Logo
image

২৫ হাজাৰ টে’ট উত্তীৰ্ণৰ নিযুক্তিৰ পূৰ্বেই পুনৰ টে’ট পৰীক্ষা

আসনৰ জোৰা মাৰিবলৈ ছাত্ৰ-ছাত্ৰীক গিনিপিগ সজাইছে চৰকাৰে

আমাৰ অসম, ২০ ছেপ্টেম্বৰঃ ৰাজ্যৰ এক লাখ নিবনুৱাক চৰকাৰী চাকৰি দিয়াৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল বিজেপিয়ে৷ বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি নতুন চৰকাৰ গঠন কৰাৰ পাছতেই গণি গণি এক লাখ নিবনুৱাক চৰকাৰী চাকৰি দিবই বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ অৱশ্যে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে শিক্ষামন্ত্ৰীৰ দায়িত্বত থকাৰ সময়তে সাধাৰণ টে’ট পৰীক্ষাত উত্তীৰ্ণ প্ৰায় ২৫ হাজাৰ নিবনুৱাক যোগ্যতা থকাৰ পাছতো আজিকোপতি নিযুক্তি নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ অথচ সংস্থাপনৰ বাবে ২০১৯ বৰ্ষতে টে’ট উত্তীৰ্ণ নিবনুৱাই হাহাকাৰ কৰি থাকিলেও ৰাজ্য চৰকাৰে অক্টোবৰ মাহত নতুনকৈ টে’ট পৰীক্ষা অনুষ্ঠিত কৰি প্ৰাথমিক শিক্ষকৰ খালী পদত নিযুক্তিত ২০১৯ চনৰ টে’ট উত্তীৰ্ণ প্ৰাৰ্থীসকলক বঞ্চিত কৰাৰ ষড়যন্ত্ৰ কৰাৰহে অভিযোগ উঠিছে৷ উল্লেখ্য, ৰাজ্যজুৰি হোৱা ব্যাপক প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত প্ৰায় সাত বছৰ পূৰ্বে ২০১৯ চনত ৰাজ্য চৰকাৰে নিম্ন প্ৰাথমিক আৰু উচ্ছ প্ৰাথমিকৰ টে’ট পৰীক্ষা অনুষ্ঠিত কৰিছিল৷ নিম্ন প্ৰাথমিকত ২.১৮ লাখ প্ৰাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে উচ্ছ প্ৰাথমিকত ১.৫৮ লাখ প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল৷ অৰ্থাৎ সৰ্বমুঠ ৩.৭৬ লাখ প্ৰাৰ্থীৰ পৰা পৰীক্ষাৰ মাচুলৰ বাবদ সৰ্বমুঠ ১১ কোটি টকা ৰাজহো সংগ্ৰহ কৰিছিল শিক্ষা বিভাগে৷ আনহাতে উক্ত বৰ্ষৰ পৰীক্ষাত নিম্ন প্ৰাথমিকত ১৮,৯০৬জন আৰু উচ্ছ প্ৰাথমিকত ১৫,৩০৪জন প্ৰাৰ্থীক উত্তীৰ্ণ ঘোষণা কৰিছিল৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে ২০১৯ বৰ্ষৰ টে’ট পৰীক্ষাৰ ফলাফলৰ পাছত প্ৰাথমিক শিক্ষা বিভাগে দুবাৰকৈ স্থায়ী পদত নিযুক্তি প্ৰদান কৰিছিল৷ প্ৰথমবাৰ ৫,২০০টা পদ আৰু দ্বিতীয়বাৰ ৫,৩১৩টা পদত নিযুক্তি দিছিল টে’ট উত্তীৰ্ণ মেধাৱী প্ৰাৰ্থীক৷ তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে উক্ত নিযুক্তিত ২০১৯  ¸বৰ্ষৰ টে’ট উত্তীৰ্ণ প্ৰাৰ্থীৰ লগতে পূৰ্বে বিভিন্ন টে’ট উত্তীৰ্ণ আৰু কৰ্মৰত ঠিকাভিত্তিক শিক্ষকে উক্ত পদত পুনৰ চাকৰি লাভ কৰিছিল৷ বিভাগীয় তথ্য মতে উক্ত ১০,৫১৫টা পদৰ ভিতৰত মাত্ৰ আধা সংখ্যক ২০১৯ত টে’ট উত্তীৰ্ণ প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল৷ অৰ্থাৎ ২০১৯ চনৰ টে’ট উত্তীৰ্ণ প্ৰায় ২৫ হাজাৰ নিবনুৱা প্ৰাৰ্থীয়ে আজিলৈকে নিযুক্তি লাভ নকৰিলে৷ নিযুক্তি বঞ্চিত প্ৰাৰ্থীসকলে বিধানসভা নিৰ্বাচনৰ পূৰ্বে তেতিয়াৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাত সকলোকে নিযুক্তিৰ প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু নতুন চৰকাৰ গঠন হোৱাৰ পাছত ২০১৯ চনত টে’ট উত্তীৰ্ণসকলক নিযুক্তিৰ পৰিৱৰ্তে এন চি টি ইৰ বছৰি টে’ট পৰীক্ষাৰ অনুষ্ঠিত কৰাৰ নিৰ্দেশনাৰ দোহাই দি নতুনকৈ ২৪ অক্টোবৰত টে’ট পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে৷ তদুপৰি  অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া টে’ট পৰীক্ষাত বাছনি লাভ কৰিবলগীয়া প্ৰাৰ্থীসকলৰ সৈতে ২০১৯ চনত টে’ট উত্তীৰ্ণ সকলকো একেলগে নতুন পদত নিযুক্তিৰ বাবে শিক্ষা বিভাগে বিজ্ঞাপন প্ৰকাশ কৰিছে৷ দেওবাৰে প্ৰকাশ পোৱা বিজ্ঞাপন মৰ্মে প্ৰাথমিক আৰু উচ্ছ প্ৰাথমিক শিক্ষকৰ ৯,৩৫৪টা পদত ২০১৯ বৰ্ষৰ টে’ট উত্তীৰ্ণ আৰু চলিত বৰ্ষৰ টে’ট উত্তীণ প্ৰাৰ্থীৰ মাজৰ পৰা নিযুক্তি প্ৰদান কৰিব৷ শিক্ষা বিভাগৰ টোগলকী নীতিৰ বাবে ২০১৯ত উত্তীৰ্ণ বঞ্চিত প্ৰাৰ্থীসকল ক্ষোভিত হৈ পৰিছে৷

