Logo
image

অত্যধিক পানী খোৱাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক

শাৰীৰিক সমস্যা মানেই পানী খোৱা উচিত৷ পানীয়ে শৰীৰৰ আধা সমস্যা সমাধান কৰে৷ যাৰ বাবে পৰ্যাপ্ত পৰিমাণে পানী খাবলৈ সকলোৱে পৰামৰ্শ দিয়ে৷ কিন্তু যেতিয়াই তেতিয়াই পানী খোৱাটো উচিত নহয়৷ গৱেষকসকলৰ মতে প্ৰয়োজনতকৈ অধিক পানী খালে হ’ব সৰ্বনাশ হ’ব পাৰে৷ দেহত পানীৰ পৰিমাণ কমিলে যেনেদৰে ডিহাইড্ৰেছন হয়, তেনেদৰে অত্যধিক পানী খালে অভাৰ হাইড্ৰেছন হ’ব পাৰে৷ ইয়াৰ ফলত শৰীৰত বিভিন্ন সমস্যাই দেখা দিয়াৰ আশংকা আহি পৰে৷ অত্যধিক পানী খালে শৰীৰত ছডিয়ামৰ মাত্ৰা হঠাতে হ্ৰাস পাবলৈ আৰম্ভ কৰে৷

হাইপোনেট্ৰিমিয়া অৰ্থাৎ শৰীৰত ছডিয়ামৰ মাত্ৰা কমি গ’লে মগজুত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে৷ এই সমস্যা বয়সস্থসকলৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়৷

মূৰত আঘাত, হৃদৰোগজনিত সমস্যা থাকিলে সাধাৰণতে হাইপোনেট্ৰিমিয়াৰ আশংকা আহে৷ ই মস্তিষ্কৰ হাইড্ৰেছন চেঞ্জিং মেকানিজমত প্ৰভাৱ পেলায়৷

গৱেষকসকলে সেয়ে নিয়ম মানি পানী খাবলৈ পৰামৰ্শ আগবঢ়ায়৷

সঘনাই আৰু লৰালৰিকৈ পানী নাখাব৷

শৰীৰ সুস্থ ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণৰ পানী খোৱা দৰকাৰ৷ কিন্তু অত্যধিক পানী খালে শৰীৰত খনিজ উপাদানৰ ভাৰসাম্য নষ্ট হয়৷ ফলত বিভিন্ন ৰোগে দেখা দিয়াৰ আশংকা থাকে৷ সেয়ে যেতিয়ালৈকে পিয়াহ নালাগে পানী নোখোৱাই ভাল৷

গুৰুখাদ্য যেনে– ব্ৰেকফাষ্ট, লাঞ্চ অথবা ডিনাৰৰ পাছত পানী খোৱাটো মুঠেই ভাল অভ্যাস নহয়৷ খাদ্য গ্ৰহণৰ পূৰ্বে পানী খাব লাগে, কিন্তু খাদ্য গ্ৰহণৰ পাছত পানী খোৱা উচিত নহয়৷ যিসকলে খাদ্য গ্ৰহণৰ সময়ত ঘনাই পানী খায় তেওঁলোকে সেই অভ্যাস ত্যাগ কৰক৷

শৰীৰ চৰ্চাৰ পাছত অত্যধিক পানী খালে বিপদ নিশ্চিত৷ প্ৰকৃততে শৰীৰ চৰ্চাৰ সময়ত ঘামৰ সৈতে প্ৰচুৰ পৰিমাণ খনিজ উপাদান ওলাই যায়৷ দেহত এই উপাদানৰ অভাৱ পূৰণ কৰিবলৈ শৰীৰ চৰ্চাৰ পাছত ডাবৰ পানী খোৱা উচিত৷

উল্লেখ্য যে দীৰ্ঘ সময় শৰীৰ চৰ্চা কৰিলে শৰীৰৰ উত্তাপৰ মাত্ৰা স্বাভাৱিকতকৈ বহু বৃদ্ধি পায়৷ এই সময়ত ঠাণ্ডা পানী খালে দেহৰ তাপমাত্ৰাৰ সৈতে বাহিৰৰ পৰিৱেশৰ তাপমাত্ৰাৰ সামঞ্জস্য নাথাকে৷ ফলত হজমৰ সমস্যা হয়৷