Logo
image

বাইক ষ্টাণ্ট নিষিদ্ধ! কঠোৰ অসম আৰক্ষী

ডিজিটেল ডেস্ক, ১৭ ডিচেম্বৰ:  অৱশেষত ৰাজপথত সন্ত্ৰাস চলোৱা বাইকাৰ্ছক নাকী লগোৱাৰ বাবে সাজু হৈছে স্মাৰ্ট অসম আৰক্ষী৷ ৰাজপথত বাইক ষ্টাণ্ট কৰা উদণ্ড চালকৰ বিৰুদ্ধে এতিয়াৰে পৰা কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব অসম আৰক্ষীয়ে৷ বিলাসীপাৰাত উদণ্ড বাইক চালকে ৰাজপথত ষ্টাণ্টৰ নামত এগৰাকী ৬৫ বছৰীয়া বৃদ্ধাক খুন্দিয়াই হত্যা কৰি পাছত পৈশাচিক উল্লাস প্ৰদৰ্শন কৰাত এইবাৰ যেন সাৰ পাইছে আৰক্ষী বাহিনী৷ নিজকে গেং অৱ ডেভিলছ বুলি পৰিচয়   দিয়া বিলাসীপাৰাৰ সূৰ্যখাতাৰ উদণ্ড বাইকাৰ্ছে ৬৮ বছৰীয়া ছাকিনা বেওৰা নামৰ বৃদ্ধাগৰাকীক খুন্দিয়াই হত্যা কৰাৰ পাছত দহ মিনিটৰ ভিতৰতে আৰক্ষী থানাৰ পৰা ওলাই অহা বুলি সামাজিক মাধ্যমত সদম্ভ ঘোষণা কৰিছিল৷ অৱশ্যে, সংবাদ মাধ্যমৰ বাতৰি আৰু ৰাইজৰ প্ৰতিক্ৰিয়াত বাধ্যত পৰি অৱশেষত বাইকাৰ্ছৰ দলটোক কৰায়ত্ব কৰে যদিও ষ্টাণ্ট কৰি এজন মানুহক খুন্দিয়াই হত্যা কৰাৰ চালকজনক দহ মিনিটৰ ভিতৰতে থানাৰ পৰা যাবলৈ দিয়া তদন্তকাৰী আৰক্ষীৰ বিৰুদ্ধে এই মুহূৰ্তলৈও কোনো বিভাগীয় শাস্তিৰ প্ৰদান নকৰিলে গৃহ বিভাগে৷ বাইকাৰ্ছৰ দলটোৰ জব্দকৃত তিনিখন বাইক আৰক্ষী জিম্মাত কোনোৱে জ্বলাই দিয়াৰ বাবে বিলাসীপাৰা থানাৰ অ’ চি সঞ্জীৱ কুমাৰ দাসক নিয়মমাফিক থানাখনৰ পৰা বদলি কৰিয়েই যেন দায়িত্ব সামৰিলে আৰক্ষীৰ বৰমূৰীয়াসকলে৷ অৱশ্যে, বিলাসীপাৰা কাণ্ডৰ অভিযুক্তক সুৰক্ষা দিয়া আৰক্ষীৰ ক্ষেত্ৰত গৃহ বিভাগ নৰম হ’লেও এইবাৰ ৰাজপথত সন্ত্ৰাস চলোৱা ষ্টাণ্ট কৰা বাইকাৰ্ছক উচিত শিক্ষা দিব বুলি ঘোষণা কৰিছে আইন শৃংখলাৰ বিশেষ সঞ্চালকপ্ৰধান জিপি সিঙে৷ বৃহস্পতিবাৰে জি পি সিঙে টুইটযোগে ৰাজপথত বাইক ষ্টাণ্ট কৰা দেখিলেই পোনপটীয়াকৈ মেচেজযোগে অভিযোগ কৰিবলৈ ৰাইজক আহ্বান জনাইছে৷ তদুপৰি বাইক ষ্টাণ্টকাৰীৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়া প্লেটফৰ্মত অসম আৰক্ষীক টেগ কৰি দৃষ্টিগোচৰ কৰাৰ বাবেও আহ্বান জনাইছে আইন শৃংখলাৰ মুৰব্বীজনে৷ অৱশ্যে, বাইক ষ্টাণ্ট কৰাসকলক আৰক্ষীয়ে আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিলেও একাংশ বাইক কোম্পানীয়ে বিভিন্ন শিক্ষানুষ্ঠানত বাইকৰ ষ্টাণ্ট প্ৰদৰ্শন কৰা কাৰ্য বন্ধ কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে অনাগত দিনত ব্যৱস্থা ল’ব নে নাই, সেয়া হ’ব লক্ষণীয়৷