আসনৰ জোৰা মাৰিবলৈ ছাত্ৰ-ছাত্ৰীক গিনিপিগ সজাইছে চৰকাৰে

উচ্ছতৰ মাধ্যমিকৰ শ্ৰেণীত আসন জোৰা মাৰিবৰ বাবে ৰাজ্য চৰকাৰে ততাতৈয়াকৈ ৰাজ্যৰ ১১৩ খন হাইস্কুলক উচ্ছতৰ মাধ্যমিকলৈ উন্নীত কৰিছে৷ ইতিমধ্যে উচ্ছতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হোৱা এই ১১৩ খন স্কুলতো চলিত বৰ্ষৰ উচ্ছতৰ মাধ্যমিকৰ নামভৰ্তি আৰম্ভ হৈছে৷ ৰাজ্য চৰকাৰে ছয়টা চৰ্তৰ ভিত্তিত উক্ত ১১৩ খন হাইস্কুলক হায়াৰ ছেকেণ্ডাৰীলৈ উন্নীত কৰিছে৷ সেই চৰ্ত সমূহ হৈছে ক্ৰমে–একত্ৰীকৰণৰ প্ৰস্তাব থাকিব নালাগিব, বিদ্যালয়ত দুটা নূ্ন্যতম অতিৰিক্ত শ্ৰেণীকোঠা থাকিব লাগিব, বিদ্যালয়খনৰ স্নাতক শিক্ষকৰ মাজত নূ্ন্যতম চাৰিটা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী থকা শিক্ষক থাকিব লাগিব, বিদ্যালয়ত কোনো নতুন পদ সৃষ্টিৰ দেনা থাকিব নোৱাৰিব, বিদ্যালয়খনলৈ তাৎক্ষণিকভাৱে বিত্তীয় সাহায্য দিয়া নহ’ব, বিদ্যালয় কতৃৰ্পক্ষই এখন আণ্ডাৰ টেকিং দিব লাগিব যে তেওঁলোকে মজুত থকা স্নাতকোত্তৰ ফেকাল্টীৰ দ্বাৰা উচ্ছতৰ মাধ্যমিকৰ শাখা পৰিচালনা কৰিব৷ মেট্ৰিকৰ পৰীক্ষাবিহীন বিকল্প মূল্যায়নত অভিলেখ সৃষ্টি কৰি উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ আসনৰ জোৰা মাৰিবলৈ ৰাজ্য চৰকাৰে তাৎক্ষণিকভাৱে ১১৩ খন হাইস্কুলক যি ব্যৱস্থাৰে উচ্ছতৰ মাধ্যমিকলৈ উত্তীৰ্ণ কৰিছে, ইয়াৰ পাশ্বৰ্ক্ৰিয়া ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰতে পৰাৰ আশংকা ঘনীভূত হৈ পৰিছে৷ কাৰ্যতঃ জোৰা টাপলি মৰা ব্যৱস্থাৰে ৰাজ্য চৰকাৰে শিক্ষাৰ্থীসকলৰ শৈক্ষিক জীৱনকলৈ হেতালি খেলাৰ অভিযোগ উঠিছে৷ কিয়নো ৰাজ্য চৰকাৰে চাৰিটা ‘কৰ’ বিষয় থকা শিক্ষকৰ ভিত্তিত সংশ্লিষ্ট হাইস্কুলসমূহক উচ্ছতৰ মাধ্যমিকলৈ উন্নীত কৰিছে যদিও উচ্ছতৰ মাধ্যমিকৰ প্ৰতিটো শাখাত ‘কৰ’ বিষয়ৰ সংখ্যা হৈছে পাঁচটা৷ তদুপৰি এটা ঐচ্ছিক বিষয়ো ছাত্ৰ-ছাত্ৰীসকলে পঢ়িব লাগিব৷ এই দুটা বিষয়ত এই বিদ্যালয়সমূহত কোনে পাঠদান কৰিব, কোনে পৰীক্ষা পৰিচালনা কৰিব, বাধ্যতামূলক আভ্যন্তৰিন মূল্যায়ন কৰিব–এই সন্দৰ্ভত নিমাত কিন্তু শিক্ষা বিভাগ৷ নিতান্তই এই চৰকাৰী অব্যৱস্থাৰ ‘গিনিপিগ’ হ’ব লাগিব ছাত্ৰ-ছাত্ৰীসকল৷ এহাতে চৰকাৰে সংশ্লিষ্ট হাইস্কুলসমূহক উচ্ছতৰ মাধ্যমিকলৈও উন্নীত কৰিব আনফালে এনে বিদ্যালয়ত নতুন শিক্ষক নিযুক্তি নিযুক্তি নিদিয়ে বা বৰ্তমানৰ স্নাতকোত্তৰ শিক্ষককো পদোন্নতি নিদিয়ে–এয়া আকৌ কেনে ব্যৱস্থা বিভিন্ন মহলত আলোচনা হৈছে৷ অতিৰিক্ত পাঠদানৰ বাবে স্নাতকোত্তৰ শিক্ষকসকলে ভাট্টা পাব বুলি শিক্ষামন্ত্ৰীয়ে মুখেৰেহে কৈছে, চৰকাৰী অধিসূচনাত বৰ্তমানো এনে কোনো কথা লিখিতভাৱে ওলোৱা নাই–ইয়াৰ ফলত শিক্ষক সমাজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছে৷ নতুনকৈ উচ্ছতৰ মাধ্যমিকলৈ উন্নীত স্কুলৰ কোনখন কলা শাখাৰ, কোনখন বিজ্ঞান শাখাৰ, কোনখন বাণিজ্য শাখাৰ হ’ব সেয়াও চৰকাৰে স্পষ্ট কৰা নাই৷ উল্লেখ্য যে ৰাজ্যত বৰ্তমান উচ্ছতৰ মাধ্যমিক বিদ্যালয়সমূহতে ২২৭২ টা পষ্ট গ্ৰেজুৱেট শিক্ষকৰ পদ বৰ্তমানো খালী হৈ আছে৷ এই খালী পদসমূহ যুদ্ধকালীন তৎপৰতাৰে পূৰণ কৰি ছাত্ৰ-ছাত্ৰীসকলৰ অভাৱ পূৰণ কৰাৰ পৰিৱৰ্তে ডাঃ ৰণোজ পেগুৰ নেতৃত্বাধীন শিক্ষা বিভাগে ফটা কেঠা চিলোৱাতহে ব্যস্ত হৈ পৰিছে বুলি অভিযোগ উঠিছে৷