Logo
image

শীতত এইদৰে শৰীৰক সুস্থ সক্ৰিয় ৰাখক

সাধাৰণতে শীতৰ দিনকেইটাত কাম-কাজ কৰাৰ ক্ষেত্ৰত অলসতা আহে৷ ঠেঁটুৱৈ ধৰা জাৰত পুৱা সোনকালে উঠাটো বহুতৰ বাবে এটা সমস্যা ৰূপে দেখা দিয়ে৷ যাৰ বাবে দৈনন্দিনৰ কাম-কাজত বাধাৰ সৃষ্টি হয়৷ শীতকালৰ এই সময়ছোৱাত সোনকালে উঠাৰ লগতে গোটেই দিনটোৰ কাৰণে স্বাস্থ্য অটুট ৰখাৰ বাবে পুষ্টিকৰ খাদ্য খোৱাৰ উপৰি নিয়মীয়াকৈ কেইটামান ব্যায়াম কৰাটো প্ৰয়োজন৷

শীতৰ আলস্য ভাৱ দূৰ কৰাৰ সহজ উপায়– 

১/ খাদ্য গ্ৰহণৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়কঃ শীতকালত সাধাৰণতে গ্ৰীষ্মকালৰ তুলনাত সমূহীয়া ভোজভাত খোৱাৰ পৰ্ব বেছি হয়৷ এই সময়ত বনভোজ, বিয়া-সবাহ আদিত অংশগ্ৰহণ কৰাৰ বাবে খাদ্য গ্ৰহণৰ ক্ষেত্ৰতো তাৰতম্যই দেখা দিয়ে৷ শীতকালৰ সময়ছোৱাত সহজে হজমযোগ্য খাদ্যহে খোৱা উচিত৷ খাদ্য তালিকাত বাৰ্লি, গম, মাহজাতীয় শাক-পাচলি অন্তৰ্ভুক্ত কৰিব লাগে৷ দাইলৰ ক্ষেত্ৰত মগু, মচুৰ আদি উপকাৰী৷ তদুপৰি আদা, তুলসী, হিং, ডালচেনি, লং-ইলাচী, নেমু, পিঁয়াজ নেহৰু আদি খাদ্যৰ সৈতে গ্ৰহণ কৰিলে হজম শক্তি বৃদ্ধি পায়৷ এই সময়ছোৱাত দুগ্ধজাত খাদ্যও নিয়মীয়াকৈ গ্ৰহণ কৰিব পাৰিলে স্বাস্থ্যৰ বাবে উত্তম৷ 

২/ নিয়মীয়া যোগাসনঃ শীতকালৰ সময়ছোৱাত শৰীৰ সতেজ কৰি ৰখাৰ বাবে নিয়মীয়াকৈ কেইটামান যোগাসন কৰা প্ৰয়োজন৷ আসন নিয়মীয়াকৈ কৰিলে শৰীৰ আৰু মন সতেজ হৈ থকাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়৷ শীতৰ সময়ছোৱাত কাম-কাজ কৰাৰ প্ৰতি সৃষ্টি হোৱা অনীহা দূৰ কৰাৰ ক্ষেত্ৰত যোগাসনে যথেষ্ট পৰিমাণে সহায় কৰে৷ 

৩/ শলভাসনঃ এই আসন নিয়মীয়াকৈ কৰিলে পিঠি-কান্ধ বাহুৰ নমনীয়তা বৃদ্ধি কৰে৷ তদুপৰি শলভাসন কৰিলে হজম শক্তি বৃদ্ধি পায়৷ 

৪/ বীৰ ভদ্ৰাসনঃ এই আসন কৰিলে বাহু আৰু পিঠিৰ তলৰ অংশ শক্তিশালী হৈ উঠে৷ বহুসময় ধৰি বহি থাকি কাম-কাজ কৰা মানুহৰ বাবে বীৰ ভদ্ৰাসন অত্যন্ত উপকাৰী৷ 

৫/ সেতু বাধাসনঃ এই আসনে পেশী শক্তিশালী কৰাত সহায় কৰে৷ তাৎক্ষণিকভাৱে ভাগৰুৱা ভাৱ দূৰ কৰে৷ শৰীৰ নমনীয় কৰি তোলাৰ লগতে মেৰুদণ্ডৰ ভৰ সহনশীলতা বৃদ্ধি কৰে৷ তদুপৰি উদ্বেগ, মানসিক চাপ আদি হ্ৰাস কৰাত এই আসনে সহায় কৰে৷

৬/ গৰম তেলৰ মালিচঃ ৰক্ত সঞ্চালন আৰু ছাল নিমজ কৰি ৰখাৰ বাবে গৰম তেলৰ মালিচ অত্যন্ত উপকাৰী৷ গৰম তেলৰ মালিচে ৰক্ত সঞ্চালন স্বাভাৱিক কৰাৰ উপৰি চৰ্বি হ্ৰাস কৰাতো সহায় কৰে৷ তদুপৰি হজম শক্তি বঢ়ায় আৰু শীতকালৰ সাধাৰণ আলস্য ভাব হ্ৰাস কৰে৷