Logo
image

শোকাৱহ : ছিকিমত পথ দুৰ্ঘটনাত ১৬ জন সেনা জোৱান নিহত

ডিজিটেল ডেস্ক : ছিকিমত সংঘটিত হোৱা ভয়ংকৰ পথ দুৰ্ঘটনাই সমগ্ৰ দেশতে শোকৰ ছাঁ পেলাইছে৷ শুকুৰবাৰে উত্তৰ ছিকিমৰ জেমাত সেনাৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হয়৷ ভাৰতীয় সেনাৰ এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে। এই দুৰ্ঘটনাত ১৬ জনকৈ সেনা জোৱান নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় চাৰিগৰাকী জোৱান৷

পুৱা চতনৰ পৰা সেনাৰ তিনিখন বাহনৰ কনভয় থাংগুলৈ ৰাওনা হৈছিল। কিন্তু দুৰ্ভাগ্যবশত: জেমা পোৱাৰ পিছতে হঠাৎ এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই দ' খাৱৈত বাগৰি পৰে৷ এই দুৰ্ঘটনাৰ পিছতে সেনাই তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰি আহত চাৰিজন জোৱানক হেলিকপ্তাৰেৰে চিকিৎসালয়লৈ নিয়া হয়। এই দুৰ্ঘটনাত তিনিজন কনিষ্ঠ কমিচন অফিচাৰৰ লগতে ১৩জন জোৱান নিহত হয়।

এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। তেওঁ কয় যে উত্তৰ ছিকিমত সংঘটিত এক পথ দুৰ্ঘটনাত ভাৰতীয় সেনাৰ জোৱানসকলৰ প্ৰাণ হেৰুওৱাৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছো। তেওঁলোকৰ সেৱা আৰু প্ৰতিশ্ৰুতিৰ বাবে দেশ চিৰ কৃতজ্ঞ। লগতে আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবেও প্ৰাৰ্থনা জনাই প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে৷