Logo
image

আজি ঘোষণা হ’ব সাহিত্য সভাৰ নতুন সভাপতি-প্ৰধান সম্পাদক

ডিজিটেল ডেস্ক, ২৪ ডিচেম্বৰ: আজি ভাগ্য নিৰ্ণয় হ’ব অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি, প্ৰধান সম্পাদকৰ প্ৰাৰ্থীৰ৷ কাইলৈ নলবাৰীত অনুষ্ঠিতব্য অসম সাহিত্য সভাৰ সপ্তম পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাৰ নলবাৰী অধিৱেশনত বহু আকাংক্ষিত অসম সাহিত্য সভাৰ ২০২৩-২৫ কাৰ্যবৰ্ষৰ সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ নিৰ্বাচনী ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব৷ নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত আয়োজিত এই অধিৱেশনৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠা বুলি জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই জানিবলৈ দিছে৷ জিলা সম্পাদকজনে জানিবলৈ দিয়া মতে, কাইলৈ পুৱা ৮.৪৫ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰি অধিৱেশনৰ শুভাৰম্ভ কৰিব সভাপতি ড॰ কুলধৰ শইকীয়াই৷ ইয়াৰ পাছত স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব৷ দিনৰ দহ বজাত ড॰ কুলধৰ শইকীয়াৰ পৌৰোহিত্যত হ’বলগীয়া অনুষ্ঠানত অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱী প্ৰমুখ্যে বহুকেইজন গণ্যমান্য লোকে ভাগ ল’ব৷ অসম সাহিত্য সভাৰ বহু আকাংক্ষিত ২০২৩-২৫ কাৰ্যবৰ্ষৰ সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ নিৰ্বাচনী ফলাফলো আনুষ্ঠানিকভাৱে এই সভাতে ঘোষণা কৰা হ’ব৷ ইতিমধ্যে এই নিৰ্বাচনৰ ভোটদানপৰ্ব সম্পূৰ্ণ হোৱাৰ পাছত গুৱাহাটীৰ মেঘদূত ভৱনত ৰখা বেলট বাকচ পুৱা ৮ বজাত সম্পূৰ্ণ নিৰাপত্তাৰে নলবাৰী জিলা পুথিভঁৰাললৈ আনি সমান্তৰালভাৱে ভোটগণনাও কৰা হ’ব৷ উল্লেখ্য যে, ৰাজ্যখনৰ জিলা শাখা সভাসমূহৰ লগতে মুম্বাই সাহিত্য সভা, গগণা শাখা সাহিত্য সভা, ক’হিমা শাখা সাহিত্য সভা, কামেং শাখা সাহিত্য সভা, পাচিঘাট শাখা সাহিত্য সভা, শ্বিলং শাখা সাহিত্য সভা, কলকাতা শাখা সাহিত্য সভা, নতুন দিল্লী শাখা সাহিত্য সভা, আহমেদাবাদ শাখা সাহিত্য সভা, উত্তৰ আমেৰিকা শাখা সাহিত্য সভা, ইংলেণ্ড শাখা সাহিত্য সভা আৰু নাৰায়ণপুৰ অধিৱেশনৰ আদৰণি সমিতিসহ মুঠ ৭৮৪টা ভোটৰ মাজত হোৱা নিৰ্বাচনৰ ফলাফল কাইলৈ সন্ধিয়া সময়ত আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ সম্ভাৱনা আছে৷  জনা মতে, কাইলৈ দিনৰ ১১ বজাৰ পৰা আৰম্ভ হ’ব ভোটগণনা প্ৰক্ৰিয়া৷ উল্লেখ্য যে, অসম সাহিত্য সভাৰ আগন্তুক ২০২৩-২৫ কাৰ্যবৰ্ষৰ বাবে এইবেলি সভাপতি পদত য়েছে দৰজে ঠংছি, সূৰ্য হাজৰিকা, নাহেন্দ্ৰ পাদুন, প্ৰহ্লাদ চন্দ্ৰ তাছা, জগদীশ পাটগিৰী আৰু ৰোমান শৰ্মাই প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ বিপৰীতে উপ-সভাপতি পদত প্ৰাৰ্থী ধীৰেন শৰ্মা, গিৰীশ সন্দিকৈ, বসন্ত কুমাৰ শৰ্মা, পৱিত্ৰ বৰবৰা, গোবিন্দ তালুকদাৰ আৰু গণেশ চন্দ্ৰ নাথে প্ৰাৰ্থিত্ব আগবঢ়াইছে৷ আনহাতে, সাহিত্য সভাৰ অন্যতম গুৰুত্বপূৰ্ণ প্ৰধান সম্পাদক পদত যাদৱ চন্দ্ৰ শৰ্মা, উপেন্দ্ৰজিৎ শৰ্মা, অনুপ কুমাৰ বৰঠাকুৰ, দেৱজিৎ বৰা আৰু ৰমানন্দন বৰাই আগবঢ়াইছে প্ৰাৰ্থিত্ব৷ কাইলৈ এই প্ৰাৰ্থীসকলৰ ভৱিষ্যৎ নিৰ্ণয় হ’ব৷ ইফালে, অসম সাহিত্য সভাৰ ভৱিষ্যতৰ নতুন দিক্‌নিৰ্ণয় কৰিবলগীয়া উক্ত অধিৱেশনত সাহিত্য সভাৰ সাংবিধানিক আৰু উন্নয়ন বিষয়ৰ আলোচনা কৰা হ’ব বুলিও জনা গৈছে৷ এই অধিৱেশনতে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত ৩১ জানুৱাৰীৰ পৰা হ’বলগীয়া অসম সাহিত্য সভাৰ পূৰ্ণাংগ অধিৱেশনৰ বহু গুৰুত্বপূৰ্ণ বিষয়েও আলোচনা কৰা হ’ব৷ উল্লেখ্য যে, কাইলৈৰ নলবাৰী অধিৱেশন উপলক্ষে ইতিমধ্যে তিনিচুকীয়া, হোজাই, ধেমাাজি আদি জিলাৰ পৰা প্ৰতিনিধি কিম্বা বিষয়ববীয়া আহি নলবাৰীত উপস্থিত হৈছে৷ ইফালে, অসম সাহিত্য সভাৰ ঊধবৰ্তন কতৃৰ্পক্ষই বাৰে বাৰে প্ৰতিশ্ৰুতি দিও পাঁচ মাহ ধৰি দৰমহা আদায় নিদিয়াৰ প্ৰতিবাদত আন্দোলনৰত অসম সাহিত্য সভাৰ কৰ্মচাৰীসকলৰ উমৈহতীয়া সংগঠন অসম সাহিত্য সভাৰ কৰ্মচাৰী কল্যাণ সমিতিয়ে শনিবাৰে নলবাৰী নাট্যমন্দিৰত অনুষ্ঠিত হ’বলগীয়া অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ অধিৱেশন বৰ্জন কৰাৰ কথা ঘোষণা কৰিছে৷ কৰ্মচাৰীসকলৰ আন্দোলনৰ ফলত ইতিমধ্যে যোৰহাটৰ কেন্দ্ৰীয় কাৰ্যালয় আৰু গুৱাহাটীৰ প্ৰশাসনীয় কাৰ্যালয়ৰ উপৰি দহটা আঞ্চলিক কাৰ্যালয় ইতিমধ্যে তলাবন্ধ কৰি ৰখা হৈছে৷