Logo
image

মই আইন নাজানো, চোকাও নহয়, দায়িত্ব দিছে চলাই আছোঁ যেনেতেনে

ডিজিটেল ডেস্ক, ২২ ডিচেম্বৰ: অসম বিধানসভাত একাংশ শাসক-বিৰোধী বিধায়কৰ কৰ্মকাণ্ডই বাৰুকৈ অতিষ্ঠ কৰিছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক৷ অধ্যক্ষৰ ৰুলিঙলৈ কেৰেপ নকৰি সদনত অনাহক বাক্‌-বিতণ্ডাত লিপ্ত হোৱাটো এতিয়া একাংশ বিধায়কৰ সহজাত স্বভাৱ হৈ পৰিছে৷ ইয়াৰ মাজতে বিধানসভাত আজি মনৰ ক্ষোভ প্ৰকাশ কৰি বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সদনত ক’লে– ‘প্ৰত্যেকটো মিনিটতে টকা খৰচ হয়৷ সদনত কি কৰি আছে অসমৰ ৰাইজে চকু দি আছে৷ সেয়েহে সদনত বিধায়কসকলৰ আচৰণ মৰ্যাদাসন্মত হ’ব লাগে৷’ উল্লেখ্য, আজি বিধানসভাৰ শীতকালীন অধিৱেশনৰ দ্বিতীয় দিনটোৰ কাৰ্যসূচীৰ বহু সময় অযথা বাক্‌-বিতণ্ডাত নষ্ট হয়৷ সদনৰ আৰম্ভণিতে আজি প্ৰশ্নোত্তৰ শিতানত সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা আৰু অখিল গগৈৰ মাজত তুমুল বাক্‌-বিতণ্ডা হয়৷ পৰিস্থিতি এনে হয় যে অধ্যক্ষই অখিল গগৈক মাৰ্চেল লগাই বাহিৰ কৰি দিব লগা হয়৷ এই পৰিস্থিতি শান্ত হৈ সদনৰ কাম আগবঢ়োৱাৰ সময়তে শূন্যকালিন ঘণ্টাত পুনৰ সদনত আন এক অনাহুত পৰিস্থিতিৰ সৃষ্টি হয়৷ চিপিআই[এম]ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে বৰদোৱাৰ উচ্ছেদ সন্দৰ্ভত সদনৰ ৰুল ৫৬ আৰু ৰুল ৮৬ মতে এক সভাস্থগিত প্ৰস্তাৱ উত্থাপন কৰিব বিচাৰে৷ ইয়াকৈ লৈ বিধানসভাৰ অধ্যক্ষ আৰু বিধায়ক তালুকদাৰৰ মাজত যুক্তি-তৰ্ক হয়৷ এই যুক্তি-তৰ্কৰ মাজতে হঠাৎ উত্তেজিত হৈ পৰা মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সদনত চিঞৰি চিঞৰি বিধায়ক মনোৰঞ্জন তালুকদাৰৰ বক্তব্য খণ্ডন কৰাৰ চেষ্টা কৰে৷ পৰিস্থিতি এনে গৈ পায় যে শদিয়াৰ বিধায়ক বলীন চেতিয়াই নিজৰ আসনৰ পৰা উঠি গৈ উত্তেজিত ৰূপজ্যোতি কুৰ্মীক বুজাই-বঢ়াই চকীত বহাই দিয়ে৷ কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থই এনে উত্তপ্ত পৰিস্থিতিৰ মাজতে মাত মাতি কয়– ‘এয়া বিধানসভাৰ অধিৱেশন চলিছে নে বজাৰ বহিছে৷’ সদনৰ মজিয়াত শাসক-বিৰোধী বিধায়কৰ এনে কৰ্ম-কাণ্ডত অতিষ্ঠ হৈ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে হঠাৎ এনেদৰে চাঞ্চল্যকৰ মন্তব্য কৰিলে– ‘ময়ো মেৰিটৰিয়াছ ষ্টুডেণ্ট নহয়৷ ময়ো আইন নাজানো৷ আইন শিকিবলৈ চেষ্টা কৰি আছোঁ৷ মোক যি দায়িত্ব দিছে চলাই আছো যেনে তেনে৷’ লগে লগে সদনত হাঁহিৰ ৰোল উঠে৷