Logo
image

মুক্ৰ হিংসাক লৈ বিধানসভাত মুখ্যমন্ত্ৰীৰ ডাঙৰ বক্তব্য, আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰিছিল

 ডিজিটেল ডেস্ক, ২৪ ডিচেম্বৰ: অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে বিধানসভাত কয় যে নৱেম্বৰ মাহত মেঘালয়ৰ সীমান্তৰ মুক্ৰ’হত আৰক্ষীয়ে গুলীচালনা কৰাটো আত্মৰক্ষা আৰু চৰকাৰী সম্পত্তিৰ সুৰক্ষাৰ বাবে কৰা কাৰ্য।

যোৱা ২২ নৱেম্বৰত সংঘটিত হোৱা এই ঘটনাত ৫ জন মেঘালয় বাসিন্দা আৰু অসমৰ এজন বনৰক্ষীকে ধৰি ৬ জন লোকৰ মৃত্যু হৈছিল।

বিধানসভাত সোধা প্ৰশ্নৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাই কয় যে, 'চুবুৰীয়া ৰাজ্য মেঘালয়ৰ লোকে অসমৰ নিৰাপত্তাৰক্ষীক ঘেৰি ধৰি আক্ৰমণ কৰে। ধৃত তিনিজন কাঠ সৰবৰাহকাৰীক মুকলি কৰি দিবলৈ দাবী জনাইছিল, তাৰ পিছতে আৰক্ষীয়ে আত্মৰক্ষাৰ বাবে গুলীচালনা কৰিবলগীয়া হৈছিল।'

বিধানসভাত অসমৰ মুখ্যমন্ত্ৰীয়ে কয় যে মেঘালয়ৰ পৰা অহা দুস্কৃতিকাৰীয়ে প্ৰায়ে আন্তঃৰাজ্যিক সীমান্তত আইন-শৃংখলাক প্ৰত্যাহ্বান জনাই নিৰীহ লোকৰ জীৱন-সম্পত্তি বিপন্ন কৰি আহিছে। অৱশ্যে শৰ্মাই কয় যে অসম আৰক্ষীয়ে অঞ্চলটোত কঠোৰ সতৰ্কতা অব্যাহত ৰাখিছে। 

মুখ্যমন্ত্রীয়ে লগতে কয় যে মেঘালয়ৰ সৈতে থকা অসমৰ সকলো আন্তঃৰাজ্যিক সীমান্তত শান্তি বজাই ৰাখিবলৈ সক্রিয় পদক্ষেপ লোৱা হৈছে৷