Logo
image

ৰাজ্যবাসীক সতৰ্ক হোৱাৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ : চৰকাৰে ক'ভিডক লৈ ৰাজনীতি কৰিলে প্ৰতিবাদৰ হুংকাৰ অখিলৰ

ডিজিটেল ডেস্ক : আকৌ ঘূৰি আহিছে অতিমাৰী ক'ভিড৷ চীনত ক'ভিডে পুনৰ সংহাৰী ৰূপ লোৱাৰ পিছত ভাৰতত ক'ভিডৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে দেশবাসীক সাৱধানতা অৱলম্বনৰ পৰামৰ্শ দিছে চৰকাৰে৷ দেশবাসীক ৰাজহুৱা স্থানত মাস্ক পৰিধানৰ পৰামৰ্শ দিছে চৰকাৰে৷ আনহাতে অসমতো পুনৰ যাতে ক'ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰিব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰে সতৰ্কতা অৱলম্বন কৰিছে৷

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰে হোৱা কথোপকথনত কয় যে ক'ভিডক লৈ আমি সতৰ্ক হোৱা উচিত৷ কিন্তু ক'ভিডক লৈ আতংকিত হোৱা প্ৰয়োজন নাই বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সাৱধানতা অৱলম্বনৰ মাজেৰে অফিচ, কৃষি, ব্যৱসায় আদি চলাই যাব লাগে৷ 

ইফালে ক'ভিডক লৈ চৰকাৰে ৰাজনীতি কৰিলে প্ৰতিবাদৰ হুংকাৰ দিয়ে বিধায়ক অখিল গগৈয়ে৷ অখিল গগৈয়ে কয় যে ক'ভিডক লৈ যে ৰাজনীতি চলি আছে সেয়া আমি সকলোৱে দেখি আছো৷ ক'ভিডক লৈ বিৰোধীপক্ষক সম্পূৰ্ণৰূপে ঘৰৰ ভিতৰত ৰখাই শাসক দলে কিদৰে পলিটিক্স কৰি আছিলে সেয়াও আমি দেখিছিলো৷

লগতে অখিল গগৈয়ে কয় যে ইয়াৰ আগতে ক'ভিডৰ সময়ত মই জে'লত আছিলো৷ সেই সময়ত কোনোধৰণৰ ভূমিকা ল'ব পৰা নাছিলো৷ কিন্তু এইবাৰ যদি চৰকাৰে ক'ভিডক লৈ দুই নম্বৰী ৰাজনীতি কৰাৰ চেষ্টা কৰিলে আমি প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তুলিম৷