Logo
image

বজাৰত জুই, আখলত ক্ষোভ : ঔষধ, শিশুখাদ্য, কণী, নিৰ্মাণ সামগ্ৰীৰ দাম বৃদ্ধি, শুই আছে চৰকাৰ

ডিজিটেল ডেস্ক, ১৮ ডিচেম্বৰ: দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ চৰা দামে সৰ্বসাধাৰণক জুৰুলা কৰাৰ মাজতে শেহতীয়াকৈ ঔষধ-শিশুখাদ্যৰ লগতে কণী তথা নিৰ্মাণ সামগ্ৰীৰ দাম হোৰাহোৰে বৃদ্ধি পাইছে৷ আন সামগ্ৰীৰ তুলনাত সৰ্বাধিক বৃদ্ধি পাইছে নিৰ্মাণ সামগ্ৰীৰ দাম৷ ৰাজ্যত এতিয়া খৰালি, গৃহ নিৰ্মাণৰ উত্তম সময়৷ ইয়াৰ গইনা লৈ এহাতে চৰকাৰে আৰোপ কৰিছে আগতীয়া অতিৰিক্ত কৰ আনফালে, বৃদ্ধি পাইছে ইটা, শিল, বালি, চিমেণ্ট লোহা আদি নিৰ্মাণ সামগ্ৰীৰ মূল্য৷ আমাৰ হাতত পৰা তথ্য অনুসৰি যোৱা ১০-১৫ দিনৰ ভিতৰতে প্ৰতি ট্ৰাক ইটাৰ দাম ৩০০০ টকা, প্ৰতি ট্ৰাক বালিৰ দাম ২০০০ টকা, প্ৰতিবেগ চিমেণ্টৰ দাম ২১ টকা বৃদ্ধি পাইছে৷ একেদৰে ডেৰগুণ পৰ্যন্ত বৃদ্ধি পাইছে প্ৰতিটন লোহাৰ মূল্য৷ বজাৰত চাউল, দাইল, আলু-পিয়াজ আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম কমাৰ যেন কোনো উমঘামেই নাই৷ আজিৰ তাৰিখতো নতুন, পুৰণা আলুৰ দাম কেজিত ২৫-৩০ টকা৷ ৪০ টকাৰ তলত কোনো এবিধ সাধাৰণ পাচলি পাবলৈ নাই৷ বিলাহীৰ কেজি ৬০-৮০ টকা৷ ইয়াৰ মাজতে ভূতৰ ওপৰত দানহ পৰাদি পুনৰ প্ৰতিটো কণীৰ দাম এটকা বৃদ্ধি পাইছে৷ প্ৰতি প্লেট সাধাৰণ কণীৰ দাম ১৮০ টকাৰ পৰা ২২০ টকালৈ বৃদ্ধি পাইছে৷ এটা কণীৰ দাম হৈছেগৈ আঠ টকা৷ যিমানেই বজাৰত জুই লাগিছে, সিমানেই আখলত ক্ষোভ বৃদ্ধি পাইছে গৃহিনীৰ৷ ইফালে কেন্দ্ৰীয় চৰকাৰৰ ৰাসায়নিক আৰু ৰাসায়নিক সাৰ দপ্তৰে নতুনকৈ ৩৪ বিধ ঔষধক অত্যাৱশ্যকীয় ঔষধৰ ৰাষ্ট্ৰীয় তালিকাত (এন এল ই এম) অন্তৰ্ভুক্ত কৰি বহু ঔষধৰ মূল্য নিয়ন্ত্ৰণৰ চেষ্টা চলাইছে যদিও আন বহু ঔষধৰ দাম ১০.৭৭ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে৷ সৰ্বাধিক মূল্যবৃদ্ধি পাইছে মাল্টি ভিটামিন, প্ৰটিন পাউদাৰ,  লিভাৰৰ দৰব, কফছিৰাপ, এণ্টি এনাৰ্জিক দৰবৰ৷ এনে দৰবৰ মূল্য ২৫-৩০ টকাৰ পৰা ১৫০ টকা পৰ্যন্ত বৃদ্ধি পাইছে৷ উদাহৰণস্বৰূপে মল্টেক এলচিৰ এণ্টি এলাৰ্জিক দৰবৰ দাম ১৯৭ টকাৰ পৰা ২০৯ টকালৈ বৃদ্ধি পাইছে৷ ইনছিউৰৰ দৰে প্ৰটিন পাউদাৰৰ মূল্য ৫৮৫ টকাৰ পৰা ৭১০ টকালৈ বৃদ্ধি পাইছে৷ একেদৰে ইনছিউৰ জাৰৰ মূল্য ৬৯০ টকাৰ পৰা ৮১০ টকালৈ বৃদ্ধি পাইছে৷ দাম বঢ়োৱাত পিছ পৰি থকা নাই শিশু খাদ্য প্ৰস্তুতকাৰী কোম্পানীসমূহো৷ উদাহৰণস্বৰূপে প্ৰতি পেকেট চেৰেলেক ৰাইছৰ মূল্য ২২৫ টকাৰ পৰা ২৩৪ টকালৈ, প্ৰতি পেকেট লেক্ট’জেনৰ মূল্য ৩৭০ টকাৰ পৰা ৩৯৫ টকালৈ বৃদ্ধি পাইছে৷ নেনগ্ৰে’ৰ দাম ৫৫০ টকাৰ পৰা ৫৮৫ টকালৈ বৃদ্ধি পাইছে৷ এল’পেথিক দৰবৰ দৰেই প্ৰধান আয়ুৰ্বেদিক কোম্পানীসমূহেও নিজা নিজা ঔষধৰ দাম বৃদ্ধি কৰিছে৷ হিমালয়ান কোম্পানীৰ উৎপাদিত দৰব লিভ ৫২১ দাম ১৫০ টকাৰ পৰা ১৭০ টকালৈ বৃদ্ধি পাইছে৷ সামান্তৰালভাৱে বৃদ্ধি পাইছে বিভিন্ন ছালৰ বেমাৰৰ দৰবৰ দাম৷ লক্ষণীয় যে এনেদৰে সৰ্বস্তৰৰ মূল্যবৃদ্ধিয়ে সকলোকে জুৰুলা কৰাৰ পাছতো চৰকাৰ প্ৰশাসনে জনসাধাৰণক সকাহ দিয়াৰ পৰিৱৰ্তে নিত্য নতুন কৰ আৰোপ কৰি ৰামটাঙোনহে সোধাইছে৷ বিশেষকৈ গুৱাহাটী তথা চহৰ অঞ্চলত একপ্ৰকাৰ ক’বলৈ গ’লে কৰ সন্ত্ৰাস চলিছে৷ এই ক্ষেত্ৰত আশ্বৰ্যজনকভাৱে মৌন হৈ পৰিছে বিৰোধী৷ শাসক-বিৰোধী উভয় পক্ষৰ একাংশ বিধায়কে পুনৰ দৰমহা বৃদ্ধিৰ বাবেহে তৎপৰ হৈছে৷ ইতিমধ্যে  ৫০ শতাংশ দৰমহা বৃদ্ধিৰ বাবে বিধানসভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে৷