Logo
image

২১ নিযুত লোকৰ জীৱন অশ্চিয়তাত

আৰ্থিক পতনেই নহয়, গণতান্ত্ৰিক মূল্যবোধৰো অৱক্ষয় শ্ৰীলংকাত

আমাৰ অসম, ১৪ জুলাইঃ দ্বীপৰাষ্ট্ৰ শ্ৰীলংকা এতিয়া সম্পূৰ্ণৰূপে পতনৰ দিশে আগবাঢ়িছে৷ ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হোৱা শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়েও দেশ এৰি পলায়ন কৰিছে৷ জনতাই ওলাই আহিছে ৰাজপথলৈ৷ দখল কৰিছে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীৰ ৰাজপ্ৰাসাদ৷ জনতাই ৰাষ্ট্ৰপতিক ক্ষমতাচ্যুত কৰিলে ঠিকেই, কিন্তু দেশখনে সন্মুখীন হোৱা ভয়ংকৰ পৰিস্থিতিৰ পৰা ইমান সহজে মুক্তি পাবনে? দেশখনৰ বিৰোধী দলবোৰে এখন সৰ্বদলীয় চৰকাৰ গঠন কৰিলেও ভয়ংকৰ সমস্যাৰ সমাধান হ’বনে? এই কথাটোৱে এতিয়া বিশ্ববাসীক চিন্তিত কৰি ৰাখিছে৷ ইয়াৰ ফলত শ্ৰীলংকাৰ ২১ নিযুত জনতাৰ জীৱন অনিশ্চিত হৈ পৰিছে৷ বৰ্তমান শ্ৰীলংকাই বিদেশৰ পৰা লোৱা ঋণৰ পৰিমাণ হ’ল ৫০ বিলিয়ন ডলাৰৰো অধিক৷ শ্ৰীলংকাৰ ৰাজাপাক্ষে চৰকাৰে ইতিমধ্যে দেশখনক দেউলিয়া ঘোষণা কৰি বিদেশী ঋণ পৰিশোধ কৰিবলৈ অপাৰগ বুলি ঘোষণা কৰিছিল৷ গতিকে দেশখনৰ নতুন চৰকাৰে ভালদৰে শাসন চলাবলৈ ক’ৰ পৰা ধন লাভ কৰিব, সেয়াও  চিন্তাৰ বিষয় হৈ পৰিছে৷ যিখন দেশত ঋণৰ সুদৰ ধন দিবলৈকে শক্তি নাই, সেইখন দেশৰ জনতাৰ ভৱিষ্যত যে অন্ধকাৰ সেয়া সম্পূৰ্ণ সঁচা কথা৷ আচলতে, ২০০৯ চনত শ্ৰীলংকাৰ গৃহযুদ্ধ সমাপ্ত হোৱাৰ পাছত চৰকাৰে আৰ্থিক উন্নয়নৰ দিশটোত ধ্যান দিয়ে৷ কিন্তু ২০১৮ চনৰ পাছত দেশখনে বৃহৎ সাংবিধানিক সংকটৰ সন্মুখীন হয় আৰু তেতিয়াৰ ৰাষ্ট্ৰপতি মৈথ্ৰিপালা ছিৰিসেনাই প্ৰধানমন্ত্ৰী ৰণিল ৱিক্ৰমেসিংঘেক ক্ষমতাচ্যুত কৰি মাহিন্দা ৰাজাপাক্ষেক প্ৰধানমন্ত্ৰী পাতে৷ তেতিয়াৰ পৰাই দেশখনত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ পতন হ’বলৈ ধৰে৷ ২০১৯ চনত ৰাজাপাক্ষে পৰিয়ালে শ্ৰীলংকাৰ শাসন দখল কৰাৰ পাছত জনতাক ভালৰি লগাবলৈ আয়কৰ পৰিমাণ সাংঘাতিকভাৱে কমাই দিয়ে৷ যাৰ ফলত চৰকাৰৰ ৰাজহ কম হ’বলৈ ধৰে আৰু দেশত আৰম্ভ হয় অৰ্থনৈতিক সংকট৷ তদুপৰি ৰাজাপাক্ষে পৰিয়ালৰ সাতজন সদস্যই মন্ত্ৰীসভাত স্থান লাভ কৰি চৰকাৰী ধন নিজৰ জেপত ভৰাবলৈ ধৰে৷ গণতন্ত্ৰৰ সলনি পৰিয়ালতন্ত্ৰহে চলে দেশখনত৷ তাৰ পাছতে কৰ’না ভাইৰাছৰ প্ৰভাৱ আৰু চীনৰ ঋণৰ চক্ৰবেহুৱে শ্ৰীলংকাক আৰু অধিক বিপদৰ মাজলৈ ঠেলি দিয়ে৷ এতিয়া জনতাৰ ভৱিষ্যতেই অন্ধকাৰ হৈ পৰিল৷