Logo
image

মেছিৰ জন্ম অসমত! : সাংসদ আব্দুল খালেকৰ টুইট ভাইৰেল

ডিজিটেল ডেস্ক : ৩৬ বছৰৰ পিছত বিশ্বকাপ হাতত তুলি ল'লে আৰ্জেণ্টিনাই৷ মেছিৰ নেতৃত্বত কাতাৰ বিশ্বকাপত ফ্ৰান্সক পৰাভূত কৰি বিশ্বকাপৰ মুকুট শিৰত পিন্ধিলে আৰ্জেণ্টিনাই৷ আৰ্জেণ্টিনাৰ জয়ত উৎফুল্লিত বিশ্ববাসী৷

ইয়াৰ মাজতে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা বিশেষ পোষ্ট। কংগ্ৰেছৰ সাংসদ আব্দুল খালেকৰ টুইট ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত।

FIFA বিশ্বকাপত তৃতীয়বাৰৰ বাবে আৰ্জেণ্টিনা চেম্পিয়ন হোৱাৰ পিছতে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে টুইটযোগে মেছিক অভিনন্দন জনায়৷ বিশ্বকাপৰ ট্ৰফী লৈ থকা মেছিৰ এখন ফটো শ্বেয়াৰ কৰি খালেকে লিখে যে অসমৰ লগত আপোনাৰ যি সম্পৰ্ক আছে তাক লৈ আমি গৌৰৱান্বিত।


খালেকৰ এই পোষ্টটোত আন এজন যুৱকে প্ৰশ্ন কৰে যে অসমৰ লগত মেছিৰ সম্পৰ্ক কি? এই প্ৰশ্নৰ উত্তৰত কংগ্ৰেছ সাংসদগৰাকীয়ে কয় যে হয়, তেওঁ অসমত জন্মগ্ৰহণ কৰিছিল।

এই পোষ্টটো ভাইৰেল হোৱাৰ পিছতে সাংসদ খালেকে আন এটা টুইটৰ জৰিয়তে ষ্পষ্টীকৰণ দিছে৷ ছ'চিয়েল মিডিয়াত তেওঁৰ নামত ভাইৰেল হোৱা এই পোষ্টটো ভুৱা বুলি টুইট কৰিছে খালেকে৷


উল্লেখ্য যে আৰ্জেণ্টিনা ফাইনেলত উপনীত হোৱাৰ পিছত ছ'চিয়েল মিডিয়াত মেছিক লৈ এক হাস্যৰসৰ পোষ্ট শ্বেয়াৰ হৈছিল। য'ত পোষ্ট কৰোতাই লিখিছিল যে মেছিৰ কানেকশ্যন অসমৰ সৈতে৷ মেছিৰ জন্ম হৈছিল অসমত। এই পোষ্টৱে যথেষ্ট চৰ্চা লাভ কৰিছিল আৰু সামাজিক মাধ্যমত হাস্যৰসৰ সৃষ্টি কৰিছিল৷