীয়টো প্ৰক্ৰিয়া অনুসৰি নৱম শ্ৰেণীৰ পৰা আহিব ৭০ শতাংশ নম্বৰ৷ অৱশিষ্ট ৩০ শতাংশ নম্বৰ আহিব ইউনিট টেষ্টকে ধৰি বিভিন্ন পৰীক্ষা, বিভিন্ন অনলাইন পৰীক্ষা, নিয়মীয়া শ্ৰেণী আৰু অনলাইন শ্ৰেণীত শিক্ষাৰ্থীৰ উপস্থিতি, অন্যান্য পাৰদৰ্শিতা আদিৰ পৰা৷ আৰম্ভণিৰে পৰাই মূল্যায়ন প্ৰক্ৰিয়াক লৈ বহু বিতৰ্কৰ সৃষ্টি হৈছিল৷ ছেবাই তিনিটা বিষয়ৰ পৰীক্ষা পাতিবৰ বাবেও পৰিকল্পনা প্ৰস্তুত কৰিছিল৷ এই পৰিকল্পনাত আছুকে ধৰি বিভিন্ন সংগঠনেও সঁহাৰি জনাইছিল৷ কিন্তু মূৰকত অসম চৰকাৰৰ ইচ্ছা অনুসৰিয়েই পৰীক্ষা অবিহনে মূল্যায়নৰ সিদ্ধান্ত লোৱা হয়৷ এই প্ৰক্ৰিয়া নিকা হোৱাটো সকলোৱে বিচাৰিছিল৷ গোটেই প্ৰক্ৰিয়াটো বহুখিনি নিকাও হৈছিল৷ কিন্তু গোটেই প্ৰক্ৰিয়াটোৰ প্ৰতি সন্দেহৰ সৃষ্টি কৰিবলৈ বাধ্য কৰালে কামৰূপ জিলা আৰু বৰপেটাকে ধৰি আন কেইবাখনো জিলাই৷ এই সমস্ত কেলেংকাৰি নাইকিয়া কৰি নিকা প্ৰক্ৰিয়াৰে ৩১ জুলাইৰ ভিতৰত ছেবাই কেনেদৰে সফলতাৰে মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব পাৰে সেয়া এই মুহূৰ্তত এক বহুমূলীয়া প্ৰশ্ন হৈ পৰিছে৷