Logo
image

শীতত মহৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ এই আহিলা ব্যৱহাৰ কৰক

গ্ৰীষ্মকালৰ দৰে শীতকালতো মহৰ উপদ্ৰৱ কেতিয়াবা বৃদ্ধি পায়৷  বিভিন্ন ধৰণৰ বেমাৰৰ বীজাণু মহৰ পৰা সংক্ৰমণ হয়৷ এই সময়ছোৱাত ডেংগুৰ প্ৰভাৱ বৃদ্ধি পায়৷ সেয়েহে মহৰ কামোৰৰ পৰা ৰক্ষা পাবৰ বাবে বিশেষ কাৰিকৰী আহিলা (ডিভাইছ) ঘৰত ব্যৱহাৰ কৰিব পাৰে৷ এই আহিলাৰ জৰিয়তে সহজে মহ খেদিব পৰা যায়৷ মস্কিউটো কিলাৰ বাল্ব অথবা মস্কিউটো লাইট বাগ ব্যৱহাৰ কৰি ঘৰৰ পৰা সহজেই মহ আঁতৰাই পঠাব পাৰি৷ ইউএছবি ডিভাইছৰ সৈতে ইয়াক সংযোগ কৰিব পাৰি৷ এই আহিলা বজাৰত ৰেহাই মূল্যতে ক্ৰয় কৰিব পৰা যায়৷ তদুপৰি ফ্লিপকাৰ্ট আদিৰ জৰিয়তে সহজেই মহ মৰা এই বিশেষ আহিলা ক্ৰয় কৰিব পাৰি৷ মহ খেদিবৰ বাবে বিষাক্ত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰতকৈ এই আহিলা বেছি সুবিধাজনক৷ বজাৰত সহজে উপলব্ধ ৰাসায়নিক পদাৰ্থৰে তৈয়াৰী মহ খেদোৱা কয়লৰ তুলনাত ঘৰত সহজে বৈদ্যুতিক প্লাগত এনে বাল্ব লগাই মহ খেদাব পৰা যায়৷ মহৰ কামোৰৰ পৰা বাচিবৰ বাবে এইধৰণৰ বাল্ব ব্যৱহাৰ কৰিলে মহৰ পৰা হোৱা সংক্ৰমণজনিত ৰোগৰ প্ৰতিৰোধ কৰিব পাৰি৷